ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফুলন দেৱী (ইংৰাজী: Phoolan Devi, হিন্দী: फूलन देवी) প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় লোকসভাৰ এগৰাকী সাংসদ আছিল; যাৰ জনপ্ৰিয় নাম আছিল দস্যু ৰাণী ফুলন দেৱী। তেওঁ একাধিকবাৰ পুৰুষৰ নিষ্ঠুৰতাৰ বলি হৈছিল। আৰক্ষীৰ ওচৰলৈ গৈয়ো তেওঁ ন্যায় পোৱা নাছিল; যাৰ বাবে তেওঁ ডকাইতৰ জীৱন আঁকোৱালী লৈছিল। উত্তৰ প্ৰদেশৰ বেহমাই গাঁওৰ কেইজনমান ঠাকুৰে ফুলনক ২৩ দিন ধৰি ধৰ্ষণ কৰিছিল। ১৯৮১ চনত সেই গাঁওৰ ২২ জন ঠাকুৰক হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডৰ বাবে ফুলন দেৱীক অভিযুক্ত কৰা হৈছিল। বেছি ভাগ অপৰাধ তেওঁ নিপিড়িত মহিলাসকলক, বিশেষকৈ নিম্ন বৰ্গৰ মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ সংঘটিত কৰিছিল। কুৰি বছৰো নোহোৱা এগৰাকী নিম্নবৰ্গৰ, প্ৰায় নিৰক্ষৰ কিশোৰীয়ে সমগ্ৰ ভাৰতত আলোড়নৰ সৃষ্টি কৰিছিল। পাছলৈ তেওঁ আত্ম-সমৰ্পন কৰিছিল আৰু ভাৰতৰ ৰাজনীতিত যোগদান কৰিছিল। ভাৰতবৰ্ষৰ অন্তৰ্গত উত্তৰ প্ৰদেশৰ জালৌন জিলাৰ অন্তৰ্গত 'ঘোৰা কা পুৰৱা' গাঁওত মাল্লা সম্প্ৰদায়ত ফুলন দেৱীৰ জন্ম হৈছিল। মাল্লা সম্প্ৰদায়ক নিম্ন বৰ্ণৰ বুলি গণ্য কৰা হয়। ফুলন আছিল দেৱীদিন আৰু মুলাৰ দ্বিতীয় সন্তান। ফুলনৰ দেউতাকৰ এক একৰৰ এখন নিমৰ বাগিছা আছিল। দেউতাকৰ আশা আছিল, এই মূল্যবান গছবোৰ বেছি জীয়েকহঁতৰ বাবে যৌতুকৰ ধন গোটাব। ফুলনৰ এঘাৰ বছৰ বয়স হওঁতে ককাদেউতাক ঢুকাই থাকিল আৰু তেওঁৰ বৰদেউতাকে নিজকে ঘৰখনৰ মুৰব্বী বুলি ঘোষণা কৰিলে আৰু প্ৰৱঞ্চনাৰে পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। বৰদেউতাকৰ মায়াদিন নামৰ এজন পুত্ৰ আছিল। সি বাগিছাৰ গছবোৰ কাটি বিক্ৰি কৰিবলৈ ধৰিলে। ফুলনে ইয়াৰ ঘোৰ বিৰোধ কৰিলে। ৰাজহুৱাকৈ মায়াদিনক চোৰ বুলি নিন্দা কৰিলে আৰু বায়েকৰ সৈতে ফুলনে সেই মাটিত বহি থাকি প্ৰতিবাদ সাব্যস্ত কৰিলে। হিংসাৰ আশ্ৰয় লৈয়ো মায়াদিনে ফুলনক সেও মনাব নোৱাৰিলে। অৱশেষত সম্পৰ্কীয় ভায়েকজনে পুট্টিলাল নামৰ এজন ত্ৰিশ বছৰীয়া ব্যক্তিৰ সৈতে ফুলনৰ বিয়াৰ আয়োজন কৰিলে। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ এঘাৰ বছৰ। (সবিশেষ পঢ়ক…)