ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্তেম্বৰ-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুবুল মাউত

ৰুবুল মাউত হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেত, জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে তেখেতৰ বৰ্তমান গৱেষণাৰ বিষয়। তেখেতে মাচাছুছেটছ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। ৰুবুল মাউতৰ গৱেষণা আমেৰিকাৰ ৰসায়নিক সমাজৰ উপৰি একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ' অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত হৈছে। বৰ্তমান তেখেত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো। তেখেতে আত্মজীৱনী "মোৰো এটা সপোন আছে"ত নিজৰ শৈশৱ-যৌৱনৰ সংঘাত অতিক্ৰম কৰি মাচাছুচেটছ বিশ্ববিদ্যালয়ৰ গৱেষক হোৱাৰ কাহিনী লিপিবদ্ধ কৰিছে।

বৰ্তমান ৰুবুল মাউত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডছেনৰ প্ৰটিন ডিজাইনৰ ইনোভেশ্যন ফেলো'। তেখেতৰ মেণ্টৰ হৈছে জিম দে য়েৰকো আৰু ডেভিড বেকাৰ। ৰুবুল মাউতে নেনো প্ৰযুক্তিৰ জৰিয়তে কোষৰ ভিতৰত জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ ত্ৰিশখনতকৈও অধিক গৱেষণাপত্ৰ নেছাৰ নেনোটেকন'লজি, নেচাৰ কেমিষ্ট্ৰী আৰু এচিএছ নেনো আদি জাৰ্ণেলত প্ৰকাশিত হৈছে।

প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ বিল গেটছৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...