সমললৈ যাওক

চন্দ্ৰ এক্স-ৰশ্মি মানমন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Advanced X-ray Astrophysics Facilityৰ পৰা পুনঃনিৰ্দেশিত)

চন্দ্ৰ এক্স-ৰে' মানমন্দিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মহাকাশ দূৰবীক্ষণ যন্ত্ৰ। ভাৰতীয়-আমেৰিকান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী সুব্ৰমনিয়ম চন্দ্ৰশেখৰৰ নামৰে ৰখা এই দূৰবীক্ষণ যন্ত্ৰটো ১৯৯৯ চনত ইয়াৰ কক্ষপথলৈ নিক্ষেপ কৰা হয়। ইয়াৰ দাপোণখনৰ ছিদ্ৰ ১.২ মিটাৰ (৪ ফুট) আৰু ফ'কেল দৈৰ্ঘ্য ১০ মিটাৰ (৩৩ ফুট)। কেমেৰাৰ উপৰিও চন্দ্ৰৰ এটা ট্ৰেন্সমিটাৰ আছে যি ০.০৭-১০ KeV পৰিসৰত উচ্চ-ৰিজল্যুচনৰ সংকেত পঠিয়াব পাৰে। এই দূৰবীক্ষণেৰে ঘাইকৈ কৃষ্ণ গহ্বৰ, চুপাৰন'ভাৰ অৱশেষ, ষ্টাৰবাৰ্ষ্ট তাৰকাৰাজ্য আদি অধ্যয়ন কৰা হয়।[1] পূৰ্বে এই মানমন্দিৰটো ‘এডভাঞ্চড্ এক্স-ৰে' এষ্ট্ৰ'ফিজিক্স ফেচিলিটি’ (সংক্ষেপে AXAF) হিচাপে জনাজাত আছিল।

চন্দ্ৰ এক্স-ৰে' মানমন্দিৰৰ চিত্ৰ
১৯৯৯ চনৰ ৭ আগষ্টৰ পৰা ২০১৯ চনৰ ৮ মাৰ্চলৈ দূৰবীক্ষণ যন্ত্ৰটোৱে পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰা কক্ষপথৰ এনিমেছন
      চন্দ্ৰ ·       পৃথিৱী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hoiberg Dale H. (Editor) (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc.. পৃষ্ঠা. 133. ISBN 978-1-6-61535-687-4. 

বাহ্যিক লিংক

[সম্পাদনা কৰক]