ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভোলানাথ বৰুৱা

ভোলানাথ বৰুৱা (১৮৫৩-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল। তেওঁক সাধাৰণতে শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়। তেওঁক প্ৰায়েই সাউদ ভোলানাথ বৰুৱা অথবা সদাগৰ ভোলানাথ বৰুৱা হিচাপে সম্বোধন কৰা হয়। ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিছিল আৰু ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষা প্ৰতিষ্ঠান আৰু ভাষা-সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল। ভাৰতৰ কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত এইচ আৰ এইচ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী(পাৱেট) প্ৰতিষ্ঠাৰ বাবে ভোলানাথ বৰুৱাই ১৯২২ চনতেই এক লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল। উল্লেখযোগ্য যে, বৰুৱা চিৰকুমাৰ হৈ আছিল। বিতংকৈ পঢ়ক...


যোৱা মাহৰ ভাল প্ৰবন্ধ ক'ৰণা ভাইৰাছ ৰোগ ২০১৯ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...