ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/জানুৱাৰী-২০১৯/সম্পাদকীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদকীয়

নমস্কাৰ সতীৰ্থবৃন্দ। বহুদিনৰ বিৰতিৰ পাছত সকলোৱে মিলি আমাৰ বাৰ্তাপখিলী পুনৰাই আৰম্ভ কৰাত নথৈ আনন্দিত হৈছোঁ। এই পৃষ্ঠাৰ নামৰ ৱিকিপিডিয়া প্ৰচাৰপ্ৰত্ৰিকা যদিও ইয়াত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পৰ সকলোবোৰ দিশেই সামৰি লোৱা হয়। ৱিকিউৎসৰ বাবেও আমি এই পৃষ্ঠাতে আমাৰ অগ্ৰগতি আৰু কৰিবলগীয়াখিনি লিপিবদ্ধ কৰিম।

যোৱা মাহত CIS-A2Kৰ উদ্যোগত কলকাতাত অনুষ্ঠিত ভাৰতীয় ৱিকিউৎসসমূহৰ এখন সভাত অংশগ্ৰহণ কৰিছিলোঁ। আন ভাষাৰ ৱিকিমিডিয়ানসকলৰ লগত বাৰ্তালাপ কৰি যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিলেও পৰিসংখ্যাৰ ফালৰ পৰা আমাৰ দীনতা চকুত নপৰাকৈ নাথাকিল। আৰু কেইবামাহৰ কামৰ বাবে আমাৰ হাতত সমল আছে কিন্তু প্ৰুফৰিডিঙকে ধৰি আন কামবোৰ আগুৱাই নিবলৈ আমাৰ স্বেচ্ছসেৱকৰ সংখ্যা দুখলগাকৈ কম। অসমীয়া ৱিকিপিডিয়া প্ৰকল্পৰ গতি দুৰ্বাৰ নহ'লেও স্থবিৰ নহয়। একে কথা ৱিকিউৎসৰ বাবে ক'ব নোৱাৰি। এবাৰত কেৱল এজন স্বেচ্ছাসেৱকেহে ইয়ালৈ বৰঙণি আগবঢ়ায় আৰু কেতিয়াবা দুই-তিনিমাহ সম্পাদনাৰ সংখ্যা হৈ পৰে শূন্য। মানি লৈছোঁ আমি ব্যস্ত। ৱিকিমিডিয়া প্ৰকল্পসমূহ আমাৰ জীৱন-নিৰ্বাহৰ উপায় নহয়। কিন্তু অসমৰ বাবে, অসমীয়া ভাষাৰ বাবে জীৱনৰ কিছু সময় দিম বুলি ভাবিলে আলিৰ মূৰৰ আড্ডাতকৈ ৱিকিপিডিয়া আৰু ৱিকিউৎস প্ৰকল্পলৈ বৰঙণিয়ে অধিক ফল দিব। সকলোৱে সপ্তাহত দুঘণ্টালৈ সময় উলিয়াব পাৰিলেও আমাৰ এই কামবোৰে অপ্ৰতিৰোধ্য গতি লাভ কৰিব। এই গতিয়েই জাতিৰ প্ৰতি আমাৰ চিন্তাক পূৰ্ণতা দিব আৰু এই পূৰ্ণতাই বৰ্তমান বা ভৱিষ্যত প্ৰজন্মৰ বাবে এক বিনামূলীয়া, মুক্ত জ্ঞানৰ আকৰৰ দুৱাৰ মুকলি কৰিব।

সভাখনৰ কথালৈ আহোঁ। দুদিনীয়া সভা আৰম্ভ হোৱা আগদিনা গধূলিতে সকলো ভাষাৰ স্বেচ্ছাসেৱকসকল (১৪ জন) গোট খাই ৱিকিউৎসত তেওঁলোকৰ অভিজ্ঞতা আৰু সভাখনৰ পৰা প্ৰত্যাশা ব্যক্ত কৰে। আনুষ্ঠানিক সভাৰ প্ৰথম দিনা CIS-ৰ কৰ্মকৰ্তা জয়ন্ত নাথে উদ্দেশ্য ব্যাখ্যাৰ পাছত ভাৰতীয় ভাষাৰ ৱিকিউৎসসমূহৰ পৰিসংখ্যা দাঙি ধৰে। ইয়াৰ পাছত বাংলা ৱিকিমিডিয়ান বোধিসত্ত্ব মণ্ডলে ৱিকিউৎসত ব্যৱহাৰ কৰিব পৰা নানা সঁজুলিৰ চমু পৰিচয় দিয়ে আৰু সকলোৱে সেইবোৰ হাতে-কামে কৰি চায়। পাছবেলালৈ বাংলা ৱিকিমিডিয়ান ডা° হৃষীকেশ বেনাৰ্জীয়ে ফাইল ডাউনল'ড, পিডিএফ সম্পাদনা আৰু আন উচ্চস্তৰীয় সম্পাদনাৰ বিৱৰণ দিয়ে। এইখিনিতে বাংলা ৱিকিমিডিয়ানসকলে ৱিকিউৎসৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা এটা সুন্দৰ চুটি ভিডিঅ' সকলোৱে উপভোগ কৰে আৰু নিজ নিজ ভাষাত ছাব্‌টাইটল লিখি উলিয়ায়। দ্বিতীয় দিনা পুৱা অভিযান্ত্ৰিক ছাত্ৰ জয়প্ৰকাশে Indic-TechCom নামেৰে ভাৰতীয় ৱিকিমিডিয়া প্ৰকল্পবোৰৰ কাৰিকৰী সমস্যা আঁতৰ কৰিবৰ বাবে তেওঁলোকৰ কাম-কাজৰ পৰিচয় দাঙি ধৰে। ইয়াৰ পাছত ৱিকিমিডিয়ানসকল কেইবাটাও গোটত ভাগ হৈ নিজ নিজ প্ৰকল্পক আগুৱাই নিবলৈ কি কি কৰিব পাৰি সেই বিষয়ে মত বিনিময় কৰে। মাৰাঠী স্বেচ্ছাসেৱক সুবোধ কুলকাৰ্ণীয়ে পুথিভঁৰাল আৰু লেখকৰ পৰা তেওঁলোকে গ্ৰন্থ ৱিকিউৎসত অন্তৰ্ভুক্ত কৰাৰ অনুমতি লাভ কৰাৰ সম্পৰ্কে এক সুন্দৰ ব্যক্তব্য আগবঢ়ায়।

সভাখনলৈ যোৱাৰ আগতেই উপলব্ধি কৰিছিলোঁ যে কৰিবলগীয়া কাম বহুত আছে। সময়ে সময়ে আমাৰ আনুষ্ঠানিক ৱিকিচ'ৰা, ফেইচবুক গোট, ফেইচবুক পৃষ্ঠা, টুইটাৰ আদিত সেয়া কৈ যাম। ছ'চিয়েল মিডিয়াৰ পৃষ্ঠাবোৰ অনুসৰণ কৰিবলৈ নাপাহৰিব আৰু ফেইচবুক গোটত আপোনাৰ কিবা প্ৰশ্ন থাকিলে সুধিব। আজিলৈ আহোঁ! — গীতাৰ্থ বৰদলৈ (talk)

Indic Wikisource Community Consultation 2018 DSC04482
Indic Wikisource Community Consultation 2018 DSC04482