সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৪/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাৰ্থজিৎ বৰুৱা অসম, ভাৰতৰ এগৰাকী তথ্যচিত্ৰ-নিৰ্মাতা, প্ৰযোজক, চলচ্চিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ-সমালোচক, চলচ্চিত্ৰ-ইতিহাসকাৰ, গৱেষক, লেখক আৰু প্ৰবক্তা। তেওঁ এতিয়ালৈকে কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। ২০১৪ চনত লক্ষ্মী ওৰাং– ৰাইজিং ফ্ৰম দ্য গ্ৰেভ শীৰ্ষক তথ্যচিত্ৰখনৰ জৰিয়তে চৰ্চালৈ অহা পাৰ্থজিৎ বৰুৱাই পৰৱৰ্তী সময়ত দ্য ধেমাজি ট্ৰেজেদি (২০১৬), কিয়াৰুস্কৰ (২০১৯), ব্ৰেকিং দ্য ছাইলেন্স(২০২০) আদিৰ দৰে বাস্তৱ সমাজৰ পৰিঘটনা আৰু চৰিত্ৰৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণ কৰে। তেওঁৰ দ্বাৰা নিৰ্দেশিত, লিখিত এই তথ্যচিত্ৰসমূহে ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৩ চনত অসমৰ নেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৱলীৰ আধাৰত নিৰ্মাণ কৰা নেলীৰ কথা (২০২৩) আছিল বৰুৱাৰ দ্বাৰা লিখিত-পৰিচালিত-প্ৰযোজিত প্ৰথমখন পূৰ্ণাংগ কাহিনী-চিত্ৰ। অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ-নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্ৰ আৰু কৰ্মৰাজিৰ তেওঁ এজন গৱেষক।ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ছোৱালীৰ বিষয়ে ইয়াত পঢ়ক...