ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৩/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

য়ামী গৌতম ধৰ (ইংৰাজী: Yami Gautam Dhar, ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনয়-শিল্পী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু টেলিভিছনৰ ছ'প অপেৰা যেনে: চান্দ কে পাৰ চালো (২০০৮–২০০৯) আৰু য়েহ প্যাৰ না হোগা কাম (২০০৯–২০১০)ত অভিনয় কৰে। ২০১২ চনত অভিনয় কৰা কমেডী-ড্ৰামা ভিকি ড'নাৰ হৈছে তেওঁৰ প্ৰথম হিন্দী ছবি, যাৰ ফলত তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেককাৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।

হিমাচল প্ৰদেশৰ বিলাসপুৰ হিন্দু ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা য়ামী গৌতম ডাঙৰ-দীঘল হৈছিল চণ্ডীগড়ত। তেওঁৰ পিতৃ মুকেশ গৌতম এজন পাঞ্জাবী চলচ্চিত্ৰ পৰিচালক। তেওঁ পিটিচি নেটৱৰ্কৰ উপ-সঞ্চালক। তেওঁৰ মাতৃৰ নাম অঞ্জলি গৌতম। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ চন্দ্ৰযান-৩ৰ বিষয়ে ইয়াত পঢ়ক...