ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৩/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান। ইয়াত চন্দ্ৰযান-২ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰ’ভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই।

এই অভিযান হৈছে চন্দ্ৰযান-২ৰ পৰৱৰ্তী পদক্ষেপ, কিয়নো পূৰ্ৱৰ অভিযানত মহাকাশ যানখন সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত ইয়াৰ মৰ্গদৰ্শন চফ্টৱেৰৰ বিসংগতি হোৱাৰ বাবে অৱতৰণ বিফল হৈছিল। এই অৱতৰণ সফল কৰি তুলিবলৈকে এই অভিযানৰ প্ৰস্তাৱ কৰা হৈছিল।

শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰ ৪ৰ পৰা ১৪ জুলাই, ২০২৩ শুক্ৰবাৰে ভাৰতীয় মান সময় মতে দুপৰীয়া ২:৩৫ বজাত চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপন কৰা হয়।চন্দ্ৰত উপনীত হ’বলৈ যি ট্ৰেজেক্টৰী লাগিব, সেই ট্ৰেজেক্টৰীত মহাকাশযানখন ফলপ্ৰসূভাৱে স্থাপন কৰা হৈছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব প্ৰায় ৩ লাখ ৮৪ হাজাৰ ৪০০ কিলোমিটাৰ। চন্দ্ৰযান-৩ অভিযানে ২৩ আগষ্ট বা ২৪ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত মসৃণ অৱতৰণ কৰিব বুলি আশা কৰা হৈছে। চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে জুলাই মাহক বাছি লোৱাৰ এটা বিশেষ কাৰণ হৈছে ইছৰোৱে পৃথিৱী আৰু চন্দ্ৰৰ ঘনিষ্ঠতাৰ সন্দৰ্ভত কৰা এক হিচাপ। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ৰ বিষয়ে ইয়াত পঢ়ক...