ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | আগষ্ট | ২০২৩ | অষ্টম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

সাংবাদিক ৰবীশ কুমাৰৰ এটা কথাই মোক খুব আকৰ্ষণ কৰে। তেওঁ কৈছিল– ‘প্ৰতিখন যুদ্ধত জিকিব লাগিব বুলি কোনো কথা নাই। কিন্তু কোনোবাই যে যুদ্ধ কৰি আছে, এই কথা পৃথিৱীক জনোৱা উচিত। ’ অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ উত্তৰণ আৰু উত্থানৰ দিশটোলৈ লক্ষ্য কৰিলে এই কথাটোৱেই মোক বাৰুকৈয়ে অনুপ্ৰাণিত কৰে। বিশ্বায়নৰ ধামখুমীয়াত য’ত প্ৰতিটো মুহূৰ্ততে ব্যক্তি উত্তৰণৰ একক প্ৰচেষ্টাই সমাজ ব্যৱস্থাত অগ্ৰাধিকাৰ লাভ কৰিছে, তেনে সন্ধিক্ষণতো একাংশ নিস্বাৰ্থ ভাষাপ্ৰেমীয়ে নিজৰ কৰ্মৰ মাজতে সময় উলিয়াই ভাষাটোৰ হকে, জাতিটোৰ হকে স্বেচ্চাসেৱকভাৱে কাম কৰি আছে। এটা জাতিৰ ভৱিষ্যত নিৰ্মাণৰ বাবে এয়া একপ্ৰকাৰৰ বৌদ্ধিক যুদ্ধক্ষেত্ৰই। এইখন যুদ্ধৰ কথা অসমৰ মানুহে জনাটো উচিত।

ৱিকিমিডিয়া প্ৰকল্পসমূহৰ সৈতে জড়িত হোৱাৰ সুবিধা লাভ কৰিছিলোঁ ২০১৮ চনৰপৰা। তেতিয়াৰেপৰা কম-বেচি পৰিমাণে ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিকিমন্স প্ৰকল্পসমূহত কাম কৰিবলৈ চেষ্টা কৰি আহিছোঁ। ৱিকি প্ৰকল্পসমূহত কাম কৰাৰ সুবাদতেই ২০২৩ বৰ্ষত হায়দৰাবাদত অনুষ্ঠিত ৱিকিসন্মিলনত অংশ গ্ৰহণ কৰিবলৈ সাহস গোটাইছিলোঁ আৰু নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰ কৰিছিলোঁ। আশা কৰিছিলোঁ যদি যাবলৈ সুবিধা পাওঁ, তেন্তে জীৱনত বৰ ভাল অভিজ্ঞতা এটাৰ সঞ্চয় হ’ব। আশা কৰা মতেই অৱশেষত সন্মিলনত অংশ ল’বলৈ নিৰ্বাচিত হ’লোঁ। মনৰ উৎসাহ দুগুণ বৃদ্ধি পালে। সন্মিলনত মই ‘অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ প্ৰচাৰত ৱিকিপিডিয়ানসকলৰ ভূমিকা’ শীৰ্ষক এটা প্ৰেজেনটেশ্যনদিয়াৰ বাবেও আবেদন কৰিছিলোঁ আৰু যথাসময়ত কাৰ্যকৰ্তাসকলৰপৰা সেই বক্তৃতাটো দিবলৈয়ো নিৰ্বাচিত হৈছোঁ বুলি ইমেইল লাভ কৰিলোঁ।

সন্মিলনৰ কাৰ্যকৰ্তাসকলৰ সুপৰিকল্পনাত সন্মিলনৰ তিনিওটা দিনেই সুকলমে পাৰ হৈছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৱিকিপিডিয়ানসকলৰ সৈতে আমি উৎসাহজনকভাৱে আলাপ-আলোচনা কৰিছিলোঁ, কাৰ্যসূচীসমূহত অংশ লৈছিলোঁ। বহুকেইখন ৰাজ্যত চলি থকা ৱিকি প্ৰকল্পসমূহৰ ভিতৰচ’ৰাৰ কথা জানিব পাৰিছিলোঁ। ৱিকিমিডিয়া ফাউণ্ডেশ্বনৰ ব্যক্তিসকলৰপৰা বহুকেইটা নতুন বিষয় শিকিবলৈ সুবিধা পালোঁ। সন্মিলনত প্ৰথমদিনাই মোৰ প্ৰেজেনটেশ্যন দিয়াৰ পাল পৰিছিল। মোৰ বাবে কৌতূহল আৰু প্ৰত্যাহ্বানৰ কথা যে মই ইংৰাজীত এয়াই প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ প্ৰেজেনটেশ্যন প্ৰস্তুত কৰি ইমানবোৰ মানুহৰ সন্মুখত কৈছোঁ। অসমীয়া বিভাগৰ ছাত্ৰ হোৱা হেতুকে আৰু ইংৰাজী সলসলীয়াকৈ ক’ব নজনাৰ বাবে দুই এঠাইত শব্দৰ ভুল উচ্চাৰণ হৈছিল সম্ভৱ! কিন্তু মই ভয় কৰা নাই। নক’লে শিকিম কেনেকৈ, এই ভাৱতে ইংৰাজীত ক’বলৈ সাহস গোটাইছিলো।

এই সন্মিলনত থাকি শিকিবলৈ পালোঁ এটা অনুষ্ঠান সুকলমে চলাবলৈ কাৰ্যকৰ্তাসকলে কেনেদৰে সুপৰিকল্পিতভাৱে আঁচনি তৈয়াৰ কৰে, কেনেদৰে সময়ৰ সৎব্যৱহাৰ কৰে, কেনেদৰে প্ৰতিজন অংশগ্ৰহণকাৰীৰ প্ৰতি সমদৃষ্টি ৰাখে। কেনেদৰে এজনে আনজনৰ প্ৰতি সহযোগিতা আগবঢ়ায়। সন্মিলনৰ তিনিওটা দিন পঞ্চতাৰকা হোটেলত থাকি আভিজাত্যৰ আদৱ-কায়দা শিকিলোঁ। গাঁৱৰ গঞা গৈ পঞ্চতাৰকা হোটেলত সোমালে যি অৱস্থা হয়, মোৰো তাৰ ব্যতিক্ৰম নাছিল। পৰিৱেশন কৰা শতাধিক খাদ্যৰপৰা কোনটো খাম, কিমান খাম যেন অৱস্থা হৈছিল আমাৰ। সন্মিলনস্থলীত আমি অসমৰপৰা লৈ যোৱা পিঠা-পনাও ‘চুইট টেবুল’ত পৰিৱেশন কৰিছিলোঁ। অসমৰ পিঠা-পনা খায় দুই এজন সদস্যই উৎসাহভৰা মন্তব্য প্ৰদান কৰিছিল। কম সময়ৰ বাবে হাইদৰাবাদৰ নগৰখন চোৱাৰো সুযোগ পাইছিলোঁ। চাৰমিনাৰ চাবলৈ যোৱা অভিজ্ঞতা মনত সজীৱ হৈ থাকিব।

অসমৰপৰা আমি আঠজন সদস্য গৈছিলোঁ। আমাৰ মাজত আনন্দ আৰু নতুন বিষয় শিকাত আগ্ৰহ আছিল অত্যন্ত উৎসাহজনক। শেষৰদিনা ৱিকিমিডিয়া ফাউণ্ডেশ্বনৰ বিদেশী কেইজনমান সদস্যক অসমৰপৰা নিয়া গামোছাৰে আমি সন্মানিত কৰিছিলোঁ। তেওঁলোকে বৰ আগ্ৰহেৰে অসমীয়াৰ আদৰৰ গামোছাকেইখন পাই আনন্দিত হৈছিল আৰু উৎসাহভৰা মন্তব্য প্ৰদান কৰিছিল। সন্মিলনৰ তিনিওটা দিনেই মোৰ মন মননত আজীৱন সজীৱ হৈ থাকিব। এই সন্মিলনত শিকি অহা অভিজ্ঞতাৰে আগন্তুক দিনত পাৰ্যমানে কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। শেহতীয়াভাৱে নিজৰ গৱেষণা কৰ্মত লাগি থকাৰ বাবে মনে বিচৰাধৰণে ৱিকিপ্ৰকল্পসমূহত সময় দিব পৰা নাই। তাৰ বাবে নিজৰ ওচৰতে অপৰাধী যেন লাগিছে। গৱেষণাৰ কৰ্ম সামৰিয়েই পুনৰ ন উদ্যমেৰে কামত লগাৰ প্ৰতিশ্ৰুতি দিছোঁ। Bhaskarjyoti Bhuyan (বাৰ্তা) 14:54, 29 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান। ইয়াত চন্দ্ৰযান-২ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰ’ভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই।

এই অভিযান হৈছে চন্দ্ৰযান-২ৰ পৰৱৰ্তী পদক্ষেপ, কিয়নো পূৰ্ৱৰ অভিযানত মহাকাশ যানখন সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত ইয়াৰ মৰ্গদৰ্শন চফ্টৱেৰৰ বিসংগতি হোৱাৰ বাবে অৱতৰণ বিফল হৈছিল। এই অৱতৰণ সফল কৰি তুলিবলৈকে এই অভিযানৰ প্ৰস্তাৱ কৰা হৈছিল।

শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰ ৪ৰ পৰা ১৪ জুলাই, ২০২৩ শুক্ৰবাৰে ভাৰতীয় মান সময় মতে দুপৰীয়া ২:৩৫ বজাত চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপন কৰা হয়।চন্দ্ৰত উপনীত হ’বলৈ যি ট্ৰেজেক্টৰী লাগিব, সেই ট্ৰেজেক্টৰীত মহাকাশযানখন ফলপ্ৰসূভাৱে স্থাপন কৰা হৈছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব প্ৰায় ৩ লাখ ৮৪ হাজাৰ ৪০০ কিলোমিটাৰ। চন্দ্ৰযান-৩ অভিযানে ২৩ আগষ্ট বা ২৪ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত মসৃণ অৱতৰণ কৰিব বুলি আশা কৰা হৈছে। চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে জুলাই মাহক বাছি লোৱাৰ এটা বিশেষ কাৰণ হৈছে ইছৰোৱে পৃথিৱী আৰু চন্দ্ৰৰ ঘনিষ্ঠতাৰ সন্দৰ্ভত কৰা এক হিচাপ। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুলাই-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৭৫

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. প্লেটো

গ্ৰন্থ বিষয়ক

  1. ‎প্যাৰাডক্সিক্যাল ছাজিদ

অন্যান্য

  1. ‎চাট মছলা
  2. অৰিহন্ত (জৈন ধৰ্ম)
  3. মস্তবাত আল-ফেৰাউন

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. উত্তম কুমাৰ
  2. পন্নালাল পেটেল
  3. বীৰেন্দ্ৰনাথ চৰকাৰ
  4. ‎পংকজ মল্লিক
  5. উমাশংকৰ যোশী
  6. পৃথ্বীৰাজ কাপুৰ
  7. বি এন ৰেড্ডী
  8. ধীৰেন্দ্ৰ নাথ গাংগুলী
  9. নিতিন বসু

ভাষা বিষয়ক

  1. ‎নাগপুৰী ভাষা
  2. কুৰ্মালী ভাষা
  3. বুক্সা ভাষা
  4. মাঝী ভাষা
  5. মুসাসা ভাষা
  6. কুমালী ভাষা
  7. ‎কিশ্তৱাড়ী ভাষা
  8. শ্বিনা ভাষা
  9. ‎ব্ৰক্সকাট ভাষা
  10. কুণ্ডল শ্বাহী ভাষা
  11. কলকোটি ভাষা
  12. উশ্ব'জি ভাষা
  13. পালুলা ভাষা
  14. ছাৱী ভাষা
  15. পাশ্বায়ী ভাষা
  16. দামেলী ভাষা
  17. নঙলামী ভাষা
  18. শুমশ্তী ভাষা
  19. গৱাৰ-বাতী ভাষা

অন্যান্য

  1. ভাৰতৰ সংৰক্ষণ ব্যৱস্থা
  2. হিন্দী বিৰোধী আন্দোলন
  3. দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল আঁচনি
  4. কোচবিহাৰ ৰাজপ্ৰসাদ
  5. পাৰিবাৰিক জীৱনৰ অধিকাৰ
  6. চন্দ্ৰযান-৩
  7. মণিপুৰ উচ্চ ন্যায়ালয়
  8. ‎কুকি জনগোষ্ঠী
  9. মেইতেই জনগোষ্ঠী

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. জিন্তু গীতাৰ্থ
  2. বিশ্বজিৎ বৰা
  3. ‎প্ৰদান বৰুৱা
  4. তৰংগ গগৈ
  5. প্ৰসন্ন কলিতা
  6. নীলোৎপল বৰুৱা
  7. ৰথীন্দ্ৰ নাথ গোস্বামী

গ্ৰন্থ বিষয়ক

  1. ‎সৰ্বসমীক্ষা তত্ত্ব (গ্ৰন্থ)‎
  2. লেখক-সাংবাদিকৰ গাইড

অন্যান্য

  1. ‎কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়
  2. ‎নলবাৰী চিকিৎসা মহাবিদ্যালয়
  3. ‎ধুবুৰী চিকিৎসা মহাবিদ্যালয়

সানমিহলি

  1. ‎এপেণ্ডিছাইটিছ
  2. ‎পুৰুষ আসক্তি আৰু স্ত্ৰী আসক্তি
  3. ‎কিনছে স্কেল
  4. ‎খ্ৰীষ্টৰ বিধান
  5. ‎আন-নামল
  6. জলফাই
  7. ‎জিন
  8. মৰ্য্যদা
  9. ই-কমাৰ্চ
  10. ডিজিটেল মুদ্ৰা
  11. আল-কাছাছ
  12. ‎আৰ-ৰুম
  13. আছ-ছাজদা
  14. শ্বানে নুজুল
  15. ওহী
  16. আল-আহজাব
  17. ৰুব আল-হিজাব
  18. মুহাম্মাদৰ প্ৰথম প্ৰকাশ
  19. ‎শাবা (ছূৰা)
  20. কোৰআনৰ ইতিহাস
  21. ফাতিৰ
  22. লুকমান (ছূৰা)
  23. আশ-শু’আৰা
  24. আল-আনকাবুত
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
চেথোচিয়া চাইন ড্ৰুৰী (১৭৭৩)- উদ্ভিদৰ আকৰ্ষত লিঅ'পাৰ্ড লেচউইঙৰ কণী। স্থান:বকো,অসম
চিত্ৰ শিল্পী: দীপাঞ্জলি বিশ্বাস
উল্লেখনীয় ৱিকিমিডিয়ান

জ্যোতি চিৰিং: ২০২২ চনৰ জুন মাহৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী উৎসাহী আৰু দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৮৩৫ টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিউৎসত তেওঁ ভালেসংখ্যক গ্ৰন্থৰ মুদ্ৰণ সংশোধন আৰু বৈধকৰণত বিশিষ্ট অৱদান আগবঢ়াইছে। ইয়াৰ উপৰিও তেওঁ ৱিকি উদ্ধৃতিৰ বিভিন্ন প্ৰচেষ্টাতো হাত উজান দি আহিছে। তেওঁৰ এই নিৰৱচ্ছিন্ন অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “ন-সম্পাদকৰ পদক”, “এই মাহৰ ৱিকিমিডিয়ান (জুলাই, ২০২৩)” আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
বাবুল বৈশ্য
ৱিকিউৎসৰ ভোটাতৰা
গীতাৰ্থ বৰদলৈ
সব্যসাচী ৱিকিমিডিয়ান পদক
দিব্য দত্ত,

প্ৰণামিকা অধিকাৰী

ভাষা সচেতক পদক
ঈশান কাশ্যপ হাজৰিকা






বিশেষ অভিলেখ
জুলাই-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  • সদস্য গীতাৰ্থ বৰদলৈয়ে অসমীয়া ৱিকিউৎসত অৰ্ধশতাধিক অসমীয়া গ্ৰন্থ আপল'ড কৰি অভিলেখ গঢ়ে।
  • সদস্যা প্ৰাণজ্যোতি নাথে ৪৫ দিনত তিনিখন কিতাপৰ মুদ্ৰণ সংশোধন সম্পূৰ্ণ কৰি তেওঁৰ প্ৰথমটো ৱিকি প্ৰত্যাহ্বান সম্পূৰ্ণ কৰে।
  • যোৱামাহত সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১১,৯১৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৫১৪ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৪৭৪ টালৈ বৃদ্ধি পালে।
  • জুলাই মাহৰ ৯ তাৰিখে তেজপুৰৰ গ্ৰীন হাবৰ সভ্যসকলক অসমীয়া ৱিকিপিডিয়ান নয়ন জ্যোতি নাথে দ্বিতীয়লানি প্ৰশিক্ষণ প্ৰদান কৰে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(অতি বেছি কথা কোৱা মানুহ কেতিয়াবা নিজে কোৱা কথাৰ দ্বাৰাই বিপদত পৰে, কাৰণ কথা বেছিকৈ কোৱাৰ ফলত ক’ত কি কৈ দিয়ে ধৰিব নোৱাৰে; সৰ্প দংশনৰ বিষ নিৰাময় কৰা বৈদ্যকো কেতিয়াবা অসাৱধানতাৰ বাবে সাপে খুটি মাৰিব পাৰে। তেনেদৰে নিতৌ ভাগৱত পাঠ কৰাজনক পুণ্যাত্মা বুলি ভবা হয় যদিও তেওঁৰ দৈনন্দিন জীৱনত কৰা কামে কেতিয়াবা সাত্তিকতা হেৰুৱায়। ইয়াৰ অৰ্থ সকলো কামত কোনো কামত পাকৈতজনৰো অসাৱধানতাত ভুল হৈ যাব পাৰে। )


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ৭৯ - - ২৫ -
অনামিকা বড়া ৪২ ৩৭৮ - - -
কুলধৰ ৰাভা ৫৯ - ২০৩ -
খিলঞ্জীত ৭৯ - - - -
গীতাৰ্থ বৰদলৈ ২৪ ৩৪০ - ৪৪ -
জ্যোতি চিৰিং ২৫৩ ৬৫ - -
দিব্য দত্ত ৩৭৭ ৮৮ ১৩৮ ৪৭
নয়ন জ্যোতি নাথ ৮৯ - ১৮ ১৭ -
প্ৰণামিকা অধিকাৰী ১৬ ১৯৭ ১৯৭ ৭৮ -
১০ প্ৰাণজ্যোতি নাথ ৫১ ১৩০ - ৪২ -
১১ বাবুল বৈশ্য ২৭২ - - ৬৩১
১২ ৰুমী বৰা ১৯০ - - -
১৩ সৌৰভ সাহা ১১৩ - - - -
১৪ হানিফ আলী ৭১ - -


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: কন্দৰ্পজিৎ কল্লোল, ঈশান জ্যোতি বৰা, চন্দন চিৰিং ফুকন, দীপকজ্যোতি মহন্ত, জলী ৰুমী বৰা, ৰণোজ বৰুৱা

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।