ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৰিশ-চন্দ্ৰ (ইংৰাজী: Harish-Chandra; ১১ অক্টোবৰ, ১৯২৩ – ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ। তেতিয়াৰে পৰা তেওঁ নামটো সেইধৰণে লিখিবলৈ লয়। তেওঁ 'প্ৰতিনিধিত্ব তত্ত্ব' (representation theory), বিশেষকৈ অৰ্ধসৰল লী সংঘ(semisimple Lie group)ৰ সমঞ্জস বিশ্লেষণ (harmonic analysis)ৰ ওপৰত কাম কৰিছে। তেওঁৰ দেউতাক চন্দ্ৰকিশোৰ আছিল জলসিঞ্চন বিভাগৰ এজন অভিযন্তা। মাতৃৰ নাম চন্দ্ৰাননী। বিয়াৰ আগতে মাকৰ নাম আছিল সত্যগতি শেঠ। প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ ৰুবুল মাউতৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...