ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰনোজ জ্যোতি বৰুৱা

 নমস্কাৰ! সকলোকে সম্ভাষণ জনালোঁ। “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী।” আইৰ মুখৰ ভাষাক লৈ সদায় গৰ্ব অনুভৱ কৰি আহিছোঁ। ভাষাটোক ভাল পোৱাৰ অনুভূতি স্বয়ংক্ৰিয়। কিন্তু ভাষাটোৰ বাবে কাম কৰাৰ বীজত সাৰ পানী যোগাইছে ৱিকিৰ প্ৰকল্পসমূহে। ৱিকিৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত হৈ অতি আনন্দিত হৈছোঁ।

 অসমীয়া ভাষাত লেখা মেলা কৰাৰ এখন ডিজিটেল মঞ্চ বিচাৰি আছিলোঁ বহুদিনৰ পৰাই। আশা কৰিছিলোঁ ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সম্প্ৰসাৰণ হওক, অসমীয়া ভাষাই বিশ্ব দৰবাৰত স্বীকৃতি পাওক। ৱিকিৰ সৈতে জড়িত হৈ এই স্বপ্ন বিকশিত হ’ল। ইণ্টাৰনেটৰ সুবিধা লোৱাৰ পৰাই বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। অসমীয়া ভাষাত কিবা সন্ধান কৰিলে যদি তথ্যসহ ওলাইছিল, তাৰ প্ৰথম স্থানত আছিল ৱিকিপিডিয়া। সেয়ে ৱিকিত সন্নিবিষ্ট প্ৰবন্ধ, পৃষ্ঠা আদি আগ্ৰহেৰে পঢ়িছিলোঁ। পিছলৈ গম পালোঁ যে, যিকোনো মানুহেই ৱিকিপিডিয়াত বৰঙণি আগবঢ়াব পাৰে। প্ৰথমে মই ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ ভিতৰত ৱিকিপিডিয়াত লিখা আৰম্ভ কৰিছিলোঁ। প্ৰথম প্ৰবন্ধটো লিখোঁতে অজয় দাস দাদাই সহায় কৰি দিছিল। পিছলৈ বিভিন্ন অসুবিধাত অগ্ৰজসকলে যথেষ্ট সহায় কৰি আগবঢ়াই নিলে। কিবা ভুল দেখিলে লগে লগে শুধৰাই দিয়া, থাকি যোৱা অংশ অন্তৰ্ভুক্ত কৰা আৰু কত কি! এটা কথা ভাল লাগিছে, অসমীয়া ৱিকিৰে জড়িত থকা সক্ৰিয় সদস্যসকল প্ৰতিটো কাৰ্যতে যথেষ্ট উদ্যমী আৰু সচেতন। ভাষাৰ ওপৰত থকা তেওঁলোকৰ জ্ঞান অনস্বীকাৰ্য্য। হয়তো ভাষাটোৰ বাবে কাম কৰাৰ তেওঁলোকে আজন্ম সংকল্প লৈছে! তেওঁলোকৰ সহায়ৰ বাবেই কম সময়তে যথেষ্টখিনি শিকিব পাৰিলোঁ। বৰ্তমান ৱিকিউৎসৰ সম্পাদনাৰ কামো শিকি থকাৰ লগতে ৱিকি উদ্ধৃতিটো সামান্য বৰঙণি আগবঢ়াইছোঁ। আগলৈ আন আন ৱিকি প্ৰকল্পবোৰতো ভুমুকি মাৰিবলৈ চেষ্টা কৰিম।

 ৱিকিপিডিয়া হ’ল এক মুক্ত বিশ্বকোষ। যিকোনো লোকেই ইয়াত বৰঙণি আগবঢ়াব পাৰে। ভাষাৰ স্বাৰ্থত কাম কৰিব বিচৰা লোকে দ্বিধাহীন ভাৱে ৱিকিৰ প্ৰকল্পত হাত উজান দিব পাৰে। মাত্ৰ ৱিকিৰ নিয়মসমূহ মানি চলিলেই হ’ল। নতুনকৈ লিখিবলৈ বিচৰাসকলে কোনো শংকা অবিহনে নিজকে ৱিকিৰ সৈতে সংযুক্ত কৰিব পাৰে।

 অসমীয়া ৱিকি প্ৰকল্পসমূহ যথেষ্ট আগবাঢ়িছে আৰু আগলৈও এই যাত্ৰা অব্যাহত থাকিব। পাৰ্য্যমানে সকলোৱে হাত উজান দিলে এই যাত্ৰা আৰু বেছি ত্বৰান্বিত হ’ব বুলি আশা কৰিছোঁ। -Baruah ranuj (বাৰ্তা) 16:09, 29 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]