ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/মে’, ২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিল্পৰমম ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা-কৃষ্টিৰ গাঁও। পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়। ভাৰতৰ প্ৰযুক্তিৰ চহৰত ৬৫ একৰ (২৬০,০০০ মিটাৰ বৰ্গফুট) মাটিত বিস্তৃত শিল্পৰমমে পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক দৃশ্যমান পৰিৱেশ প্ৰদান কৰে। ভাৰতীয় কলা-কৃষ্টিৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে তথা শিপিনীসকলক প্ৰেৰণা যোগাবৰ বাবে ৰাজ্য চৰকাৰে এই মঞ্চ প্ৰতিষ্ঠা কৰিছিল।

আলোকচিত্ৰ শিল্পী: ঈশান জ্যোতি বৰা
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...