ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২০/উচৰ্গা
অৱয়ব
২০২০ চনৰ ২৯ এপ্ৰিলত মাত্ৰ ৫৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক পদ্মশ্ৰী বঁটা বিজয়ী ইৰফান খান আৰু ২০২০ চনৰ ৩০ এপ্ৰিলত ৬৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা ঘাইকৈ হিন্দী চলচ্চিত্ৰ জগতলৈ অৱদান আগবঢ়োৱা অন্যতম ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক ঋষি কাপুৰ , এই দুই মহাতাৰকালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাই এই মাহৰ ৱিকিপত্ৰিকাখন উচৰ্গা কৰা হৈছে।
- প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ প্ৰায় ৫০ খন ভাৰতীয় ছবিত অভিনয় কৰি কলাত্মক আৰু সুকীয়া অভিনয়শৈলীৰ বাবে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰা ইৰফান খানৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত পঢ়ক।
- ১৯৭৩ চনৰ পৰা ২০০০ চনলৈ প্ৰায় ৯২ খন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ঋষি কাপুৰৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত পঢ়ক।