ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৩/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

 মোৰ ৱিকি যাত্ৰা আৰম্ভ হৈছিল, ২০২০ চনৰ আগষ্ট মাহত। প্ৰথমাৱস্থাত ৱিকিৰ বিষয়ে বিশেষ একো নজনাকৈ মই একাউণ্ট খুলিছিলোঁ। ধীৰে ধীৰে ৱিকিউৎসত এপৃষ্ঠা-দুপৃষ্ঠাকৈ সম্পাদনা কৰিবলৈ লোৱাৰ পিছত, এতিয়া ৱিকি মোৰ নিচা হ’ল। অকণমান সময় পালেই যেন জঁপিয়াই পৰিম লেপটপত আৰু জীৱনৰ মূল্যবান সময়খিনি ধৰি ৰাখিম ভাষাটো ইণ্টাৰনেটত শক্তিশালী কৰিবলৈ! সম্পাদনা সংখ্যা যিমানেই বাঢ়িবলৈ ধৰিলে, সিমানেই আত্মবিশ্বাস গাঢ় হ’ল। ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টি কৰা, ৱিকিউদ্ধৃতিত সম্পাদনা কৰা, ৱিকিডাটাত তথ্য সংযোগ কৰা, কমন্সত ফটো আপলোড কৰা আদি কামবোৰ শিকি গৈ আছোঁ, কৰি আছোঁ। যোৱা এপ্ৰিল মাহত হায়দৰাবাদত অনুষ্ঠিত হোৱা ৱিকি কনফাৰেন্সলৈ অসমৰ পৰা নিৰ্বাচিত আঠগৰাকী সদস্যৰ মাজত ময়ো নিৰ্বাচিত হৈ অংশ লোৱাৰ পিছত দিল্লীৰ গুৰগাঁৱত অক্টোবৰৰ ২০-২২ তাৰিখলৈ অনুষ্ঠিত হোৱা ৱিকি ওমেন কেম্পলৈ অসমীয়া ৱিকি সম্প্ৰদায়ৰ পৰা অকলে নিৰ্বাচিত হৈছিলোঁ। অকলে নিৰ্বাচিত হোৱাত মনলৈ অলেখ শংকাৰ ভাব আহিল; কেনেকৈ যাম, কিদৰে তাত ভাগ ল’ম, পাৰিমনে তালৈ অহা দেশ-বিদেশৰ ৱিকিমিডিয়ানসকলৰ লগত মিলিবলৈ! মনৰ ভাব ব্যক্ত কৰাত ৰুমী বৰা বাইদেউ, চন্দন চিৰিং ফুকন আৰু দিব্য দত্তই দিয়া সাহস আৰু সহযোগিতা পাহৰিব নোৱাৰোঁ। তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ আৰু মৰম জনালোঁ।

 ৱিকি ওমেন কেম্পলৈ গৈ মোৰ নানান বিষয়ত অভিজ্ঞতা হ’ল। নিৰ্বাচিত প্ৰতিনিধিসকলক কেপাচিটি বিল্ডিং আৰু ষ্ট্ৰেটেজী মেকিং- এই দুটা ভাগত ভাগ কৰি বেলেগে বেলেগে কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি মাজে মাজে সকলোকে একেলগে গোটায়ো কিছুমান বিষয়ৰ আলোচনা কৰা হেছিল। প্ৰধান বিষয় আছিল, ব্যক্তিত্ব উন্নীতকৰণ (Personality Development)। ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজনীয় নানা দিশ যেনে, সমস্যা অধ্যয়ন আৰু সমাধান, কাৰিকৰী জ্ঞানৰ বিকাশ, সময়ানুৱৰ্তীতা, সিদ্ধান্ত গ্ৰহণ আদি বিষয় নানা কাৰ্যৰ মাজেৰে আলোচনা কৰা হৈছিল। নাৰীসকলে সাধাৰণতে ইলেক্ট্ৰনিক সামগ্ৰীৰ উন্নত ব্যৱহাৰ জানিবলৈ আগ্ৰহ নকৰা, সমসাময়িক ঘটনাপ্ৰবাহৰ লগত অপৰিচিত হৈ থকা, কোনো বিষয়ে সঠিক সিদ্ধান্ত ল’ব নোৱাৰা আৰু ল’লেও বিপৰীত লিংগৰ সহায়ত বা তেওঁলোকক অনুসৰণ কৰা, বাটে-পথে নিজকে সদায় সংকুচিত কৰি ৰখা, ব্যস্ততাৰ মাজত সময় উলিয়াব নজনা আদি কথাই নাৰীৰ ব্যক্তিত্ব বিকাশৰ বাধা। এইবোৰ অতিক্ৰমী নাৰী সমলৈংগিক পৰিৱেশ সৃষ্টি কৰিবলৈ নিজক যোগ্য হিচাপে তুলি ধৰিব লাগে। সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে পৰম্পৰাগত গণ্ডীৰ মাজৰ পৰা নিজক উলিয়াই যিকোনো ক্ষেত্ৰত যোগ্য কৰি তুলিলে লিংগসমতা সৃষ্টি হোৱাত সহায়ক হ’ব।

 অনুষ্ঠানটোত মনত ৰাখিবলগীয়া বিষয় হ’ল, সময়ানুৱৰ্তীতা। এটা সম্পূৰ্ণ মিনিটৰো হেৰফেৰ নোহোৱাকৈ মুঠ ত্ৰিশখন দেশৰ প্ৰতিনিধিৰ লগতে ৱিকিমিডিয়া ফাউণ্ডেছন আৰু ট্ৰাষ্টী ব’ৰ্ডৰ কিছু সদস্যই উপস্থাপন কৰা নানা বিষয় নিৰ্দিষ্ট সময়তে সামৰি সময়মতে আনটো বিষয় আৰম্ভ কৰা কথাটো তবধ মানিবলগীয়া। কোনো বক্তাই যদি কৈ থাকোঁতে সময় উকলি যোৱা যেন হয়, লগে লগে এগৰাকী আয়োজকে এখন কাৰ্ড লৈ আনে নেদেখাকৈ বক্তাৰ আগেৰে নিঃশব্দে পাৰ হৈ যায় আৰু বক্তাই কাৰ্ডখনলৈ চকু দি লগে লগে সামৰণি মন্তব্য প্ৰদান কৰি আঁতৰি আহে। সময় অমূল্য ধন। হিচাপত খৰচ কৰিলে আমি আমাৰ ব্যক্তিগত জীৱনতো বহু কাম কৰিব পাৰোঁ। আন এক উদাহৰণ, ফটো ছেচনত মোৰ লগত হোৱা দুখদায়ক ঘটনা। যিদিনা ফটো ছেচন আছিল, সেইদিনা আমাক জনোৱা হৈছিল, লাঞ্চৰ পিছতেই আঢ়ৈ বজাত সকলোৰে গ্ৰুপ ফটো লোৱা হ’ব। সেইখনেই হ’ব সমগ্ৰ অনুষ্ঠানটোৰ মূল ফটো। সেইদিনা কিবা কাৰণত মই আৰু মোৰ ৰুমমেট নিৰ্দিষ্ট স্থানত উপস্থিত হওঁতে পোন্ধৰ মিনিট পলম হৈছিল। উপস্থিত হৈ দেখিছিলোঁ, ফটো ছেচন শেষ আৰু কেমেৰাৰ ষ্টেণ্ড হাতত লৈ ফটোগ্ৰাফাৰ উভতি কনফাৰেন্স হলত সোমাইছে। আমাৰ অনুৰোধে কাকো গলাব নোৱাৰিলে। ৱিকিমিডিয়ানৰ ওচৰত সময়ৰ মূল্য নুবুজা মানুহৰ অনুৰোধৰ মূল্য নাই। বৰ দুখ লাগিছিল, কমন্সত আপলোড কৰা সেই গ্ৰুপ ফটোখনত নিজৰ মুখখন নাথাকিব।

 ৱিকিপিডিয়াত তথ্যৰ যোগান ধৰা হয় নিৰ্দিষ্ট আৰু গ্ৰহণযোগ্য উৎসৰ পৰা। গুৰুত্বপূৰ্ণ বিষয়ত তথ্য উৎসৰ যোগান ধৰাটো ৱিকিমিডিয়ানৰ কৰ্তব্য আৰু দায়িত্ব। আমি কথা কওঁতেও এই ক্ষেত্ৰত সাৱধান হ’ব লাগে। বৈদেশিক নীতি সম্পৰ্কীয় এটা বক্তব্যত আমন্ত্ৰিত সদস্য এগৰাকীয়ে তেওঁৰ বক্তব্যত আফগান মহিলা শৰণাৰ্থীসকলৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে লোৱা পদক্ষেপক এক উদাহৰণ হিচাপে ব্যক্ত কৰিলে। লগে লগে সভাগৃহত এক মৃদু গুণগুণনিৰ সৃষ্টি হ’ল। অন্বেষা নামৰ সদস্য এগৰাকী থিয় হৈ ৰেফাৰেন্স বিচৰাত বক্তা থৎমৎ খাই ৰৈ গ’ল। উপস্থিত বহুতে বিষয়টোত সহমত দি জনালে, কোনো ৰেফাৰেন্স নিদিয়াকৈ ইমান গুৰুত্বপূৰ্ণ কথা এটা কেনেকৈ কোৱা হ’ল……। তাৰপিছত বক্তাৰ কথা প্ৰায় কোনেও নুশুনাৰ দৰেই হৈ পৰিল। তেওঁৰ বক্তব্যৰ সময়খিনি মৃদু হুলস্থূলৰ মাজেৰে শেষ হ’ল।

 অকলে নিৰ্বাচিত হৈ সংকোচ কৰিছিলোঁ যদিও তালৈ গৈ বাংলাদেশ, আৰ্মেনিয়া, স্পেইন আদিৰ লগতে পঞ্জাব, উড়িষ্যা, পশ্চিমবংগ আদি ঠাইৰ ভালেকেইগৰাকী কৌশলী ৱিকিমিডিয়ানৰ সৈতে ঘনিষ্ঠতা গঢ়িব পৰাটো আছিল মোৰ অতিৰিক্ত লাভ। বাংলাদেশ আৰু আৰ্মেনিয়ান ৱিকিমিডিয়াই অসমৰ সৈতে সংযুক্ত হৈ একেলগে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ উপৰি আৰ্মেনিয়ান ৱিকি ইউজাৰ ’আৰমিনি আঘায়ান ফ্লিছ’ এ মোৰ পৰা অসম সম্বন্ধে কেইবাটাও বিষয় জানি লৈ অসমৰ নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে তেওঁলোকৰ ভাষাত প্ৰবন্ধ প্ৰস্তুত কৰাটো আমাৰ আটাইৰে বাবে সুখৰ কথা। Pranamikaadhikary (বাৰ্তা) 15:46, 30 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]