ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
মূলমন্ত্ৰ सर्वे सन्तु निरामयाः
স্থাপিত ৮ আগষ্ট ২০২২
(২০ মাহ আগত)
 (2022-08-08)
ধৰণ চিকিৎসা মহাবিদ্যালয়
অধীক্ষক ডাঃ গুণজিৎ চন্দ্ৰ দাস
অধ্যক্ষ ডাঃ অংকু মণি শইকীয়া[1]
স্নাতক শিক্ষাৰ্থী ১০০
স্থান ৰামকৃষ্ণ মিছন পথ, ধুবুৰী, অসম, ভাৰত
চৌহদ উপ-চহৰাঞ্চল
ভুক্তি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ
ৱেবছাইট www.dhubrimedicalcollege.in

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Dhubri Medical College and Hospital) অসমৰ ধুবুৰী জিলাধুবুৰী চহৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2] ২০২২ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। ধুবুৰী চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[3] মহাবিদ্যালয়খনে ২০২২-২৩ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰে।[4]

ইতিহাস[সম্পাদনা কৰক]

২০১৭ চনৰ ১৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সেই সময়ৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তদানীন্তন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নড্ডায়ে মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰিছিল। ১০৮ বিঘা মাটিত ৫০৯ কোটি টকা ব্যায়েৰে নিৰ্মাণ কৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ হ'ষ্টেল, চিকিৎসা মহাবিদ্যালয়খনত শিক্ষাদান কৰিবলগীয়া মহাবিদ্যালয়, চিকিৎসকসকলৰ আৱাস গৃহ, কেফটেৰিয়া, কেণ্টিনকে ধৰি আছে মুঠ ২৪টাকৈ ভৱন আছে। ২০২২ চনৰ ১৪ অক্টোবৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ পৰা ভাৰ্ছুৱেলী এই চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল।

পাঠ্যক্ৰম[সম্পাদনা কৰক]

২০২২-২৩ শিক্ষাবৰ্ষত মহাবিদ্যালয়খনে ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে।

অৱস্থান[সম্পাদনা কৰক]

ধুবুৰী চিকিৎসা মহাবিদ্যালয় অসমৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰৰৰ ঝাগ্ৰাপাৰত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী ধুবুৰী ৰেল ষ্টেচনৰ পৰা ই ২ কিঃমিঃ আৰু ৰূপসী বিমানবন্দৰৰ পৰা ১৫ কিঃমিঃ নিলগত অৱস্থিত। ধুবুৰী চহৰৰ পৰা মহাবিদ্যালয়লৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।

তথ্য উৎস[সম্পাদনা কৰক]