ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃষ্ণা সোণোৱাল

পোনতে সমূহ অগ্ৰজ অসমীয়া ৱিকিমিডিয়ানলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।

যোৱা ২ জানুৱাৰী, ২০২২ তাৰিখে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ আলোচনা-কক্ষত অনুষ্ঠিত হৈ যোৱা কৰ্মশালাখনৰ পৰা কিমান বেছি উপকৃত, সমৃদ্ধ হ'লোঁ সেয়া ভাষাৰে বুজাবলৈ, শব্দৰে প্ৰকাশ কৰিবলৈ মই অপাৰগ। কৌতূহল আৰু আগ্ৰহবশতঃ ২০২০ চনৰ আগষ্ট মাহত ফেচবুক গোটৰ এজন হিচাপে সোমাই তাতে থকা অভিজ্ঞ বিভিন্নজনৰ আপাহতে একাউণ্ট এটা খুলিছিলোঁ আৰু ২০২১ চনৰ শেষৰফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগে অনুষ্ঠিত কৰা কৰ্মশালাখনিত শ্ৰীমান ভাস্কৰ ভূঞা আৰু শ্ৰীমান নয়ন জ্যোতি নাথক লগ পোৱাৰ সৌভাগ্য হয়। তেওঁলোক দুজনে কৰ্মশালাখনিত সিদিনা সকলো অংশগ্ৰহণকাৰীক দিয়া প্ৰেৰণাই মনত সাৰপানী যোগাইছিল কামটো শিকি বুজি লৈ ভালকৈ মূৰ গুঁজি কৰিম বুলি ভাবিবলৈ। আৰু তাৰ পৰিপ্ৰেক্ষিতত এই প্ৰশিক্ষণৰ অংশীদাৰ হ'ব পাৰিলোঁ। আলোচনা হোৱা সকলোখিনিয়ে নিৰহ-নিপানীকৈ বুজি পোৱা নাই যদিও, তাৰ মাজতে ক'ৰবাত যেন আঁত এটাও বিচাৰি পাইছোঁ, নোৱাৰিলে সুধিব পাৰিম বুলি মনত সাহসকণ পাইছোঁ... বিশেষকৈ কৰ্মশালা খনিৰ চাৰিওজন সমলব্যক্তিৰ বক্তব্যই যথেষ্ট উৎসাহিত কৰিছে।

পুনৰবাৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। নিজৰ ভাষাটোৰ বাবে যৎকিঞ্চিৎ পাৰোঁ শিকি যাম আৰু কৰি যাম...

সকলোৱে বাট দেখুৱাই নিব বুলি আশা কৰিলোঁ...!


- কৃষ্ণা সোণোৱাল 15:03, 2 February 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]