ছাৱী ভাষা
Sawi | |
---|---|
থলুৱা অঞ্চল | Afghanistan, Pakistan |
স্থানীয় ভাষিক |
9,000 (2021)e25 |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | sdg |
গ্লোটোলগ | savi1242 [1] |
ছাৱী বা ছাউজী[2] এটি লুপ্তপ্ৰায় দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তান আৰু উত্তৰ-পশ্চিম পাকিস্তানত মূলতঃ ব্যৱহাৰ কৰা হয়।[3] এই ভাষাক শ্বিনা ভাষিক গোটৰ অংশ জ্ঞান কৰা হয় দাৰ্দিক ভাষাসমূহৰ মাজত।
এই ভাষা ছাউ গাৱঁত ব্যৱহাৰ কৰা হয়, অৰণ্ডু চহৰৰ দক্ষিণ দিশে প্ৰায় ২০ কিলোমিটাৰ, কুনাৰ নদীৰ পূব দিশে যিয়ে পাকিস্তানৰ চিত্ৰল অঞ্চলৰ সৈতে সীমা ৰাখে।[4] ছাৱী ভাষী লোকে নিজকে গৱাৰ জনগোষ্ঠীৰ অংশ জ্ঞান কৰে, যি সেই গাৱঁৰ উপৰিও ওচৰৰ ছখনমান গাৱঁত থাকে আৰু যাৰ ভাষা সাধাৰণতে গৱাৰবাতী। তেওঁলোকৰ সৈতে কথোপকথন কৰিবলৈ ছাৱী ভাষী লোকে সাধাৰণতে পশ্তো ভাষা ব্যৱহাৰ কৰে বুলি পোৱা গৈছে।[5] আফগাতিস্তানত দেখা দিয়া দীঘলীয়া ৰাজনৈতিক অশান্তিৰ সময়ত ছাউ গাৱঁৰ লোকক চিত্ৰল আৰু দীৰ অঞ্চলৰ শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰিত কৰা হৈছিল, কিন্তু বৰ্তমানে তেওঁলোক আকৌ আফগানিস্তানলৈ উভতি গৈছে।[4]
ইতিহাস
[সম্পাদনা কৰক]ছাৱী ভাষাৰ নিকটতম ভগ্নি ভাষা হ'ল চিত্ৰলৰ ওপৰৰ কুনাৰ উপত্যকাৰ অশ্ৰেত অঞ্চলত ব্যৱহৃত পালুলা ভাষাৰ দক্ষিণ প্ৰকাৰ। বহুতো ছাৱী ভাষী লোকে দুয়ো ভাষাৰ মাজৰ সামঞ্জস্য জানে, আৰু অনেকে অশ্ৰেতত থকা লোকক নিজৰ "ভাই" জ্ঞান কৰে।[6] হেন্ৰিক লিলজেগ্ৰেণৰ অধ্যয়নৰ মতে বিভিন্ন বৈশিষ্ট্য নিজৰ মাজত একেই থকা এই ভাষাসমূহ কোৱা লোক নিশ্চয়েই সিন্ধু নদীৰ পাৰৰ বৰ্তমানৰ ডিয়ামেৰ জিলাৰ পৰা পৰিভ্ৰমণ কৰিছিল। সম্ভৱতঃ আগতে উত্তৰ আৰু দক্ষিণ পালুলাৰ মাজত এটি ফাঁট মেলিছিল, আৰু দক্ষিণ পালুলাৰ পৰাই পাছলৈ ছাৱী ভাষা ওলাই আহিছে।[7] বৰ্তমানে দেখা পোৱা উত্তৰ আৰু দক্ষিণ পালুলাৰ মাজৰ সামঞ্জস্য তেন্তে অভিসৰণৰ ফল হিচাপে বুজাব পৰা যাব।
ব্যাকৰণ
[সম্পাদনা কৰক]দুৰ্বল সশব্দ এস্পিৰেট (ভ, ধ, ঘ) ১৯৬৭ চনত বুড্ড্ৰুছে সাৱধান হৈ নথিভুক্ত কৰিছিল,[8] কিন্তু লিলজেগ্ৰেণে ২০০৯ চনত নিজৰ পত্ৰৰ ৩১ নং পৃষ্ঠাত উল্লেখ কৰিছে যে তেওঁ সাক্ষাৎকাৰ লোৱা মানুহৰ ভাষ্যত এই ধ্বনিসমূহ পোৱা নগ'ল। ই সম্ভৱ যে এস্পিৰেছন নোহোৱা হোৱা আৰু সুৰ ব্যৱস্থা বিকাশ হোৱা প্ৰক্ৰিয়া একেলগে ঘটিছিল।[9]
সম্ভৱতঃ গৱাৰবাতী ভাষাৰ প্ৰভাৱত,[10] ছাৱী ভাষাত voiceless lateral fricative ɬ বিকশিত হ'ল *tr যুক্তব্যঞ্জন ধ্বনিৰ পৰা, ভাষাটোৰ প্ৰাৰম্ভিক স্তৰতে। উদ্দহৰণ স্বৰূপে, ছাৱী ভাষাত "তিনি"ৰ বাবে ɬo ব্যৱহাৰ কৰা হয়, আৰু দক্ষিণ পালুলাত tróo।[11]
আন শ্বিনা প্ৰকাৰসমূহৰ বিপৰীতে, ছাৱী আৰু পালুলা ভাষাত অতীত আৰু বৰ্তমান কাল ব্যক্তিৰ বাবে চিহ্নিত কৰা নহয়, বৰং প্ৰায় সম্পূৰ্ণৰূপে particle-ভিত্তিতহে ক্ৰিয়া চিহ্নিত কৰা হয়, উপৰোৱাভাৱেহে ব্যক্তিৰ সৈতে সহযোগ দেখা যায়।[12] তোৰৱালী ভাষাৰ দৰে,, ছাৱী ভাষাতো নামভিত্তিক morphologyত animacyৰ বাবে ব্যাকৰণত নিয়ম আছে (যাৰ বিপৰীতে কলশ, খোৱাৰ, শুমশ্তী আৰু পাশ্বায়ী ভাষাত verbal morphologyতহে ই ব্যাকৰণত ঠাই পায়)।[13] কৰ্তা প্ৰত্যয় -e perfective transitive ক্ৰিয়াসমূহৰ বাবে ব্যৱহাৰ হয়। মুখ্য শ্বিনা প্ৰকাৰসমূহৰ বিপৰীত, ছাৱী ভাষাত কোনো কৰ্তা প্ৰত্যয় imperfective transitive ক্ৰিয়াৰ বাবে নাই।[14]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Savi". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/savi1242.
- ↑ Sauji is the endonym reported in Liljegren (2009, পৃষ্ঠা 10)
- ↑ "Savi" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/sdg। আহৰণ কৰা হৈছে: 2022-06-12.
- ↑ 4.0 4.1 Liljegren 2009, পৃষ্ঠা. 10.
- ↑ Cacopardo & Cacopardo 2001, পৃষ্ঠা. 96, 231–32.
- ↑ Liljegren 2009, পৃষ্ঠা. 11, 55.
- ↑ Liljegren 2009.
- ↑ Buddruss 1967, পৃষ্ঠা. 22.
- ↑ Liljegren 2009, পৃষ্ঠা 34–35, 41. Cf. the analysis of Kolkati in Liljegren 2013, পৃষ্ঠা 143–44
- ↑ Liljegren 2009, পৃষ্ঠা. 40–41.
- ↑ Liljegren 2009, পৃষ্ঠা. 34, 36.
- ↑ Liljegren 2013, পৃষ্ঠা. 153.
- ↑ Bashir 2016a, p. 266, n. 33.
- ↑ Schmidt & Kaul 2008, পৃষ্ঠা. 249.
গ্ৰন্থ সংগ্ৰহ
[সম্পাদনা কৰক]- Bashir, Elena L. (2016a). "Contact and convergence. The Northwest". The languages and linguistics of South Asia: a comprehensive guide. World of Linguistics. প্ৰকাশক Berlin: De Gruyter Mouton. পৃষ্ঠা. 264–300. ISBN 978-3-11-042715-8.
- Bashir, Elena L. (2016b). "Language endangerment and documentation. Pakistan and Afghanistan". The languages and linguistics of South Asia: a comprehensive guide. World of Linguistics. প্ৰকাশক Berlin: De Gruyter Mouton. পৃষ্ঠা. 638–45. ISBN 978-3-11-042715-8.
- Buddruss, George (1967). Die Sprache von sau in Ostafghanistan. Beiträge zur Kenntnis des Dardischen Phalura. Münchener Studien zur Sprachwissenschaft. প্ৰকাশক Munich: J. Kitzinger.
- Cacopardo, Alberto M.; Cacopardo, Augusto S. (2001). Gates of Peristan: history, religion and society in the Hindu Kush. Reports and memoirs. প্ৰকাশক Rome: IsIAO.
- Liljegren, Henrik (2009). "The Dangari Tongue of Choke and Machoke: Tracing the proto-language of Shina enclaves in the Hindu Kush". Acta Orientalia (70): 7–62. http://urn.kb.se/resolve?urn=urn:nbn:se:su:diva-36825.
- Liljegren, Henrik (2013). "Notes on Kalkoti: A Shina Language with Strong Kohistani Influence". Linguistic Discovery খণ্ড 11 (1): 129–160. doi:10.1349/PS1.1537-0852.A.423. ISSN 1537-0852. Archived from the original on 2022-10-17. https://web.archive.org/web/20221017172535/https://journals.dartmouth.edu/cgi-bin/WebObjects/Journals.woa/1/xmlpage/1/article/423। আহৰণ কৰা হৈছে: 2023-07-29.
- Schmidt, Ruth Laila; Kaul, Vijay Kumar (2008). "A comparative analysis of Shina and Kashmiri vocabularies". Acta Orientalia খণ্ড 69: 231–303. doi:10.5617/ao.7372.