ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৩/ৱিকিমিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাংবাদিক ৰবীশ কুমাৰৰ এটা কথাই মোক খুব আকৰ্ষণ কৰে। তেওঁ কৈছিল– ‘প্ৰতিখন যুদ্ধত জিকিব লাগিব বুলি কোনো কথা নাই। কিন্তু কোনোবাই যে যুদ্ধ কৰি আছে, এই কথা পৃথিৱীক জনোৱা উচিত। ’ অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ উত্তৰণ আৰু উত্থানৰ দিশটোলৈ লক্ষ্য কৰিলে এই কথাটোৱেই মোক বাৰুকৈয়ে অনুপ্ৰাণিত কৰে। বিশ্বায়নৰ ধামখুমীয়াত য’ত প্ৰতিটো মুহূৰ্ততে ব্যক্তি উত্তৰণৰ একক প্ৰচেষ্টাই সমাজ ব্যৱস্থাত অগ্ৰাধিকাৰ লাভ কৰিছে, তেনে সন্ধিক্ষণতো একাংশ নিস্বাৰ্থ ভাষাপ্ৰেমীয়ে নিজৰ কৰ্মৰ মাজতে সময় উলিয়াই ভাষাটোৰ হকে, জাতিটোৰ হকে স্বেচ্চাসেৱকভাৱে কাম কৰি আছে। এটা জাতিৰ ভৱিষ্যত নিৰ্মাণৰ বাবে এয়া একপ্ৰকাৰৰ বৌদ্ধিক যুদ্ধক্ষেত্ৰই। এইখন যুদ্ধৰ কথা অসমৰ মানুহে জনাটো উচিত।

ৱিকিমিডিয়া প্ৰকল্পসমূহৰ সৈতে জড়িত হোৱাৰ সুবিধা লাভ কৰিছিলোঁ ২০১৮ চনৰপৰা। তেতিয়াৰেপৰা কম-বেচি পৰিমাণে ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিকিমন্স প্ৰকল্পসমূহত কাম কৰিবলৈ চেষ্টা কৰি আহিছোঁ। ৱিকি প্ৰকল্পসমূহত কাম কৰাৰ সুবাদতেই ২০২৩ বৰ্ষত হায়দৰাবাদত অনুষ্ঠিত ৱিকিসন্মিলনত অংশ গ্ৰহণ কৰিবলৈ সাহস গোটাইছিলোঁ আৰু নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰ কৰিছিলোঁ। আশা কৰিছিলোঁ যদি যাবলৈ সুবিধা পাওঁ, তেন্তে জীৱনত বৰ ভাল অভিজ্ঞতা এটাৰ সঞ্চয় হ’ব। আশা কৰা মতেই অৱশেষত সন্মিলনত অংশ ল’বলৈ নিৰ্বাচিত হ’লোঁ। মনৰ উৎসাহ দুগুণ বৃদ্ধি পালে। সন্মিলনত মই ‘অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ প্ৰচাৰত ৱিকিপিডিয়ানসকলৰ ভূমিকা’ শীৰ্ষক এটা প্ৰেজেনটেশ্যনদিয়াৰ বাবেও আবেদন কৰিছিলোঁ আৰু যথাসময়ত কাৰ্যকৰ্তাসকলৰপৰা সেই বক্তৃতাটো দিবলৈয়ো নিৰ্বাচিত হৈছোঁ বুলি ইমেইল লাভ কৰিলোঁ।

সন্মিলনৰ কাৰ্যকৰ্তাসকলৰ সুপৰিকল্পনাত সন্মিলনৰ তিনিওটা দিনেই সুকলমে পাৰ হৈছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৱিকিপিডিয়ানসকলৰ সৈতে আমি উৎসাহজনকভাৱে আলাপ-আলোচনা কৰিছিলোঁ, কাৰ্যসূচীসমূহত অংশ লৈছিলোঁ। বহুকেইখন ৰাজ্যত চলি থকা ৱিকি প্ৰকল্পসমূহৰ ভিতৰচ’ৰাৰ কথা জানিব পাৰিছিলোঁ। ৱিকিমিডিয়া ফাউণ্ডেশ্বনৰ ব্যক্তিসকলৰপৰা বহুকেইটা নতুন বিষয় শিকিবলৈ সুবিধা পালোঁ। সন্মিলনত প্ৰথমদিনাই মোৰ প্ৰেজেনটেশ্যন দিয়াৰ পাল পৰিছিল। মোৰ বাবে কৌতূহল আৰু প্ৰত্যাহ্বানৰ কথা যে মই ইংৰাজীত এয়াই প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ প্ৰেজেনটেশ্যন প্ৰস্তুত কৰি ইমানবোৰ মানুহৰ সন্মুখত কৈছোঁ। অসমীয়া বিভাগৰ ছাত্ৰ হোৱা হেতুকে আৰু ইংৰাজী সলসলীয়াকৈ ক’ব নজনাৰ বাবে দুই এঠাইত শব্দৰ ভুল উচ্চাৰণ হৈছিল সম্ভৱ! কিন্তু মই ভয় কৰা নাই। নক’লে শিকিম কেনেকৈ, এই ভাৱতে ইংৰাজীত ক’বলৈ সাহস গোটাইছিলো।

এই সন্মিলনত থাকি শিকিবলৈ পালোঁ এটা অনুষ্ঠান সুকলমে চলাবলৈ কাৰ্যকৰ্তাসকলে কেনেদৰে সুপৰিকল্পিতভাৱে আঁচনি তৈয়াৰ কৰে, কেনেদৰে সময়ৰ সৎব্যৱহাৰ কৰে, কেনেদৰে প্ৰতিজন অংশগ্ৰহণকাৰীৰ প্ৰতি সমদৃষ্টি ৰাখে। কেনেদৰে এজনে আনজনৰ প্ৰতি সহযোগিতা আগবঢ়ায়। সন্মিলনৰ তিনিওটা দিন পঞ্চতাৰকা হোটেলত থাকি আভিজাত্যৰ আদৱ-কায়দা শিকিলোঁ। গাঁৱৰ গঞা গৈ পঞ্চতাৰকা হোটেলত সোমালে যি অৱস্থা হয়, মোৰো তাৰ ব্যতিক্ৰম নাছিল। পৰিৱেশন কৰা শতাধিক খাদ্যৰপৰা কোনটো খাম, কিমান খাম যেন অৱস্থা হৈছিল আমাৰ। সন্মিলনস্থলীত আমি অসমৰপৰা লৈ যোৱা পিঠা-পনাও ‘চুইট টেবুল’ত পৰিৱেশন কৰিছিলোঁ। অসমৰ পিঠা-পনা খায় দুই এজন সদস্যই উৎসাহভৰা মন্তব্য প্ৰদান কৰিছিল। কম সময়ৰ বাবে হাইদৰাবাদৰ নগৰখন চোৱাৰো সুযোগ পাইছিলোঁ। চাৰমিনাৰ চাবলৈ যোৱা অভিজ্ঞতা মনত সজীৱ হৈ থাকিব।

অসমৰপৰা আমি আঠজন সদস্য গৈছিলোঁ। আমাৰ মাজত আনন্দ আৰু নতুন বিষয় শিকাত আগ্ৰহ আছিল অত্যন্ত উৎসাহজনক। শেষৰদিনা ৱিকিমিডিয়া ফাউণ্ডেশ্বনৰ বিদেশী কেইজনমান সদস্যক অসমৰপৰা নিয়া গামোছাৰে আমি সন্মানিত কৰিছিলোঁ। তেওঁলোকে বৰ আগ্ৰহেৰে অসমীয়াৰ আদৰৰ গামোছাকেইখন পাই আনন্দিত হৈছিল আৰু উৎসাহভৰা মন্তব্য প্ৰদান কৰিছিল। সন্মিলনৰ তিনিওটা দিনেই মোৰ মন মননত আজীৱন সজীৱ হৈ থাকিব। এই সন্মিলনত শিকি অহা অভিজ্ঞতাৰে আগন্তুক দিনত পাৰ্যমানে কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। শেহতীয়াভাৱে নিজৰ গৱেষণা কৰ্মত লাগি থকাৰ বাবে মনে বিচৰাধৰণে ৱিকিপ্ৰকল্পসমূহত সময় দিব পৰা নাই। তাৰ বাবে নিজৰ ওচৰতে অপৰাধী যেন লাগিছে। গৱেষণাৰ কৰ্ম সামৰিয়েই পুনৰ ন উদ্যমেৰে কামত লগাৰ প্ৰতিশ্ৰুতি দিছোঁ। Bhaskarjyoti Bhuyan (বাৰ্তা) 14:54, 29 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]