সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৪/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিমিডিয়া শীৰ্ষ প্ৰযুক্তি সন্মিলনত সদস্য ঈশান জ্যোতি বৰা

ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু ‘তথ্য-প্ৰযুক্তিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান-হায়দৰাবাদ’ (IIIT)ৰ সহযোগত অক্টোবৰ মাহৰ ৪ আৰু ৫ তাৰিখে টেলেংগানাৰ হোটেল হায়াট গচ্চিৱলীত তৃতীয়খন ‘ৱিকিমিডিয়া প্ৰযুক্তি শীৰ্ষ সন্মিলন’ অনুষ্ঠিত হয়। অসমীয়া, বাংলা, তেলেগু, হিন্দী, তামিল ভাষাকে ধৰি ভাৰতৰ বহুকেইটা ৱিকি-প্ৰকল্পৰ স্বেচ্ছাসেৱক, প্ৰতিনিধি, বিটছ্ পিলানী আৰু আইআইআইটিৰ অভিজ্ঞ অধ্যাপক, কম্পিউটাৰ অভিযন্তা, গৱেষক আৰু প্ৰযুক্তিবিদ এই সন্মিলনত উপস্থিত থাকে। কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ দুদিনীয়া প্ৰযুক্তি সন্মিলনখনিত উপস্থিত থাকিবলৈ, আমি অসমীয়া ৱিকিমিডিয়া সমাজৰ তিনিগৰাকী স্বেচ্ছাসেৱক ক্ৰমে, অজয় দাস, ভাস্কৰ জ্যোতি ভূঞাৰ লগতে মই সম্পূৰ্ণ জলপানি লাভ কৰোঁ। ভাৰতবৰ্ষৰ থলুৱা আৰু প্ৰান্তীয় ভাষা-সম্প্ৰদায়সমূহক একত্ৰিত কৰাৰ লগতে ৱিকিমিডিয়া প্ৰকল্পত ভাষাসমূহক কিদৰে কাৰিকৰী দিশৰ পৰা সহযোগিতা প্ৰদান কৰিব পাৰি - সেই বিষয়ে সন্মিলনত একাধিক আলোচনা হয়। ৱিকিমিডিয়া প্ৰকল্পসমূহত শিক্ষাৰ্থী, আগশাৰীৰ শিক্ষা আৰু চৰকাৰী প্ৰতিষ্ঠানৰ গৱেষক, অপেন চৰ্চ প্ৰযুক্তিৰ লগত জড়িত অধ্যাপক আৰু প্ৰযুক্তিবিদসকল স্বেচ্ছামূলকভাৱে জড়িত হোৱাটো ইতিবাচক দিশ। সহযোগিতাৰ জৰিয়তে এই সন্মিলনে কাৰিকৰী প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি একাধিক ভাষাত জ্ঞানৰ সহজলভ্যতা বৃদ্ধিৰ পোষকতা কৰে। ইয়াৰোপৰি আধুনিক বৈশিষ্ট্যপূৰ্ণ আৰু সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়াকৈ প্ৰস্তুত কৰা ভালেমান অ-লাভজনক ছফ্টৱেৰ আৰু প্ৰযুক্তি-সঁজুলি সন্মিলনিত প্ৰদৰ্শিত হয়। জনজাতীয় আৰু কিছুসংখ্যক অল্পচৰ্চিত ভাষাক কম্পিউটাৰ প্ৰযুক্তিৰে সংৰক্ষণ, কৃত্ৰিম বুদ্ধিমত্তাৰ সন্তুলিত প্ৰয়োগ, মৌখিক শব্দাৱলীৰ নমুনা সংগ্ৰহেৰে ভাষ্য চিনাক্তকৰণ ব্যৱস্থা, বিপন্নপ্ৰায় ভাষাৰ সংৰক্ষণৰ হকে কাম কৰি থকা ‘বোলে চেটো’, ভূ-স্থানীয় প্ৰযুক্তি আদি একাধিক বিষয় সম্বন্ধে সন্মিলনিত আলোচনা হয়। - Ishanjyotibora (বাৰ্তা) 02:15, 1 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]