ৱিকিপিডিয়া বাৰ্তা:অনলাইন ৱিকিসভা/২০২৩

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেওবাৰ, ৩০ এপ্ৰিলৰ ৱিকিসভা সম্পৰ্কে[সম্পাদনা কৰক]

মাননীয় সদস্যসকল, আমাৰ বহুকেইগৰাকী সক্ৰিয় সদস্য হায়দৰাবাদৰ ৱিকিকনফাৰেঞ্চত থকাৰ পৰিপ্ৰেক্ষিতত কালিলৈ হ'বলগীয়া ৱিকিসভাখন অনুষ্ঠিত কৰিব পৰা যাব নে? অনুগ্ৰহ কৰি সকলোৱে মন্তব্য আগবঢ়াব।-Chandan Chiring Phukon Chat 16:49, 29 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

চন্দন, যোৱামাহৰ ৱিকিসভাত কৰা আলোচনা অনুসৰি সকলোৱে তাত থকাৰ সময়তে এইমাহৰ ৱিকিসভাখনত উপস্থিত থকাত সন্মতি জনাইছিল। কাইলৈ ৱিকিকনফাৰেঞ্চৰ সামৰণি পৰাৰ পিছত নিশালৈ আহৰি ওলাব বুলিও আশা কৰা হৈছিল। তাৰপিছত কিবা সালসলনি হৈছে যদি গম নাপাওঁ পিছে।
Joli Rumi (বাৰ্তা) 22:34, 29 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Joli Rumi বা, নয়নে কোৱা মতে আজি তেওঁলোকৰ 'আউটিং' আছে সন্ধিয়া। সভাৰ সময় যিহেতু ৮ বজা, গতিকে তেতিয়ালৈকে তেওঁলোক আজৰি হ'ব নে নাই সেই বিষয়ে নিশ্চিত নহ'লে পিছুৱাই দিয়া ভাল হ'ব মোৰ বোধেৰে। -Chandan Chiring Phukon Chat 03:23, 30 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]