জলফাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জলফাই
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Oxalidales
পৰিয়াল: Elaeocarpaceae
গণ: Elaeocarpus
প্ৰজাতি: E. serratus
বৈজ্ঞানিক নাম
Elaeocarpus serratus
L.
Varieties

Elaeocarpus serratus var. weibelii Zmarzty

সমাৰ্থক[1]
  • Elaeocarpus adenophyllus Wall.
  • Elaeocarpus angustifolius Wight
  • Elaeocarpus barnardii Burkill
  • Elaeocarpus cuneatus Wight
  • Elaeocarpus malabaricus Oken
  • Elaeocarpus monogynus Murray
  • Elaeocarpus perim-kara DC.
  • Elaeocarpus perincara Buch.-Ham.
  • Ganitrus roxburghii Wight
  • Misipus serratus (L.) Raf.
  • Monocera serrata (L.) Turcz.
ফুল
ফুল
জলফাইৰ বীজ
ফল

জলফাই (বৈজ্ঞানিক নাম: Elaeocarpus serratus) হৈছে এলিঅ’কাৰপেচী (Elaeocarpaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদপ্ৰজাতি। এই উদ্ভিদৰ ফুলৰ বৰণ বগা। উদ্ভিদৰ আকাৰ মধ্যমীয়াৰ পৰা ডাঙৰ। জলফাই সাধাৰণতে শ্ৰীলংকা আৰু দক্ষিণ ভাৰত, আৰু ভাৰত উপমহাদেশৰ উত্তৰ অংশৰ অসম, বাংলাদেশ আৰু অন্যান্য কিছুমান অঞ্চলত পোৱা যায়। ইয়াৰ ফল খোৱাৰ উপযোগী। ইয়াৰ উপৰি এই উদ্ভিদ সৌন্দৰ্যবৰ্ধন, ধৰ্মীয় আৰু থলুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

বিৱৰণ[সম্পাদনা কৰক]

জলফাই এবিধ বিস্তৃত মুকুটযুক্ত মধ্যমীয়াৰ পৰা ডাঙৰ চিৰসেউজ উদ্ভিদ আৰু ইয়াৰ উচ্চতা ১৫ৰ পৰা ৬০ মিটাৰ। ফুলৰ বেটুপাত ৪ৰ পৰা ৬ মিলিমিটাৰ দৈৰ্ঘ্যৰ শেঁতা সেউজীয়া বৰণৰ, ৪ৰ পৰা ৫ মিলিমিটাৰ দৈৰ্ঘ্যৰ বগা অথবা শেঁতা সেউজীয়া ৰঙৰ ৫টা পাহি থাকে। সামান্য ক'লা ৰঙৰ পৰাগধানীযুক্ত ১৮-৩০ ডাল পুংকেশৰ থাকে।[2] ফুলবোৰ দিনটোৰ শেষৰ ফালে সম্পূৰ্ণকৈ ফুলি উঠে আৰু সেয়েহে সম্ভৱতঃ ৰাতিহে পৰাগন হয়। ইয়াৰ ফলবোৰ ২.৫ চে.মি. দীঘল, মসৃণ, ডিম্বাকৃতিৰ আৰু সেউজীয়া বৰণৰ।[3] ইয়াৰ ফলৰ ভিতৰত এটা বাদামী বৰণৰ বীজ থাকে। বীজটোৰ বাহিৰৰ খোলাটো কঠিন। বীজবোৰৰ অংকুৰণ লেহেমীয়া আৰু ২ বছৰ পৰ্যন্ত সময় লাগিব পাৰে। কাঠৰ ৰং বগা-হালধীয়া।

বিস্তৃতি[সম্পাদনা কৰক]

জলফাইৰ এই প্ৰজাতিটো বিচ্ছিন্নভাবে বিস্তৃত, ই দক্ষিণ আৰু দক্ষিণ-পশ্চিম ভাৰত আৰু শ্ৰীলংকাৰ এটা অঞ্চলত আৰু অসম, উত্তৰ-পূব ভাৰতৰ পৰা বাংলাদেশলৈকে এটা অঞ্চলত স্থানীয়ভাবে পোৱা উদ্ভিদ।[1] জলফাই শ্ৰীলংকা, ভাৰত (তামিলনাডু, কৰ্ণাটক, কেৰালা, অসম, অৰুণাচল প্ৰদেশ)[4], আৰু বাংলাদেশৰ থলুৱা উদ্ভিদ। ইয়াক ৰিউনিয়ন আৰু মৰিচাছত নতুনকৈ ৰোপন/প্ৰাকৃতিক কৰি তোলা হৈছে।

জলফাইৰ ৱেইবেলি (weibelii) নামৰ প্ৰকাৰটো দক্ষিণ-পশ্চিম ভাৰতৰ কৰ্ণাটক আৰু কেৰালাত স্থানীয়ভাবে পোৱা যায়।[1]

স্থানীয় নাম[সম্পাদনা কৰক]

ইতিহাস[সম্পাদনা কৰক]

আধুনিক জীৱবৈজ্ঞানীক নামকৰণৰ প্ৰতিষ্ঠাপক ছুইডেনৰ কাৰ্ল লিনিয়াছে (১৭০৭-৭৮) ১৭৫৩ চনত তেওঁৰ গ্ৰন্থ স্পীচিজ প্লেণ্টাৰামত (Species Plantarum) এই প্ৰজাতিটোৰ নাম উল্লেখ কৰিছিল। ২০০১ চনত ৱেইবেলি প্ৰকাৰটোৰ নামকৰণ কৰিছিল শ্ৰেণীবিভাজক ছু ঝমাৰ্জটিয়ে (Sue Zmarzty) (জন্ম ১৯৫৯), তেওঁ কিউ বুলেটিন (Kew Bulletin), ৫৬(২), ৪৩৭ পৃষ্ঠাত এই বিষয়ে প্ৰকাশ কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Elaeocarpus serratus L.". Royal Botanic Gardens, KewPlants of the World Online. https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:833955-1। আহৰণ কৰা হৈছে: 11 May 2021. 
  2. Susanti, Ruliyana; Sripanomyom, Siriya. "Role of Calyx Coloration in the Attraction of Pollinators in Elaeocarpus (Elaeocarpaceae)". In Khoo, Min Sheng; Hong-Wa, Cynthia; Harrison, Rhett D.. Proceedings of the Center for Tropical Forest Science – Arnold Arboretum International Field Biology Course 2006. Center for Tropical Forest Science – Arnold Arboretum Asia Program University of Peradeniya Forest Department Sri Lanka. পৃষ্ঠা. 89–91. Archived from the original on 14 July 2023. https://web.archive.org/web/20230714161904/https://www.pfs-tropasia.org/storage/uploads/2012/10/Proceedings.IFBC-2006.pdf#page=97। আহৰণ কৰা হৈছে: 11 May 2021. 
  3. M.F. Macmillan (1989). Handbook of Tropical Plants. পৃষ্ঠা. 560. 
  4. 4.0 4.1 4.2 Baruah, Prantik Sharma; with five others (2019). "Habitat distributionmodelling and reinforcement of Elaeocarpus serratus L. - A threatened tree species of Assam, India for improvement of its conservation status". Acta Ecologica Sinica খণ্ড 39: 42–49. doi:10.1016/j.chnaes.2018.06.002. https://www.researchgate.net/publication/325777612। আহৰণ কৰা হৈছে: 11 May 2021. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 Department of Agriculture, Peradeniya, Sri Lanka, Task Force on Fruits & Fruit Development Board (1997). Tropical Fruits of Sri Lanka. Ministry of Agriculture and Lands, Sri Lanka. পৃষ্ঠা. 29. 
  6. Kar, A.; Borkataki, S.; Borthakur, S. K. (2008). "Wild edible fruits of the Karbi's of Karbi Anglong district of Assam, India". Pleione খণ্ড 2 (2): 175–181. https://www.academia.edu/download/52828685/005_Wild_edible_fruits_of_Karbis_in_Assam.pdf। আহৰণ কৰা হৈছে: 11 May 2021. [সংযোগবিহীন উৎস]
  7. Mabberley, D. J. (1997). The plant-book: a portable dictionary of the vascular plants (2 সম্পাদনা). cited at Taxon: Elaeocarpus serratus L.: GRIN-Global. https://npgsweb.ars-grin.gov/gringlobal/taxon/taxonomydetail?id=14954। আহৰণ কৰা হৈছে: 11 May 2021.