ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৩/ৱিকিমিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিজ্ঞলোকে কয় মানুহৰ জীৱনত শিক্ষা আহৰণ কেতিয়াও শেষ নহয়। তেনেদৰে ময়ো ৱিকিত খোজ দিয়াৰ পৰাহে যেন নতুনকৈ শিক্ষাৰ্থীৰ জীৱন আৰম্ভ কৰিছো। ট্ৰেইন-দ্য-ট্ৰেইনাৰ (Train the Trainer) ত মোক জলপানিসহ বাছনি কৰাত আচৰিত হৈছিলো কাৰণ মোৰ কাৰিকৰী জ্ঞান তেনেই সীমিত। তথাপিও ওলালো, যিমান পাৰোঁ শিকিবলৈ যত্ন কৰিম বুলিয়েই...আনহাতে চন্দন চিৰিং ফুকনকো বাছনি কৰাত সহযাত্ৰী হিচাপে পাই যথেষ্ট উপকৃত হ'লো। ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া আমি কোচিৰ হোটেল মাৰিয়টত উপস্থিত হ'লো। থকা-খোৱাৰ সুন্দৰ ব্যৱস্থা। আমি লৈ যোৱা পিঠা-লাৰুৱে চাহৰ টেবুলখন শুৱনি কৰি তুলিছিল। প্ৰশিক্ষণৰ আৰম্ভণিতে পাঞ্জাবী আৰু চাওঁতালি ভাষাৰ দুজন সদস্যক তেওঁলোকৰ অনন্য অৱদানৰ বাবে লেপটপ উপহাৰ দিয়া কাৰ্য্যসূচীয়ে সকলোকে উৎসাহিত কৰি তুলিছিল। প্ৰত্যেক দিনাই ন বজাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হৈছিল। সকলোৰে পৰিচয় পৰ্বৰে প্ৰশিক্ষণৰ আৰম্ভণি কৰিছিল তনৱীৰ হাচানে, লগতে ট্ৰেইন-দ্য-ট্ৰেইনাৰ কাৰ্য্যসূচীৰ প্ৰতি আমাৰ প্ৰতিক্ৰিয়াৰ বিষয়েও সোধা হৈছিল। পৰিচয় পৰ্বৰ পিছতেই আমাক পাঁচজনকৈ পাঁচটা বিভিন্ন ভাষাৰ সদস্যৰ সৈতে গ্ৰুপ কৰি দিছিল।

ইয়াৰ পিছত আমাক অনলাইন মাধ্যমৰ জৰিয়তে কিছুমান ৱিকিমিডিয়ান বিশেষজ্ঞৰ সৈতে প্ৰত্যেকটো গ্ৰুপক একোজনকৈ স্পীকাৰে প্ৰেজেণ্টেশ্যন দিছিল। আমাৰ গ্ৰুপটোক ৰোহিনী লক্ষণে ৱিকিপিডিয়া আৰু কমন্সৰ বিষয়ে কৈছিল। দ্বিতীয়দিনা আমাৰ গ্ৰুপটোৰ স্পীকাৰ আছিল কে.চি.ভেলাগা। তেওঁ ছাত্ৰ- ছাত্ৰীসকলক ৱিকিমিডিয়া প্ৰকল্পত যোগদান কৰাৰ কাৰ্য্যসূচী কিছুমানৰ কথা আলোচনা কৰিছিল। ইয়াৰ পিছতে কনফাৰেন্স হলত ৱিকিপিডিয়ানসকলৰ অৰিহনা আৰু প্ৰত্যাহ্বানৰ বিষয়ে কৈছিল নীতেশ গীলে। ৱিকিৰ বিভিন্ন উন্নত পদ্ধতিৰ বিষয়ে প্ৰেজেণ্টেশ্যন দিছিল নিৱাচ আৰু জিনয়ে। আন এজন উদ্যোক্তা ৱিপিন, তেওঁ ৱিকিৰ লাইব্ৰেৰী আৰু ভৱিষ্যতৰ প্ৰজেক্টসমূহৰ বিষয়ে সকলোৰে লগত আলোচনা কৰিছিল। সুবোধ কুলকাৰ্নীয়ে ৱিকিউৎসৰ বিষয়ে প্ৰেজেণ্টেশ্যন দি কেনেকৈ কিতাপৰ সংগ্ৰহ আৰু ডিজিটাইজেচন কৰিব পাৰি জনাইছিল। বৰ্তমান চলি থকা পদক্ষেপসমূহৰ বিষয়ে পৱন চন্তুছে বিশদভাৱে কৈছিল। লগতে পদ্মিনী ৰয়ে এটা ভাষাক কেনেধৰণে সবল কৰিব পাৰি তাৰ পদক্ষেপসমূহৰ বিষয়ে জনাইছিল। প্ৰশিক্ষণৰ কালচোৱাত Smallwiki toolkits (bots), MediaWiki developers, Diff আদিৰ লগতে মালয়ালম ৱিকিয়ে হাতত লোৱা Wiki loves Muziris আদি প্ৰকল্পৰ বিষয়ে অৱগত কৰিছিল। এডিটাথনবিলাকে নতুন সদস্যক আকৰ্ষণ আৰু ধৰি ৰখাত কেনেদৰে সহায় কৰে,আৰু ৱিকিডাটাত স্কুল, পঞ্চায়ত আদিৰ তথ্য কেনেকৈ সংযোগ কৰিব পাৰি সেই বিষয়ে বুজাইছিল। তদুপৰি ৱিকিউৎসৰ অত্যাধুনিক স্কেনাৰেৰে কেনেকৈ কিতাপ স্কেন কৰা হয় তাৰো প্ৰশিক্ষণ দিয়া হৈছিল।

এই প্ৰশিক্ষণত প্ৰত্যেক দিনাই গ্ৰুপ এক্টিভিটিবিলাকৰ যোগেদি বিভিন্ন ৱিকিৰ সদস্যসকলৰ মনৰ ভাৱবোৰৰ আদান প্ৰদান কৰিবলৈ সুবিধা দিছিল। প্ৰত্যেকটো গ্ৰুপক কিছুমান প্ৰশ্ন দিয়া হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ একোখন চাৰ্টত ষ্টিকি নোটত লিখিব লগা হৈছিল। লগতে সেই নোটবিলাক গ্ৰুপৰ সদস্যসকলে বিশ্লেষণ কৰিছিল। বিভিন্ন ভাষাৰ সদস্যসকলৰ সৈতে একেলগে গ্ৰুপত কাম কৰাটো এক অনন্য অভিজ্ঞতা আছিল। ব্যস্ততাৰে ভৰা প্ৰশিক্ষণৰ মাজতে ফৰ্ট কোচিলৈ ফুৰাবলৈ নিয়া কাৰ্যসূচীয়ে প্ৰথমবাৰৰ বাবে water metro-ত উঠাৰ সুযোগ দিলে। এই যাত্ৰাতে চেণ্ট ফ্ৰান্সিছ চাৰ্চ, ভাস্কো দা গামাৰ প্ৰথম গীৰ্জা, ডাচ চেমিনাৰী, চাইনা ভেলা আদি ঐতিহাসিক কীৰ্তিচিহ্নবোৰ চাই অভিভূত হৈ পৰিছিলো। বাঁহৰ মাছ ধৰা জাল আৰু বেৰত কৰা আৰ্টবিলাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

শেষৰ দিনা প্ৰশিক্ষণৰ অন্তত চন্দন আৰু মই ট্ৰেইন-দ্য-ট্ৰেইনাৰ উদ্যোক্তাসকলক একোখনকৈ ফুলাম গামোচাৰে সন্মান যাচিলো। বিদায় বেলাত CIS-A2K ৰ ফালৰ পৰা সকলো সদস্যকে একোটাকৈ সুন্দৰ লেপটপৰ বেগ উপহাৰ দিলে। প্ৰশিক্ষণৰ মুহূৰ্তবোৰত অনুভৱ হৈছিল শিক্ষাৰ্থীৰ জীৱন। ৱিকিৰ বিদ্যালয়খনিত ইমান কথা শিকিব লগা আছে। কিন্তু ইংৰাজী ভাষাত দখল নথকাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হৈছিলো। নিজৰ মাতৃভাষাৰ লগতে যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজী ভাষাও আৱশ্যক যেন অনুভৱ হ'ল। এই প্ৰশিক্ষণৰ অভিজ্ঞতাই মোক ৱিকিত অৰিহনা যোগোৱাৰ বহুতো নতুন দিশ দেখুৱালে। ট্ৰেইন-দ্য-ট্ৰেইনাৰত যোগদান কৰিবলৈ সুবিধা পোৱা বাবে CIS-A2K ৰ সমূহ সদস্যক আন্তৰিক ধন্যবাদ জনালো।

Rumi Borah~aswiki (বাৰ্তা) 13:40, 29 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]