বেজান দাৰুৱালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bejan Daruwallaৰ পৰা পুনঃনিৰ্দেশিত)
জ্যোতিষী বেজান দাৰুৱালা
জন্ম ১১ জুলাই ১৯৩১
মুম্বাই, ভাৰত
মৃত্যু ২৯ মে', ২০২০ (৮৮ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা জ্যোতিষী
ৱেবছাইট
www.bejandaruwalla.com

বেজান দাৰুৱালা (ইংৰাজী: Bejan Daruwalla; ১১ জুলাই ১৯৩১ – ২৯ মে’ ২০২০) এগৰাকী ভাৰতীয় জ্যোতিষ স্তম্ভলেখক। তেখেতে আহমেদাবাদত ইংৰাজীৰ অধ্যাপক হিচাপেও কাম কৰিছিল। পাৰ্ছী বংশোদ্ভৱ হোৱা সত্ত্বেও তেখেত হিন্দু দেৱতা গণেশৰ নিষ্ঠাবান ভক্ত আছিল। তেখেতৰ জ্যোতিষ পদ্ধতিসমূহ হ'ল বৈদিক জ্যোতিষ, পশ্চিমীয়া জ্যোতিষ, আই-চি (I-Ching), টেৰত ৰিডিং (Tarot reading), কাবালা (Kabalah) আৰু হস্তৰেখা.

সমগ্ৰ পৃথিৱীৰে বহুতো বাতৰিকাকত, আলোচনী, টেলিভিছন ছেনেল আৰু প্ৰকাশন গোষ্ঠীৰ সৈতে দাৰুৱালা জড়িত হৈ আছিল। জ্যোতিষ শিক্ষা আৰু প্ৰসাৰৰ কামত বেজান দাৰুৱালা সক্ৰিয়ভাৱে জড়িত হৈ আছিল আৰু বহুতৰে জীৱনক প্ৰভাৱিত কৰিব পাৰিছিল। গ্ৰহ-নক্ষত্ৰৰ স্থানৰ বিস্তৃত বিশ্লেষণ আৰু পৃথিৱীত ইয়াৰ প্ৰভাৱৰ বিষয়ে কৰা ভবিষ্যদ্বাণীৰ বাবে গোটেই বিশ্বৰে তেখেতে বিশ্বাস অৰ্জন কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

২৯ মে’, ২০২০ ৰ দিনা বেজান দাৰুৱালা গুজৰাটৰ আহমেদাবাদত স্বৰ্গী হয়।[1][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]