ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

ঈশান জ্যোতি বৰা: ২০১৬ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। নগাঁ‌ৱৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৪,৪২১ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৪১৯। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ অসমীয়া ৱিকিউৎস, ইংৰাজী ৱিকিপিডিয়া, ৱিকিমিডিয়া কমন্স আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ১১,৫১৮টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক”, “জীৱনীকাৰ পদক”, "বিশিষ্ট লেখক পদক", গ্ৰন্থকীট পদক আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।