ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৩/ৱিকিমিডিয়ানৰ মনৰ কথা
ৱিকিসন্মিলনী ভাৰত ২০২৩ ত 'ৱিকিপত্ৰিকা'
হাইদৰাবাদত হৈ যোৱা ৱিকিসন্মিলনখনৰ বাবে ফৰ্ম পুৰাবলৈ বাৰ্তা আহোঁতেই এদিন মই মোৰ সপোনৰ ৰাজ্যত ভ্ৰমিবলৈ আৰম্ভ কৰিছিলোঁ, কিবা বোলেনে 'গছত কঁঠাল ওঁঠত তেল, নৌ খাওঁতেই চেল-বেল'। পিছত বাবুল বৈশ্যদাৰ সৈতে দুই-এবাৰ এই লৈ ফোনতে আলোচনা কৰিছিলোঁ। বহুদিনৰ পিছত মোক নিৰাশ কৰি সন্মিলনৰ জলপানিৰ তালিকাত মোৰ নামটো নাহিল। সেয়ে হ'লেও সন্মিলনৰ বাবে দিয়া মোৰ উপস্থাপনৰ বিষয়টো নিৰ্বাচিত হোৱা বুলি মেইলত এটা বাৰ্তা আহিল, যিটো মই অনলাইন পৰিৱেশন কৰিব লাগিব। পিছত নিৰ্বাচিত ৰাইজৰ কথা-বাৰ্তাত মই কিছুদিনলৈ নীৰৱ দৰ্শক হৈ ৰ'লোঁ। জোঁৰ পুৰি হাত পোৱাৰ বেলাত মোক আচৰিত কৰি কৰ্মকৰ্তাসকলৰ এগৰাকীয়ে মোলৈ ফোন কৰে আৰু ময়ো এই কৰ্মশালা খনত সোশৰীৰে অংশগ্ৰহণৰ সুযোগ পাওঁ।
এই দিনকেইটাত এক অনন্য অনুভৱ আৰু ভিনৰঙী অভিজ্ঞতাই মনটো ভৰাই ৰাখিছিল। ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, বাংলাদেশ, শ্ৰীলংকা আদিৰ পৰা আমাৰ দেশলৈ বাটকুৰি বাই অহা ৱিকিমিডিয়ানসকলৰ মাজত বিভিন্ন ৱিকিপ্ৰকল্পসমূহত কৰি থকা কামসমূহৰ অভিজ্ঞতাৰ যি আদানপ্ৰদান হ'ল, সেয়া সঁচাকৈয়ে অনুপ্ৰেৰণাৰ এক অনন্য অন্তহীন স্ৰোত। এনে অভিজ্ঞতা প্ৰতিগৰাকী ৱিকিমিডিয়ানৰ হোৱা উচিত বুলি ভাবোঁ।
ৱিকি সন্মিলনৰ বাবে নিৰ্বাচিত হোৱা মোৰ উপস্থাপনৰ বিষয়টো আছিল ‘ৱিকিপত্ৰিকা’। নিৰ্দিষ্ট দিনত এই বিষয়টো সকলোৰে মাজত উপস্থাপন কৰাৰ অনুভৱেই আছিল সুকীয়া! সেইদিনা উপস্থিত থকা সকলোৰে বাবে এই বিষয়টো আছিল একেবাৰেই নতুন। আমাৰ সহযোগীসকলে ভাল হোৱা বুলি কলত খুবেই ভাল লাগিছিল। বয়সৰ সীমা পাহৰি আইৰ মুখৰ ভাষাটোৰ প্ৰতি থকা টানৰ বাবেই কেৱল একোগৰাকী ৱিকিমিডিয়ান হৈ থকাৰ এক সুস্থ পৰিৱেশত আমি সকলো বিলীন হৈ পৰিছিলোঁ।
অৱশেষত আমি অনিচ্ছাসত্ত্বেও নিজৰ নিজৰ ঠাইলৈ উলটি আহিলোঁ। সেই অভিনৱ অভিজ্ঞতাৰ সোৱাদৰ ভাগ দিয়াত কেইবাগৰাকী সদস্যই আমাক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰিছিল। এইচেগতে বিষয়বস্তুৰ প্ৰস্তাৱ তথা পিপিটি প্ৰস্তুতকৰণত সহায় কৰি দিয়া অগ্ৰজ ৱিকিমিডিয়ান জলি বা আৰু চন্দনলৈ মোৰ কৃতজ্ঞতা। লেপটপ এটা লগত লৈ যাব পৰাকৈ সুবিধা কৰি দিয়া অনুজ ৰাজদ্বীপলৈকো ধন্যবাদ আৰু মৰম। _Nayan j Nath (বাৰ্তা) 14:03, 30 June 2023 (ইউ.টি.চি.)
বৈচিত্ৰ্যৰ মাজত ঐক্য
অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মই প্ৰবীণ খেলুৱৈ হ'লেও ৰাষ্ট্ৰীয় স্তৰৰ সন্মিলনৰ ক্ষেত্ৰত মই তেনেই নবীন। পূৰ্বে ২০১৮ চনত কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় ৱিকিউৎস কৰ্মশালা এখনত যোগদান কৰিছিলোঁ। সেই অভিজ্ঞতাৰেই অসমীয়া ৱিকিউৎসকো আগলৈ টানিবলৈ চেষ্টা কৰিছিলোঁ আৰু কিছু দিশত সফলো হৈছিলোঁ। সেইখনৰ বাহিৰে যিবোৰ সন্মিলন বা সেই পৰ্যায়ৰ অনুষ্ঠান হৈছিল, সেইবোৰলৈ যাবলৈ আহৰি পোৱা নাছিলোঁ বা কিছুমানৰ কথা বহুবছৰ পূৰ্বে জনাই নাছিলোঁ। এইবাৰ হায়দৰাবাদৰ সন্মিলনৰ কথা গম পাই ঠেং দাঙিলোঁ। আশা কৰা মতে জলপানিৰ বাবে নিৰ্বাচিত হ'লোঁ। বহু কথাত সন্মিলনৰ বিষয়ববীয়াসকলে নানা কাৰণত গোপনীয়তা অৱলম্বন কৰিছিল আৰু সন্মিলনৰ গোটছেৰেক দিন আগতেহে ক'ত হ'ব, কেনেকৈ হ'ব আদি কথা কেৱল যাবলগীয়া ৰাইজৰ আগত খোলোচা কৰিছিল। নিৰ্দিষ্ট দিনটোত অসমীয়া দলটোৱে নিজামৰ নগৰত ভৰি দিলোঁ।
কি শিকিলোঁ সেয়া পাছলৈ থোৱা যাওক! পঞ্চতাৰকা হোটেলৰ থকা আৰু খোৱা যে বিশ্বমানৰ আছিল সেয়া নক'লে পাপে চুব। সন্মিলনৰ শেষৰদিনা দুআষাৰমান ক'বলৈ সুযোগ পাওঁতে মই এই কথা কলোঁ যে ভাল মানুহেৰে পৰিবেষ্টিত হৈ ভাল ঠাইত কেইদিনমানৰ পেইড ভেকেচন্ লাগে যদি ৱিকিমিডিয়া প্ৰকল্পত কাম কৰক! আৰু যিখিনি মানুহ দেখিলোঁ, লগ পালোঁ, সকলোবোৰেইতো মুক্ত উৎস জ্ঞানৰ সেনানী। চাৰিটা থীমৰ সন্মিলনখনৰ মূল বিষয়বস্তু আছিল "বান্ধোন শক্তিশালী কৰা।" তাৰ চৌপাশে আছে সহযোগিতা, বিচিত্ৰতা আৰু শক্তি। সন্মিলনখনৰ বিভিন্ন উপস্থাপন, কৰ্মশালা, কথা-বতৰাই এই চাৰিওটা বিষয়কে স্পৰ্শ কৰিলে আৰু ভাৰতৰ লগতে চুবুৰীয়া দেশৰপৰাও অহা স্বেচ্ছাসেৱকসকলৰ মাজত বান্ধোন শক্তিশালী কৰিলে। ২০১৮ চনত লগতে পোৱা কেইগৰাকীমান স্বেচ্ছাসেৱী আৰু ফাউণ্ডেচনৰ লোকক লগ পাই মন হৰষিত হ'ল। নিজা ঠাইৰ লোকসকলে মিলি কৰা হাঁহি-স্ফূৰ্তিৰ কথা নক'লোঁৱেইবা।
সন্মিলনৰ এটা মুখ্য দিশ আছিল আয়োজকৰ সময়ানুৱৰ্তিতা। এক মিনিটৰো ইফাল-সিফাল নোহোৱাকৈ পুৱাৰে পৰা সন্ধিয়ালৈ অনুষ্ঠানবোৰ যিদৰে পৰিচালিত হ'ল সেয়া মোৰ বাবে কিছু আশ্চৰ্যকৰ আছিল। শ্ৰোতা-দৰ্শকৰ আমনি নলগাকৈ অনুষ্ঠানবোৰ যথাসম্ভৱ আকৰ্ষণীয় আৰু চুটিকৈ ৰখা হৈছিল। অসমীয়া সমাজৰ ৰুমি বাইদেউ, ভাস্কৰ আৰু নয়নে ত্ৰুটীবিহীন পৰিৱেশন কৰিলে আৰু খুব হাত-চাপৰি গোটালে। প্ৰথম দিনাই ইতিমধ্যে অসমীয়া মেখেলা-চাদৰ আৰু গামোচাই অনা-অসমীয়া ৰাইজৰ চকু টানিছিল। শেষৰ দিনালৈ ৱিকিমিডিয়া ফাউণ্ডেচনৰ ভিনৰঙী আটাইকেইগৰাকী বিদেশী বিষয়ববীয়াৰ ডিঙিত গামোচা জিলিকিল। বৈচিত্ৰ্যৰ মাজত ঐক্য!
ৰং-ৰহইচ অনেক হ'ল। এতিয়া কিছু কাম কৰাৰ সময়। সন্মিলনৰ শেষ সন্ধিয়াই অসমীয়া স্বেচ্ছাসেৱকসকলে অনলাইন সভাত মত বিনিময় কৰি অহা কেইমাহমানৰ বাবে কেইটামান নতুন প্ৰস্তাৱ আগবঢ়ায়। তাৰ ইফাল-সিফাল হোৱাটো স্বাভাৱিক, স্বেচ্ছাসেৱকসকলেও অনবৰতে সময় দিব নোৱাৰাটোও স্বাভাৱিক, কিন্তু সন্মিলনৰ স্মৃতি বুকুত বান্ধি লৈ মাহ-বছৰ ধৰি হাত সাৱটি বহি থকাটোহে হ'ব অস্বাভাৱিক। প্ৰেৰণা যোগাবলৈ আছে অইন ভাষাৰ উত্তৰণৰ বাবে দেহেকেহ খাটি থকা অতিমানৱ যেন লগা লোকবোৰ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 19:04, 1 July 2023 (ইউ.টি.চি.)