ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাতৰ মুঠিতে সকলো তথ্য লুকাই থকা ইণ্টাৰনেট সম্প্ৰতি সুলভ আৰু অপৰ্যাপ্ত। আৰু এই তথ্য ভঁৰালৰ সৰ্ববৃহৎ পেৰাটোৱেই ৱিকিপিডিয়া। এই পেৰাটোৰেই এখন তৰুণ মোনা হ'ল অসমীয়া ৱিকিপিডিয়া। সদ্য প্ৰাপ্ত বয়স্ক অৱস্থা প্ৰাপ্ত অসমীয়া ৱিকিপিডিয়াই অন্তৰ্মুখী স্বভাৱ এৰি লাহে লাহে জগতমুখী হোৱাৰ উপক্ৰম হৈছে।

২০১২ চনত দ্বাদশ শ্ৰেণীত থাকোঁতেই অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হোৱাৰ সুযোগ পাইছিলো। ৱিকিপিডিয়াত সম্পাদনা আৰম্ভ কৰিয়েই প্ৰথমতে নিজৰ প্ৰিয় বিষয়বোৰৰ কথা ইংৰাজীৰ পৰা অসমীয়ালৈ তৰ্জমা কৰা আৰম্ভ কৰিলো। লাহে লাহে নিজে বিচাৰ খোচাৰ কৰি, লগাখিনি চেকি লৈ তথ্যসূত্ৰৰে সজাই নিৰ্মেদ প্ৰবন্ধ এটা সৃষ্টি কৰাটো যে অতি মজাৰ কাম সেয়া বুজি উঠিলো। সেই সময়ৰ ৱিকিপিডিয়াৰ প্ৰশাসক,সম্পাদকসকলেও আজিৰ দৰেই সঁহাৰি দি ভুলবোৰ শুধৰাই দিছিল, নজনাবোৰ বুজাই দিছিল। এজন সম্পাদকৰ সৈতে মিলি হেৰী পটাৰৰ পৃথিৱীখন অসমীয়া ৱিকিলৈ লৈ অনাৰ চেষ্টা কৰিছিলো। পিছে আন এক প্ৰতিযোগিতাৰ পিছত পৰি ৱিকিপিডিয়াৰ পদূলিটো কোনখিনিত এৰি আহিলো তৎ ধৰিব নোৱাৰিলো। ২০১৮ চনতে ডাঃ গীতাৰ্থ বৰদলৈ দাই হোৱাট্ছ এপ গ্ৰুপটোত যোগ কৰাই দিছিল যদিও প্ৰায় দুবছৰ নিবোকা চামোন হৈ বহি আছিলো। চকুৰ আগেৰে ৱিকি মিট, প্ৰজেক্ট টাইগাৰ আদিবোৰ পাৰ হৈ গ'ল কিন্তু মোৰ অংশগ্ৰহণ কৰা নহ'ল।

কৰ'ণা ভাইৰাছে আনি দিয়া স্থবিৰতাই মানুহবোৰক পাহৰি থৈ অহা কেঁকুৰীৰ ধূলিবোৰ ফু মাৰি চাই অহাৰ সুযোগ এটা দিলে। তেনে সুযোগ পাই ময়ো ৱিকিপিডিয়া সদস্য পৃষ্ঠা খুলি চাবলৈ মন কৰিলো। পিছে গুপ্তশব্দ পাহৰি মই নতুন একাউণ্ট এটা খুলিবলগীয়া হ'ল। এনেকৈয়ে সুদীৰ্ঘকাল অজ্ঞাতবাসৰ পিছত মোৰ এয়া দ্বিতীয় ইনিংছ।

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ উন্নীতকৰণত ৱিকিপিডিয়াই এক নৱজাগৰণ আনিছে। খুব শেহতীয়াকৈ অসমীয়া ৱিকিউৎসই সৰ্বভাৰতীয় পৰ্যায়ত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইবোৰ বহু আশাৰ খবৰ। সদস্যসকলে বহু কষ্ট স্বীকাৰ কৰি চহ কৰা মাটিৰ সোণালী ফচল। নিৰ্ভুল, বিশ্বাসযোগ্য আৰু নিৰলংকাৰ তথ্যৰ চাহিদা যথেষ্ট আছে আৰু ৱিকিপিডিয়া এনে তথ্যৰ সুলভ ভঁৰাল। অসমীয়া ৱিকিৰ সক্ৰিয় সদস্যসংখ্যা তাকৰীয়া হ'লেও সদস্যসকলৰ কৰ্মোদ্যম শলাগিবলগীয়া।

অসম আৰু অসমীয়া ভাষা বুলিলেই আমাৰ আৱেগ উথলি উঠে। পিছে আৱেগৰ সঠিক ব্যৱহাৰ কৰিব নজনা জাতি হিচাপে আমি (কু)খ্যাত। সম্প্ৰতি মোবাইল বা লেপটপত অসমীয়া লিপি সকলোৰে বাবে সহজলভ্য। গণমাধ্যমত অসমীয়া লিখা-মেলাবোৰ দেখিলেই তাৰ উমান পোৱা যায়। তৎসত্ত্বেও কিন্তু অসমীয়া ৱিকিৰ সক্ৰিয় সদস্য এমুঠি মানহে। তদুপৰি বাংলা ভাষাই তাহানিতে লগোৱা গ্ৰহণৰ দাগ আজিকোপতি বৰ্তি থকাৰ দৰে এতিয়াও গুগলত 'ৰ' নিদিয়াকৈ কৰা বেছিভাগ বিচাৰ-খোচাৰৰ প্ৰথম ফলাফল বাংলা ৱিকিপিডিয়া বা বাংলা ৱেবচাইটত আহে। অসমৰ মানুহখিনিক একগোটে বান্ধি ৰাখিবলৈ ভাষাটোৱেই আটাইতকৈ সুদৃঢ় জৰী। সম্ভৱতঃ 'ৰ'টো অসমীয়া মানুহৰ আটাইতকৈ প্ৰিয় আখৰ। জাতীয়তাবাদৰ এক ভেঁটি হিচাপে গঢ় লৈ উঠা আমাৰ আদৰৰ ভাষাটোৰ বিশ্বজোৰা প্ৰতিপত্তি বজাই ৰাখিবলৈ কোনো প্ৰতিবন্ধকতা নোহোৱাকৈ ভাষাটো ওচৰতে পোৱাটো অতীৱ প্ৰয়োজনীয়। এই ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াই ভাষাটোৰ একনিষ্ঠ সেৱক হোৱাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগে। অসম বিষয়ক তথ্যসমৃদ্ধ প্ৰবন্ধ সৃষ্টি কৰাত আমি সদায়ে গুৰুত্ব দিব লাগে। অসমৰ গছ, লতা, পশু, পক্ষী, সম্পদ, সমস্যা, সুখ, দুখ, কিতাপ, কাহিনী, ইতিহাস, বুৰঞ্জীৰ কথা সম্বলিত প্ৰবন্ধসমূহ যথেষ্ট পৰিমাণে তথ্যপূৰ্ণ হ'ব লাগে। অন্ততঃ অসমৰ বিষয়ে থকা প্ৰবন্ধ সমূহত অসমীয়া ৱিকিপিডিয়াত সৰ্বাধিক তথ্য থাকিব লাগে। মোৰ আশা, এনে এটা দিন সোনকালে আহিব যেতিয়া মানুহে ইণ্টাৰনেটৰ সকলো সন্ধান অসমীয়াত কৰিব আৰু ফলাফলৰ বাবে প্ৰথম পচন্দ হিচাপে অসমীয়া ৱিকিপিডিয়াক আগস্থান দিব।

শেষত কওঁ এই বিপদৰ দিনবোৰ সোনকালে শেষ হওক। সোনকালে আকৌ ৱিকি চাহমেল হওক। সকলোৰ গোমোঠা মুখত হাঁহি বিৰিঙক। পৃথিৱীজোৰা পৰিয়ালটোৰ সকলোটি সুৰক্ষিত থাকক।

Drnayanjyoti (talk) 16:46, 30 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]