সমললৈ যাওক

পাৰ্থজিৎ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰ্থজিৎ বৰুৱা

২০২৪ চনত পাৰ্থজিৎ বৰুৱা
জন্ম কামপুৰ, নগাঁও, অসম
পেচা চলচ্চিত্ৰ-নিৰ্মাতা, তথ্যচিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ ইতিহাসকাৰ, লেখক, প্ৰবক্তা, সম্পাদক(নৰ্থ ইষ্ট ফিল্ম জাৰ্ণেল)
উল্লেখনীয় কৰ্মৰাজি নেলীৰ কথা (২০২৩),
জ্যোতি ককাইদেউ (২০২৪),
দ্য ধেমাজি ট্ৰেজেদি (২০১৬),
"Jyotiprasad, Joymoti, Indramalati and Beyond: The History of Assamese Cinema" (২০২১)
উল্লেখযোগ্য বঁটা অসম ৰাজ্যিক শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা (২০১৮)
ৱেবছাইট https://parthajitbaruah.com/
পিতৃ-মাতৃ প্ৰসন্ন কুমাৰ বৰুৱা (পিতৃ),
দিনমাই গগৈ (মাতৃ)

পাৰ্থজিৎ বৰুৱা (ইংৰাজী: Parthajit Baruah) অসম, ভাৰতৰ এগৰাকী তথ্যচিত্ৰ-নিৰ্মাতা,[1] প্ৰযোজক, চলচ্চিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ-সমালোচক, চলচ্চিত্ৰ-ইতিহাসকাৰ, [2][3] গৱেষক,[4] লেখক আৰু প্ৰবক্তা৷ তেওঁ এতিয়ালৈকে কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছে৷ ২০১৪ চনত লক্ষ্মী ওৰাং– ৰাইজিং ফ্ৰম দ্য গ্ৰেভ শীৰ্ষক তথ্যচিত্ৰখনৰ জৰিয়তে চৰ্চালৈ অহা পাৰ্থজিৎ বৰুৱাই পৰৱৰ্তী সময়ত দ্য ধেমাজি ট্ৰেজেদি (২০১৬), কিয়াৰুস্কৰ (২০১৯), ব্ৰেকিং দ্য ছাইলেন্স(২০২০) আদিৰ দৰে বাস্তৱ সমাজৰ পৰিঘটনা আৰু চৰিত্ৰৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণ কৰে৷ তেওঁৰ দ্বাৰা নিৰ্দেশিত, লিখিত এই তথ্যচিত্ৰসমূহে ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৯৮৩ চনত অসমৰ নেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৱলীৰ আধাৰত নিৰ্মাণ কৰা নেলীৰ কথা (২০২৩) আছিল বৰুৱাৰ দ্বাৰা লিখিত-পৰিচালিত-প্ৰযোজিত প্ৰথমখন পূৰ্ণাংগ কাহিনী-চিত্ৰ৷ অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ-নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্ৰ আৰু কৰ্মৰাজিৰ তেওঁ এজন গৱেষক৷ এই প্ৰসংগত তেওঁৰ তথ্যচিত্ৰ In Search of Jyoti Kokaideu (২০২২), জ্যোতি ককাইদেউ (২০২৪) প্ৰণিধানযোগ্য৷ ইয়াৰ লগতে চলচ্চিত্ৰ, অসমৰ চলচ্চিত্ৰীয় ইতিহাস, জ্যোতিপ্ৰসাদ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক চলচ্চিত্ৰীয় ইতিহাসক সামৰি তেওঁ গ্ৰন্থ লিখিছে৷ ইয়াৰে ভিতৰত ভাৰতীয় চলচ্চিত্ৰ-নিৰ্মাতা, চিত্ৰনাট্যকাৰ আদুৰ গোপালকৃষ্ণনৰ চলচ্চিত্ৰীয় দৃষ্টিভংগী আৰু চলচ্চিত্ৰকৰ্ম-বিষয়ক তথ্য-নিৰ্ভৰ গ্ৰন্থ Face to Face: The Cinema of Adoor Gopalakrishnan খনো অন্তৰ্ভুক্ত৷ তেওঁৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে Jyoti Prasad Joymoti Indramalati And Beyond:The History of Assamese Cinema৷ বৰুৱাই ২০১৮ চনত অসম ৰাজ্যিক শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ কৰে৷ [5][2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

নগাঁও জিলাৰ কামপুৰত পাৰ্থজিৎ বৰুৱাৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ প্ৰসন্ন কুমাৰ বৰুৱাৰ শিৱসাগৰত জন্ম হৈছিল আৰু তেওঁ ভাৰতীয় সৈন্যবাহিনীত যোগদান কৰিছিল৷ ১৯৬৫ চনত প্ৰসন্ন কুমাৰ বৰুৱাই ছানলিট ষ্টুডিঅ' স্থাপন কৰিছিল৷ পাৰ্থজিৎ বৰুৱাই বিদ্যালয়ত পঢ়ি থকা কালছোৱাতে দেউতাকক হেৰুৱায়৷ তেওঁৰ মাতৃ দিনমাই গগৈ এগৰাকী শিক্ষয়িত্ৰী৷ তেওঁ পুণেৰ ফাৰ্গুছন মহাবিদ্যালয়ৰ প্ৰাচীৰ-পত্ৰিকাৰ সম্পাদক আছিল৷ পাৰ্থজিৎ বৰুৱাই পুণে বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল আৰু পাছলৈ Film Adaptation: Shakespeare on Celluloid বিষয়ত এম.ফিল লাভ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ Film and Literature: Shakespeare in Select Indian Cinemaত ডক্তৰেট অৰ্জন কৰে৷ বৰ্তমান তেওঁ ন'ৰ্থ-ইষ্ট ফিল্ম জাৰ্ণেলৰ মুখ্য সম্পাদক আৰু নগাঁওস্থিত ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা৷ [6][7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তথ্যচিত্ৰ-নিৰ্মাতা হিচাপে

[সম্পাদনা কৰক]

২০১৪ চনত লক্ষ্মী ওৰাং – ৰাইজিং ফ্ৰম দ্যা গ্ৰেভ নামৰ ত্ৰিশমিনিটীয়া তথ্যচিত্ৰখন নিৰ্মাণ কৰি পাৰ্থজিৎ বৰুৱা চৰ্চালৈ আহিছিল৷ এই তথ্যচিত্ৰখনৰ আধাৰ হৈছে লক্ষ্মী ওৰাং নামৰ আদিবাসী যুৱতী এগৰাকী, যাক চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ বাবে অনুসূচিত জনজাতিৰ সাংবিধানিক স্বীকৃতি বিচাৰি প্ৰতিবাদ কৰি থকা অৱস্থাত ২০০৭ চনত গুৱাহাটীৰ বেলতলাৰ ৰাজপথত ৰাজহুৱাভাৱে শ্লীলতা হানিৰ অপচেষ্টা কৰা হৈছিল৷ ভাৰতকে ধৰি বিশ্বৰ একাংশ খবৰ-কাকতৰ[8][9] চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা সেই ঘটনাটোক মুখ্য বিষয়বস্তু হিচাপে লৈ পাৰ্থজিৎ বৰুৱাই তথ্যচিত্ৰখন নিৰ্মাণ কৰিবলৈ চাৰি বছৰ সময় লয়৷ ছবিখনে সেই বিশেষ ঘটনাটো হৈ যোৱাৰ পাছত লক্ষ্মী ওৰাঙৰ জীৱনত ঘটা ঘটনাৱলীসমূহৰ ওপৰত আলোকপাত কৰে আৰু তেওঁৰ অতীত-জীৱনৰ ওপৰতো দৃষ্টিপাত কৰে৷ [10] বিশেষ তথ্যচিত্ৰখনৰ সন্দৰ্ভত পাৰ্থজিৎ বৰুৱাই কৈছিল যে-

বেলতলা কাণ্ডই মোক সঁচাকৈয়ে ব্যথিত কৰিছিল৷ সেয়ে মই ভালপোৱা এটা মাধ্যমৰ জৰিয়তে মই মোৰ প্ৰতিবাদ প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু আজি অনুভৱ কৰিছোঁ যে মই জীৱনত কিবা এটা মূল্যৱান কাম সাধন কৰিছোঁ।[10]

বিশেষ তথ্যচিত্ৰখনৰ জৰিয়তে ২০১৪ চনত তেওঁ "দৰভাংগা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ"ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফী আৰু শ্ৰেষ্ঠ কাহিনীৰ শিতানতো বঁটা লাভ কৰে৷ [11]

ইয়াৰ পিছত ২০১৬ চনত পাৰ্থজিৎ বৰুৱাই দ্য ধেমাজি ট্ৰেজেদি নামৰ আন এখন তথ্যচিত্ৰ মুকলি কৰে৷ এই তথ্যচিত্ৰখন আছিল ২০০৪ চনত ধেমাজিআলফাৰ কূটাঘাতমূলক বোমা-বিস্ফোৰণত প্ৰাণাহুতি দিয়া ১৩গৰাকী নিৰপৰাধী শিশুৰ সকৰুণ ঘটনাটোৰ ওপৰত আধাৰিত৷ [12]তথ্যচিত্ৰখনে সেই শিশুসকলৰ জীৱন আৰু তেওঁলোকৰ অবৰ্তমানত পৰিয়াল আৰু আত্মীয়-স্বজনৰ অসহায় ভাষ্য দাঙি ধৰে৷ ইয়াৰ লগতে অসমত আলফাৰ কূটাঘাতমূলক কাৰ্য, চৰকাৰ-প্ৰশাসনৰ ভূমিকা সম্পৰ্কেও ভালেমান তথ্য, ভিডিঅ' সংগ্ৰহ কৰে আৰু সংশ্লিষ্ট পক্ষৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে৷ তথ্যচিত্ৰখনে ২০১৫ চনত দিল্লীত অনুষ্ঠিত হোৱা চতুৰ্থ দিল্লী আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা অৰ্জন কৰে৷ আনহাতে পাৰ্থজিৎ বৰুৱাই চতুৰ্থ কলিকতা আন্ত:ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত (২০১৫)ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে৷ [13][5]

২০১৬ চনতে তেওঁ ধেমাজি বিস্ফোৰণত আহত হোৱা যুৱতী ৰীমা পাংগিঙৰ জীৱন-আধাৰিত তথ্যচিত্ৰ নিৰ্মাণ কৰে৷ পৰৱৰ্তী বছৰসমূহত তেওঁৰ দ্বাৰা নিৰ্দেশিত Nagaon - A Land of Diversity (২০১৭) Dinner with Vivek (২০১৮) আৰু NF Railways- Lifeline of Northeast (২০১৮) তথ্যচিত্ৰখনে মুক্তিলাভ কৰে৷

ছিমলাৰ দশম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সীমা বিশ্বাসৰ সৈতে পাৰ্থজিৎ বৰুৱা

২০১৯ চনত পাৰ্থজিৎ বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে কিয়াৰুস্কৰ নামৰ আধাঘণ্টীয়া তথ্যচিত্ৰখনে মুক্তি লাভ কৰে৷ এই তথ্যচিত্ৰখন ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা ছবি-সম্পাদনাত স্নাতক ডিগ্ৰী অৰ্জন কৰা প্ৰাক্তন ছাত্ৰ (১৯৬৫) আৰু আদূৰ গোপালকৃষ্ণন, মণি কৌল, আৰু সুভাষ ঘাইৰ দৰে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতাৰ সহপাঠী নগাঁৱৰ মুকূট চন্দ্ৰ ভূঞাৰ জীৱনৰ ওপৰত কেন্দ্ৰীভূত৷ নগাঁৱত জন্ম লাভ কৰা মুকূট চন্দ্ৰ ভূঞাই প্ৰথমে চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ সপোন দেখিছিল যদিও পাছলৈ তেওঁ আছাম ট্ৰিবিউনৰ সংবাদ গোষ্ঠীৰ এজেন্সী চলায়৷[14]সময়ৰ গতিয়ে মানুহৰ সপোন কিদৰে সলাই পেলাব পাৰে, তাৰ আঁৰত থকা ব্যক্তিগত প্ৰত্যাহ্বান আৰু ৰূপান্তৰৰ কাহিনীক তথ্যচিত্ৰখনিত দেখুওৱা হয়৷ তথ্যচিত্ৰখনে কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ একাধিক সন্মান আৰু মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল৷ তথ্যচিত্ৰখনে ৫ম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৯, অষ্টম দিল্লী চুটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ-২০১৯, সপ্তম নয়ডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২০, চতুৰ্থ ভিনটেজ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কৰ্ণৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৯শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা অৰ্জন কৰে৷ ইয়াৰ লগতে মুম্বাইত অনুষ্ঠিত হোৱা সপ্তম ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ [15][16]

২০২০ চনত পাৰ্থজিৎ বৰুৱাই ব্ৰেকিং দ্য ছাইলেন্স নামৰ তথ্যচিত্ৰখন ৰচনা-পৰিচালনা আৰু প্ৰযোজনা কৰে৷ প্ৰায় ৩০ মিনিটীয়া এই তথ্যচিত্ৰখনে অসমৰ প্ৰথমটো সংগঠিত মহিলা সংগীত গোষ্ঠীৰ সংগীত-যাত্ৰাক আলোকপাত কৰে। [17]গোটটোৰ পাঁচগৰাকী মহিলা ক্ৰমে অঞ্জলি মহন্ত, নাজমা আহমেদ, শেৱালী লেখাৰু, কবিতা নাথ আৰু আৰতি মহন্ত৷ [18]তেওঁলোকে সামাজিক নিষেধাজ্ঞা, পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে যুঁজি আশীৰ দশকত মঞ্চত উঠিছিল। ১৯৭৯ চনত এইকেইগৰাকী যুৱতীয়ে নগাঁও জিলাত একত্ৰিত হৈ এটা সংগীত গোষ্ঠী আৰম্ভ কৰে আৰু অনুষ্ঠান পৰিৱেশন কৰিবলৈ লয়৷[19] তথ্যচিত্ৰখনৰ জৰিয়তে বৰুৱাই দ্বাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ, দশম কলকাতা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ(২০২১)শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে৷ তথ্যচিত্ৰখনে ফ্ৰান্সপেৰিছত অনুষ্ঠিত হোৱা লাকৰ্ণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২৯ জুন, ২০২১)ত আনুষ্ঠানিকভাৱে নিৰ্বাচিত হয়৷ পাৰ্থজিৎ বৰুৱাই তেওঁলোকৰ গোষ্ঠীটোৰ আৱিষ্কাৰৰ কাহিনী এইদৰে বৰ্ণনা কৰে-

২০১৮ চনৰ ডিচেম্বৰ মাহত সুৰ সমলয়ে নগাঁৱত এক সংগীত অনুষ্ঠানৰ আয়োজন কৰিছিল। তেওঁলোকে মোক সংগীতানুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল। তেওঁলোকৰ অনুষ্ঠানৰ পৰাই সন্ধ্যাটো আৰম্ভ হৈছিল৷ আটাইতকৈ উল্লেখযোগ্য অংশটো আছিল তেওঁলোকৰ পৰিৱেশনৰ শৈলী। অসমীয়া মেখেলা চাদৰ পিন্ধি তেওঁলোকে এনেদৰে নিজকে তুলি ধৰিলে যেন-তেওঁলোক একোগৰাকী কিশোৰীহে! ৫০ বছৰ বয়সতো তেওঁলোকৰ সংগীতৰ প্ৰতি থকা ৰাপ আৰু উদ্যমে মোক সেইদিনা আচৰিত কৰি তুলিছিল।[17]

পৰৱৰ্তী সময়ত পাৰ্থজিৎ বৰুৱাই ইন চাৰ্চ অৱ জ্যোতি ককাইদেউ(২০২২) আৰু জ্যোতি ককাইদেউ (২০২৪) নিৰ্মাণ কৰে৷ দুয়োখন তথ্যচিত্ৰৰেই আধাৰ হৈছে অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰকাৰ, গীতিকাৰ, নাট্যকাৰ, লেখক-সাহিত্যিক জ্যোতিপ্ৰসাদ আগৰৱালাৰ যাত্ৰা আৰু তেওঁৰ চলচ্চিত্ৰৰাজি৷ প্ৰথমখন তথ্যচিত্ৰত পাৰ্থজিৎ বৰুৱাই জ্যোতিপ্ৰসাদৰ জন্মস্থান অসমকে প্ৰমুখ্য কৰি কলকাতা, এডিনবাৰ্গ, স্কটলেণ্ড, বাৰ্লিন আদি ঠাই ভ্ৰমণ কৰে আৰু জ্যোতিপ্ৰসাদ-সম্পৰ্কীয় একাধিক তথ্য সংগ্ৰহ কৰে৷ ২০২৪ চনত নিৰ্মাণ কৰা জ্যোতি ককাইদেউ-য়ে অসমীয়া চলচ্চিত্ৰীয় ইতিহাসৰ ওপৰত জ্যোতিপ্ৰসাদৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ অনুসৰণ কৰে৷ [20]তথ্যচিত্ৰখনে ২০২৪ চনত বাংগালুৰুত অনুষ্ঠিত হোৱা ত্ৰয়োদশ চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰে৷

তেওঁৰ দ্বাৰা নিৰ্মিত ঈশ্বৰৰ সন্তান (২০২১) তথ্যচিত্ৰখনে ছনম নামৰ স্কুলীয়া ছাত্ৰীগৰাকীয়ে সন্মুখীন হোৱা সামাজিক-মনস্তাত্ত্বিক জটিলতাক সম্বোধন কৰে৷ অসমৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জীৱন আৰু সৃষ্টি-যাত্ৰাৰ ওপৰত আধাৰিত তথ্যচিত্ৰ ব্ৰাছ ষ্ট্ৰ'ক-এ ২০২২ চনত মুক্তি লাভ কৰে৷ তথ্যচিত্ৰখনে ক্ৰমাৎ বৃদ্ধাৱস্থা আৰু স্মৃতিভ্ৰংশৰ আক্ৰান্ত হোৱা শিল্পীগৰাকীৰ সংগ্ৰাম দৃষ্টিপাত কৰে৷ ২০২২ চনত মুম্বাই আৰু কলিকতাত অনুষ্ঠিত হোৱা চুটি ছবি মহোৎসৱত তথ্যচিত্ৰখনে শ্ৰেষ্ঠত্ব অৰ্জন কৰে৷ [21]অৱশ্যে অসমৰ চিত্ৰশিল্পী সমাজৰ একাংশই তথ্যচিত্ৰখনৰ বাকধাৰা আৰু উপস্থাপনক লৈ আপত্তি দৰ্শায়৷ [22] [23]

চলচ্চিত্ৰকাৰ হিচাপে

[সম্পাদনা কৰক]

২০২৩ চনৰ ২০ নৱেম্বৰত পাৰ্থজিৎ বৰুৱাই নেলীৰ কথা নামৰ তেওঁৰ দ্বাৰা প্ৰযোজিত-পৰিচালিত আৰু লিখিত প্ৰথমখন পূৰ্ণাংগ কাহিনী-চিত্ৰৰ মুক্তি দিয়ে৷ এই ছবিখনে ১৯৮৩ চনত অসমৰ নেলীত সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপক মূল উপজীৱ্য[24] হিচাপে গ্ৰহণ কৰে৷ ছবিৰ এটি প্ৰধান চৰিত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীধাৰী ৰাজীৱ পাটৰে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলীত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাত্মক কাৰ্যকলাপৰ উৎস আৰু কাৰণ অনুসন্ধান কৰাৰ মানসেৰে নেলীৰ নিৰ্জন গাঁওবোৰলৈ যাত্ৰা কৰে৷ [25] এই ছবিখনে অসমৰ ইতিহাসৰ এক সকৰুণ আৰু দুৰ্ভাগ্যজনক পৰিঘটনাৰ মানৱীয় বিৱৰণ আগবঢ়াইছে[26] বুলি একাংশ মাধ্যমত কোৱা হৈছিল৷ একাংশ সমালোচকে ছবিখনত বিষয়বস্তু বা উপজীব্য অস্পষ্ট হৈ থাকিল বুলি কয়৷ [27] ছবিখনৰ অৰ্ঘদ্বীপ বৰুৱা, স্বাগতা ভৰালী, বন্তী ৰাভা, ধনঞ্জয় দেৱনাথ, মহেন্দ্ৰ দাস, সুদৰ্শন নাথ আদিয়ে অভিনয় কৰে৷ [28][25] ছবিখন নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হয় আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা অৰ্জন কৰে৷

লেখক হিচাপে

[সম্পাদনা কৰক]

পাৰ্থজিৎ বৰুৱাই এতিয়ালৈকে পাঁচখন গ্ৰন্থ লিখিছে৷ ইয়াৰে ভিতৰত ২০১৬ চনৰ ১০ জুনত প্ৰকাশিত হোৱা Face to face — the cinema of Adoor Gopalakrishnan গ্ৰন্থখনে ভাৰতৰ প্ৰসিদ্ধ চলচ্চিত্ৰ-নিৰ্মাতা আদুৰ গোপালকৃষ্ণনৰ চিনেমা আৰু জীৱন-যাত্ৰাৰ ওপৰত আলোকপাত কৰিছিল৷ গ্ৰন্থখনে আদূৰৰ চিনেমাত থকা নান্দনিকতা, চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁৰ বিকাশ, আৰু কেৰেলাৰ সংস্কৃতি, ৰীতি-নীতি আৰু ইতিহাসৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ এক সমালোচনাত্মক পৰিচয় দাঙি ধৰে৷[29]

পাৰ্থজিৎ বৰুৱাৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে Jyotiprasad, Joymoti, Indramalati and Beyond: The History of Assamese Cinema (২০২১)৷ গ্ৰন্থখনে অসমৰ প্ৰথমখন চলচ্চিত্ৰ জয়মতী কুঁৱৰী (১৯৩৫)ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্ৰীয় বৈচিত্ৰ্য, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ ইতিহাসলৈ অৱদান প্ৰসংগত ভালেমান তথ্যপূৰ্ণ ব্যাখ্যা দাঙি ধৰে৷ [30] গ্ৰন্থখনৰ জৰিয়তে লেখকে জ্যোতিপ্ৰসাদক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাপ্য স্বীকৃতি দিয়াৰ পোষকতা কৰে৷ পাৰ্থজিৎ বৰুৱাই কয় যে-

ভাৰতীয় চিনেমাৰ বিকাশত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰচুৰ অৱদান আগবঢ়াইছিল। কিন্তু দুখৰ বিষয় যে ভাৰতীয় চিনেমাক এক নতুন অৰ্থ প্ৰদানৰ অক্লান্ত প্ৰচেষ্টা সত্ত্বেও তেওঁ ভাৰতীয় চিনেমাৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে উপযুক্ত স্বীকৃতি লাভ কৰিব পৰা নাই। এই গ্ৰন্থখনে জ্যোতিপ্ৰসাদক ভাৰতীয় চিনেমাৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে পুনৰ সংজ্ঞায়িত কৰাৰ প্ৰয়াস কৰিছে যাক ভাৰতীয় চিনেমাৰ বহু ইতিহাসবিদে আওকাণ কৰাৰ প্ৰৱণতা দেখুৱায়৷[31]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

তথ্যচিত্ৰ

  • Laxmi Orang – Rising from the Grave (2014)
  • The Dhemaji Tragedy (2016)
  • Reema Panging (2016)
  • Nagaon - A Land of Diversity (2017)
  • Dinner with Vivek (2018)
  • NF Railways- Lifeline of Northeast (2018)
  • Chiaroscuro (2019)
  • Breaking the Silence (2020)
  • In Search of Jyoti Kokaideu (2022)
  • The Children of God (2021)
  • Brush Stroke (2022)
  • Jyoti Kokaideu (2024)

কাহিনী-চিত্ৰ

  • নেলীৰ কথা (২০২৩)

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • চলচ্চিত্ৰৰ তৰংগ (জাগৰণ সাহিত্য প্ৰকাশন, ২০১৪)[32]
  • Face to Face: The Cinema of Adoor Gopalakrishnan (Harper Collins,2014)[33] [34]
  • Jyoti Prasad Joymoti Indramalati And Beyond:The History of Assamese Cinema (Krantikal Prakashan, 2021)
  • A History of India’s North-East Cinema: Deconstructing the Stereotypes (Bloomsbury Academics, 2024)
  • চিনেমাৰ তত্ত্ব (আলিবাট প্ৰকাশন, ২০২৪) [35]

বঁটা-মনোনয়ন

[সম্পাদনা কৰক]
ক্ৰম বৰ্ষ নাম তথ্যচিত্ৰ/চলচ্চিত্ৰ বঁটা-মনোনয়ন
২০১৪Laxmi Orang – Rising from the Graveতথ্যচিত্ৰশ্ৰেষ্ঠ পৰিচালক, দৰভংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৪
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী, দৰভংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৪

শ্ৰেষ্ঠ কাহিনী, দৰভংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৪
অফিচিয়েল নিৰ্বাচন, চিত্ৰনাট্য, ১৪-১৫ ফেব্ৰুৱাৰী ২০১৪ ফিডেলিটি হল (৪ৰ্থ মহলা) আই এম এ হাউচ কোচি,কেৰালা

২০১৬The Dhemaji Tragedyতথ্যচিত্ৰশ্ৰেষ্ঠ তথ্যচিত্ৰ/ ভাৰতীয় প্ৰদৰ্শনী, চতুৰ্থ দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৫-১০ ডিচেম্বৰ, ২০১৫।নতুন দিল্লী
শ্ৰেষ্ঠ পৰিচালক, ফিল্ম নৰ্থ-ইষ্ট-২০১৬,’ ১৭ৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ, ইটানগৰ, অৰুণাচল প্ৰদেশ
আনুষ্ঠানিক নিৰ্বাচন, কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৬, কলকাতা
শ্ৰেষ্ঠ তথ্যচিত্ৰ, তৃতীয় ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱ-১৫, ভাৰত, মুম্বাই
শ্ৰেষ্ঠ পৰিচালক, চতুৰ্থ কলকাতা চুটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ-২০১৫, কলকাতা
শ্ৰেষ্ঠ চিত্ৰনাট্য, চতুৰ্থ দিল্লী চুটি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৫, নতুন দিল্লী।
২০১৬Reema Pangingতথ্যচিত্ৰউৎকৃষ্টতাৰ প্ৰমাণপত্ৰ (চতুৰ্থ দিল্লী ছৰ্টছ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৫,
উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ (নতুন দিল্লী আৰু তৃতীয় ভাৰতীয় চিনে ফিল্ম ফেষ্টিভেল, ২০১৫ (মুম্বাই))
২০১৭Nagaon - A Land of Diversityতথ্যচিত্ৰ
২০১৮Dinner with Vivek (2018)তথ্যচিত্ৰ
২০১৮NF Railways- Lifeline of Northeastতথ্যচিত্ৰ
২০১৯Chiaroscuro (2019)তথ্যচিত্ৰশ্ৰেষ্ঠ তথ্যচিত্ৰ, ৫ম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৯, (০৪-০৬ অক্টোবৰ ২০১৯),
শ্ৰেষ্ঠ তথ্যচিত্ৰ, অষ্টম দিল্লী চুটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ-২০১৯, নতুন দিল্লী,
শ্ৰেষ্ঠ তথ্যচিত্ৰ, সপ্তম নয়ডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২০, নয়ডা,
শ্ৰেষ্ঠ পৰিচালক, সপ্তম ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱ-২০১৯, মুম্বাই,
সন্মানীয় জুৰী উল্লেখ, অষ্টম মুম্বাই শ্বৰ্টছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৯, মুম্বাই,
অফিচিয়েল নিৰ্বাচন, জৰ্জিয়া তথ্যচিত্ৰ মহোৎসৱ, ১ জুন, ২০১৯, আটলাণ্টা, জৰ্জিয়া,
শ্ৰেষ্ঠ তথ্যচিত্ৰ, চতুৰ্থ ভিনটেজ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ১৭ আগষ্ট, ২০১৯, কলহাপুৰ,
শ্ৰেষ্ঠ তথ্যচিত্ৰ, কৰ্ণৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৯,
আনুষ্ঠানিক নিৰ্বাচন, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ১৭ জানুৱাৰী, ২০১৯, জয়পুৰ
২০২০Breaking the Silenceতথ্যচিত্ৰঅফিচিয়েল নিৰ্বাচন, কেৰালাৰ ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি চলচ্চিত্ৰ মহোৎসৱ (IDSFFK)
বিশেষ উল্লেখ, এছিয়া দক্ষিণ-পূব - চুটি চলচ্চিত্ৰ মহোৎসৱ, শৰৎ ২০১৯
আনুষ্ঠানিক নিৰ্বাচন, দক্ষিণ এছিয়াৰ চুটি চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখা, ৫ম সংস্কৰণ
প্ৰতিযোগিতা শাখা, SIGNS, কেৰালা
অফিচিয়েল নিৰ্বাচন, পেৰিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২৯ জুন, ২০২১
শ্ৰেষ্ঠ পৰিচালক, দ্বাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ, ৩০ এপ্ৰিল, ২০২১, নতুন দিল্লী
শ্ৰেষ্ঠ পৰিচালক, দশম কলকাতা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ, ২০২১
অফিচিয়েল নিৰ্বাচন, লাকৰ্ণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২৯ জুন, ২০২১, পেৰিছ, ফ্ৰান্স
ৰানাৰ্ছ আপ, BollywoodINDIES Fest, মুম্বাই, ভাৰত, ফেব্ৰুৱাৰী ২০২১
জুৰী বিশেষ উল্লেখ, দশম বাংগালুৰু চুটি ছবি মহোৎসৱ, ১৩ জুন, ২০২১, বাংগালুৰু, ভাৰত
অফিচিয়েল নিৰ্বাচন, হামিংবাৰ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২১
২০২১The Children of Godতথ্যচিত্ৰকেলিফৰ্ণিয়া ইণ্ডিজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ, ২০২২
প্ৰতিযোগিতা শাখা, শিমলাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২২
প্ৰতিযোগিতা শাখা, দক্ষিণ এছিয়াৰ চুটি চলচ্চিত্ৰ মহোৎসৱ, ২০২২
প্ৰতিযোগিতা শাখা , বংগ আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ, ২০২২
১০২০২২In Search of Jyoti Kokaideuতথ্যচিত্ৰ
১১২০২২Brush Strokeতথ্যচিত্ৰ১৪ তাৰিখ আইডিএছএফএফকে ( ২৬ আগষ্টৰ পৰা ৩১ আগষ্ট, ২০২২লৈ) অফিচিয়েল নিৰ্বাচন (প্ৰতিযোগিতা শাখা)
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ-২০২২ত শ্ৰেষ্ঠ তথ্যচিত্ৰ
চাংহাই আন্তঃৰাষ্ট্ৰীয় চুটি-সপ্তাহ- ২০২২ত অফিচিয়েল নিৰ্বাচন
শিমলাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আনুষ্ঠানিক নিৰ্বাচন- ২০২৩
কলকাতা চুটি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ
একাদশ মুম্বাই চিনে ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱ-২০২৩ত আনুষ্ঠানিক নিৰ্বাচন
১২২০২৪Jyoti Kokaideuতথ্যচিত্ৰকেৰালাৰ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখা, ২০২৪
ত্ৰয়োদশ বাংগালুৰু চুটি ছবি মহোৎসৱ, ২০২৪ত শ্ৰেষ্ঠ তথ্যচিত্ৰ
১৩২০২৩নেলীৰ কথাচলচ্চিত্ৰনৱম অজন্তা- ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ত শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা (ভাৰতীয়)
২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৩ত প্ৰতিযোগিতা শাখা (ভাৰতীয়)
গ্ৰীচৰ থেছালনিক আই এফ এফৰ দ্য আগোৰা ফিল্ম মাৰ্কেটত অফিচিয়েল নিৰ্বাচন
একাদশ ধৰ্মভংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ত প্ৰতিযোগিতা শাখা (ৰাষ্ট্ৰীয়)
শিমলাৰ দশম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখা (ৰাষ্ট্ৰীয়)।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "পাৰ্থজিৎ বৰুৱাৰ ৰূপকোঁৱৰৰ ওপৰত গবেষণামূলক গ্ৰন্থ উন্মোচন". Asomiya Pratidin. Asomiya Pratidin. 29 Dec 2021. https://www.asomiyapratidin.in/homepage/parthajeet-news-book-relesed আহৰণ কৰা হৈছে: 13 November 2024.
  2. 1 2 "Editorial team". North East Film Journal. https://northeastfilmjournal.com/editorial-team আহৰণ কৰা হৈছে: 14 November 2024.
  3. "A History of India’s North-East Cinema: Deconstructing the Stereotypes". GoogleBooks. https://books.google.co.in/books/about/A_History_of_India_s_North_East_Cinema.html?id=Yy4rEQAAQBAJ&source=kp_author_description&redir_esc=y আহৰণ কৰা হৈছে: 13 November 2024.
  4. Bhuyan,Kalpajyoti (July 18, 2023). "‘The Nellie Story’: Parthajit Baruah’s film brings a human face to a historical tragedy of Assam". North East Now. North East Now. https://nenow.in/entertainment/the-nellie-story-parthajit-baruahs-film-brings-a-human-face-to-a-historical-tragedy-of-assam.html আহৰণ কৰা হৈছে: 13 November 2024.
  5. 1 2 "Parthajit Baruah". Cinematic Illusions. Cinematic Illusions. https://cinematicillusions.com/author/parthajit-baruah/ আহৰণ কৰা হৈছে: 14 November 2024.[সংযোগবিহীন উৎস]
  6. "About". Parthajit Baruah. Archived from the original on 17 September 2024. https://web.archive.org/web/20240917110218/https://parthajitbaruah.com/about.html আহৰণ কৰা হৈছে: 13 November 2024.
  7. "Parthajit Baruah". harper collins. https://harper.yugasa.org/author-details/parthajit-baruah/ আহৰণ কৰা হৈছে: 14 November 2024.[সংযোগবিহীন উৎস]
  8. Talukdar,Sushanta (December 07, 2011). "Tribal woman sits on 3-day fast for rights". THE HINDU. THE HINDU. https://www.thehindu.com/news/national/other-states/tribal-woman-sits-on-3day-fast-for-rights/article2650916.ece আহৰণ কৰা হৈছে: 13 November 2024.
  9. Banerjee,Nirmalya (December 02, 2013). "Laxmi Orang - heroine of the tea tribes". UCANEWS. UCA NEWS. https://www.ucanews.com/news/laxmi-orang-heroine-of-the-tea-tribes/69826 আহৰণ কৰা হৈছে: 13 November 2024.
  10. 1 2 Duarah, Kabita (15 Sept 2010). "Docu on Laxmi Orang screened". The Assam Tribune. The Assam Tribune. https://assamtribune.com/archive/wordle-915-answer-today-december-21-click-here-to-check-hints-and-clues-for-the-word-of-the-day-1510706?infinitescroll=1 আহৰণ কৰা হৈছে: 13 November 2024.
  11. "Laxmi Orang – Rising from the Grave". Parthajit Baruah. https://parthajitbaruah.com/film/laxmi-orang.html আহৰণ কৰা হৈছে: 13 November 2024.[সংযোগবিহীন উৎস]
  12. Devi, Archana (15 December 2016 https://www.deccanchronicle.com/entertainment/mollywood/151216/braving-ulfa-threats-to-life.html). "Braving ULFA, Threats to Life". Deccan Chronicle. Deccan Chronicle. https://www.deccanchronicle.com/entertainment/mollywood/151216/braving-ulfa-threats-to-life.html আহৰণ কৰা হৈছে: 14 November 2024.
  13. "The Dhemaji tragedy". India Together. India Together. 14 August 2016. https://indiatogether.org/the-dhemaji-tragedy-media আহৰণ কৰা হৈছে: 14 November 2024.
  14. Borthakur,Dibya J. "documentary-based-on-life-of-tribune-group-agent-wins-best-award". The Assam Tribune. The Assam Tribune (Guwahati). https://assamtribune.com/documentary-based-on-life-of-tribune-group-agent-wins-best-award?infinitescroll=1 আহৰণ কৰা হৈছে: 14 November 2024.
  15. "‘Moi Bhagora Nai’ – the untold story". Asomiya Pratidin. Asomiya Pratidin. 6-6-2019. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/moi-bhagora-nai-the-untold-story আহৰণ কৰা হৈছে: 14 November 2024.
  16. "chiaroscuro". Parthajit Baruah. https://parthajitbaruah.com/film/chiaroscuro.html আহৰণ কৰা হৈছে: 14 November 2024.[সংযোগবিহীন উৎস]
  17. 1 2 Chatterji,Shoma A (24-10-2021). "Banding together with music". Deccan Herald. Deccan Herald. https://www.deccanherald.com/features/banding-together-with-music-1042696.html আহৰণ কৰা হৈছে: 14 November 2024.
  18. "Breaking the silence". IMDB. IMDB. https://www.imdb.com/title/tt27443748/ আহৰণ কৰা হৈছে: 14 November 2024.
  19. Agarwala, Tora (December 27, 202). "How an all-girl music band went a note ahead of times in 1980s Assam". Indian Express. The Indian Express. https://indianexpress.com/article/north-east-india/assam/how-an-all-girl-music-band-went-a-note-ahead-of-times-in-1980s-assam-7120006/ আহৰণ কৰা হৈছে: 14 November 2024.
  20. "COMPETITION SHORT DOCUMENTARY". International Documentary and Short Film Festival of Kerala. https://idsffk.in/filmdetail/NzM1NDU1MzMuNg== আহৰণ কৰা হৈছে: 14 November 2024.
  21. "Best director award to Parthajit Baruah". The hill times. The hill times. December 13, 2022. Archived from the original on 19 July 2025. https://web.archive.org/web/20250719054852/https://thehillstimes.in/assam/best-director-award-to-parthajit-baruah আহৰণ কৰা হৈছে: 14 November 2024.
  22. "Row over film on Neel Pawan Baruah: Assam artists clamour for boycott of ‘Brush Stroke’". North East Now. North East. February 14, 2023. https://nenow.in/north-east-news/assam/row-over-film-on-neel-pawan-baruah-assam-artists-clamour-for-boycott-of-brush-stroke.html আহৰণ কৰা হৈছে: 14 November 2024.
  23. "Brush Stroke by Parthajit Baruah : তথ্যচিত্ৰ ব্ৰাছ ষ্ট্ৰ’কৰ প্ৰদৰ্শনী বন্ধ কৰাৰ দাবী শিল্পী সমাজৰ". ETV Bharat. ETV. Feb 12, 2023. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/assam-artists-demands-show-close-of-brush-stroke-documentary/assam20230212195805551551640 আহৰণ কৰা হৈছে: 14 November 2024.
  24. "Assamese film: Nellier Kotha". North East Film Journal. 17 July 2023. https://northeastfilmjournal.com/assamese-film-nellier-kotha-the-nellie-story আহৰণ কৰা হৈছে: 14 November 2024.
  25. 1 2 "Nellier Kotha". IMDb. https://www.imdb.com/title/tt28328078/ আহৰণ কৰা হৈছে: 14 November 2024.
  26. Bhuyan,Kalpajyoti (October 27, 2023). "The Nellie Story’: Parthajit Baruah’s film brings a human face to a historical tragedy of Assam". nenow. The News Now. https://nenow.in/entertainment/the-nellie-story-parthajit-baruahs-film-brings-a-human-face-to-a-historical-tragedy-of-assam.html আহৰণ কৰা হৈছে: 14 November 2024.
  27. Borkotoky, Rimli (16 December 2023). "চিনেমা বাৰ্তা: নেলীৰ কথা". Assam NENOW. Assam NENow. https://assam.nenow.in/a-review-of-the-assamese-film-nellier-kotha-the-nellie-story/ আহৰণ কৰা হৈছে: 14 November 2024.
  28. "১৮ ফেব্ৰুৱাৰী,১৯৮৩ চনত নেলীত কি হৈছিল ? “নেলীৰ কথা” জানিবলৈ আহক ছবিগৃহলৈ". ঈশান নিউজ. Ishan News. Dec 9, 2023. https://ishannews.com/2023/12/09/%E0%A7%A7%E0%A7%AE-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A7%A7%E0%A7%AF%E0%A7%AE%E0%A7%A9-%E0%A6%9A%E0%A6%A8%E0%A6%A4-%E0%A6%A8%E0%A7%87/ আহৰণ কৰা হৈছে: 14 November 2024.[সংযোগবিহীন উৎস]
  29. "Face to face — the cinema of Adoor Gopalakrishnan". filmcriticscircle. https://filmcriticscircle.com/journal/book-reviews/the-cinema-of-adoor-gopalakrishnan/ আহৰণ কৰা হৈছে: 14 November 2024.
  30. "How Assam’s Jyotiprasad Agarwala almost became India’s first filmmaker". The News Mill. The News Mill. 4 January 2022. https://thenewsmill.com/2022/01/how-assams-jyotiprasad-agarwala-almost-became-indias-first-filmmaker/ আহৰণ কৰা হৈছে: 14 November 2024.
  31. Bhuyan, Kalpajyoti (2 January 2022). "A book that takes Assamese cinema’s Jyotiprasad Agarwala to India and beyond". East Mojo. The East Mojo. Archived from the original on 5 June 2025. https://web.archive.org/web/20250605170540/https://eastmojo.com/assam/2022/01/02/rediscovering-jyotiprasad-parthajit-baruahs-new-book-takes-jyotiprasad-agarwala-to-india-and-beyond/ আহৰণ কৰা হৈছে: 14 November 2024.
  32. "Parthajit Baruah". Goodreads. https://www.goodreads.com/author/show/15903728.Parthajit_Baruah আহৰণ কৰা হৈছে: 13 November 2024.
  33. "Face-to-Face". https://smiblropac.koha.manipal.edu/cgi-bin/koha/opac-detail.pl?biblionumber=5700&query_desc=Provider%3AHarper%20Collins%2C আহৰণ কৰা হৈছে: 13 November 2024.
  34. "Face-to-Face: The Cinema of Adoor Gopalakrishnan". GoogleBooks. GoogleBooks. https://books.google.co.in/books/about/Face_to_Face_The_Cinema_of_Adoor_Gopalak.html?id=ceoovgAACAAJ&redir_esc=y আহৰণ কৰা হৈছে: 13 November 2024.
  35. "Books". Parthajit Baruah. Archived from the original on 17 September 2024. https://web.archive.org/web/20240917182417/https://parthajitbaruah.com/books.html আহৰণ কৰা হৈছে: 13 November 2024.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]