ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাষাৰ সুৰক্ষা কেৱল ভাষাটো কোৱা অথবা লিখা মানুহসকলৰ হাততেই কেন্দ্ৰীভূত হৈ নাথাকে। ভাষাৰ সুৰক্ষা বহুলাংশে ভাষাটোৰ ঐতিহ্যৰ সংৰক্ষণ, কালৰ ক্ৰমত ঘটা পৰিবৰ্ধন আৰু পৰিমাৰ্জনৰ অভিলেখ তথা প্ৰযুক্তিৰ দ্ৰুত উত্তৰণৰ সৈতে ইয়াৰ শ্ৰীবৃদ্ধিকৰণৰ ওপৰতো নিৰ্ভৰ কৰে।

অসমীয়া ভাষাৰ চৰ্চা আৰু ইয়াৰ ব্যৱহাৰৰ ইতিহাস তথা বৰ্তমানৰ পৰিস্থিতিলৈ চালে আমি দেখো যে ভাষাটোৰ অধিকাংশ ব্যৱহাৰকাৰীয়েই, সততে যিসকলে ভাষাটোৰ সাধনালব্ধ চৰ্চা নকৰে নাইবা সাহিত্যৰ কোনো ক্ষেত্ৰতেই ওতপ্ৰোত ভাবে জড়িত নহয়, ভাষাটোক শিক্ষাগ্ৰহণৰ এক আংগিকমাত্ৰ অথবা সাধাৰণ এক সামাজিক উপাদান মাত্ৰ বুলি গণ্য কৰে। ভাষাৰ প্ৰয়োজনীয়তাই খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ সমমৰ্যাদা এতিয়ালৈকে লাভ কৰা নাই। সেয়েহে ভাষাটোৰ সুৰক্ষিত ব্যৱহাৰ, যথাযথ সংৰক্ষণ আৰু সৰ্বোতোপৰি ইয়াৰ গতি-প্ৰকৃতিৰ প্ৰতি সূক্ষ্মদৃষ্টি ৰখাটো অধিকাংশ অসমীয়াভাষীৰ বাবে অপৰিহাৰ্য কথা নহয়। কিন্তু ইংৰাজীৰ দৰে ভাষা এটাই মৌলিক প্ৰয়োজনৰ সমপৰ্যায়ৰ স্থান অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত সেই ভাষাৰ কদাচিত ভুল চৰ্চা হ'লেও ভাষাটোৰ ক্ষতি নহয় বুলি হীৰেন ভট্টাচাৰ্যদেৱে কৈছে, যি ভুল চৰ্চা অসমীয়া ভাষাৰ বাবে মাৰাত্মক কথা। এইখিনিতেই ভাষা ব্যৱহাৰকাৰী আৰু ভাষা চৰ্চাকাৰী মানুহখিনিৰ পাৰ্থক্য। চৰ্চাকাৰীসকলে ভাষাটোৰ উন্নতিৰ হকে অবিৰত কাম কৰি থকাৰ বিপৰীতে ব্যৱহাৰকাৰীসকলে ভাষাৰ প্ৰতি অমনোযোগী হোৱা বাবেই বৰ্তমান অসমীয়া ভাষাৰ অস্তিত্বৰ সংকটৰ প্ৰশ্নটো আহি পৰিছে।

অসমীয়া ভাষাক এক মৌলিক প্ৰয়োজন কৰি তোলাটো প্ৰতিজন ভাষা চৰ্চাকাৰীৰ লক্ষ্য হোৱা উচিত আৰু সেই লক্ষ্যৰ আখৰুৱা পথতেই অসমীয়া ৱিকিমিডিয়াই জন্ম লাভ কৰি দিনে দিনে বিকাশ আৰু প্ৰকাশৰ দিশে উধাইছে। মাৰ্চ মাহৰ প্ৰুফৰীডাথন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ প্ৰদৰ্শন অত্যন্ত সন্তোষজনক। এনে ধাৰাবাহিকতা আগলৈয়ো অক্ষুণ্ণ থাকক। প্ৰতিজন ৱিকিমিডিয়ানেই অসমীয়া ভাষাৰ বৃহৎ জলধিত দৈনিক বিন্দুমাত্ৰ অৰিহণা হ'লেও আগবঢ়াওক আৰু তাত উচ্চল তৰংগৰ সঘন আৱিৰ্ভাৱ ঘটি থাকক, এয়াই আমাৰ কাম্য।

Drnayanjyoti (বাৰ্তা) 12:42, 3 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]