ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/মে'-২০১৭/দিলীপ কুমাৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰদ্ধাৰ্ঘ্য: ড°দিলীপ কুমাৰ বৰুৱা

ড° দিলীপ কুমাৰ বৰুৱা (১৯৪৪- ২৮ এপ্ৰিল, ২০১৭) অসমৰ এজন শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়।

দৰং জিলাৰ ছিপাঝাৰত জন্মগ্ৰহণ কৰা বৰুৱাৰ পিতৃ-মাতৃ আছিল সত্যনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱা। পিতৃ চাকৰিসূত্ৰে ছিলঙলৈ বদলি হোৱাত বৰুৱাই শৈশৱকাল তাতে পাৰ কৰে। ১৯৫৭ চনত ছিলঙৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হৈ তেখেতে ছেইণ্ট এন্থনীজ কলেজৰ কলা শাখাত নামভৰ্তি কৰে। ১৯৫৯ চনত তেখেতে কটন কলেজৰ অৰ্থনীতিৰ স্নাতক শাখাত নাম লগায়। তাৰ পৰা উত্তীৰ্ণ হৈ তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ শিক্ষা লাভ কৰে।

শিক্ষাজীৱন সাং কৰি ১৯৬৬ চনত তেখেতে কটন কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে আৰু ১৯৮৯ চনলৈকে ইয়াত কাম কৰে। তাৰ পাছত তেখেতে খানাপাৰা, গুৱাহাটীৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত যুটীয়া সঞ্চালকৰূপে যোগদান কৰে। ১৯৯২ চনত তেখেত পুনৰ কটন কলেজলৈ ঘূৰি যায়। ২০০০ চনত এই মহাবিদ্যালয়ৰ অধ্যক্ষ পদ লাভ কৰি তেখেতে ২০০১ চনত হাফলং মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত ২০০৯ চনলৈকে অতিথি অধ্যাপক হিছাপে কাৰ্যনিৰ্বাহ কৰে। তেখেত দ্বিতীয় অসম ৰাজ্যিক বিত্তীয় আয়োগ আৰু সপ্তম দৰমহা আয়োগৰো সদস্য আছিল।

দিলীপ কুমাৰ বৰুৱাই ১৯৬৭ চনত কটন মহাবিদ্যালয়ত অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কুইজ প্ৰতিযোগিতা পাতি পৰিচালনা কৰে। ১৯৮৫ চনত তেখেতে দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত অসমৰ টেলিভিজন জগতত কুইজ প্ৰতিযোগিতাৰ সূত্ৰপাত ঘটায়। উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰৰ পাঠ্যপুথিৰ লগতে তেখেতে কেইবাখনো কুইজৰ কিতাপো লিখিছে।

৭৩ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে মৃত্যুবৰণ কৰে।