সমললৈ যাওক

বিভূতি লহকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bibhuti Lahkarৰ পৰা পুনঃনিৰ্দেশিত)

বিভূতি প্ৰসাদ লহকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু পৰিস্থিতি বিজ্ঞানী (Ecologist)।[1] তেওঁ অসমৰ ঘাঁহনি অঞ্চলৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয় আছিল অসমমানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নল গাহৰিৰ বিস্তৃতি অধ্যয়ন।

ড॰ বিভূতি লহকৰে অসমৰ মানাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিৰ পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন দিশৰ ওপৰত গৱেষণা চলাই আহিছে। [2]

মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটা দশক ধৰি তেওঁ কৰি অহা প্ৰচেষ্টাৰ বাবে ২০১১ চনত উদ্যানখন বিপদাক্ৰান্ত ৱৰ্ল্ড হেৰিটেজ চাইট (World Heritage in Danger) ৰ তালিকাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়। মানাহৰ কাষৰীয়া গাঁৱসমূহত তেওঁ ভালেসংখ্যক সভা আৰু আলোচনাচক্ৰৰ আয়োজন কৰি স্থানীয় লোকক উদ্যানখনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰি আহিছে। তদুপৰি স্থানীয় যুৱকসকলক দৰকাৰী প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত তেওঁ অৱদান যোগাইছ। তেওঁ এশৰো অধিক যুৱক-যুৱতীক জীৱবৈচিত্ৰ্যৰ জৰীপ আৰু ট্যুৰ গাইড হোৱাৰ প্ৰশিক্ষণ দিছে বুলি জনা যায়। [3]

বিভূতি লহকৰে মানাহত সামাজিক সংৰক্ষণৰ আৰু হোলোঙাপাৰ গিবন অভয়াৰণ্যহলৌ বান্দৰৰ গৱেষণাৰ বাবে ৰাফৰ্ডছ ফাউণ্ডেশ্যনৰ পৰা পুঁজি লাভ কৰিছে।[4]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • আই ইউ চি এন ৱৰ্ল্ড হেৰিটেজ হিৰ’ বঁটা (IUCN World Heritage Hero Award)[5]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Assam ecologist nominated for IUCN award". The Assam Tribune. 25 August 2016. Archived from the original on 2016-08-28. https://web.archive.org/web/20160828212639/http://www.assamtribune.com/scripts/detailsnew.asp?id=aug2616/city054 আহৰণ কৰা হৈছে: 2016-08-27.
  2. "Land-use and land-cover change and future implication analysis in Manas National Park, India using multi-temporal satellite data". Current Science VOL. 95, NO. 2, 25 JULY 2008. 25 July 2008. http://www.currentscience.ac.in/Downloads/download_pdf.php?titleid=id_095_02_0223_0227_0 আহৰণ কৰা হৈছে: 2016-08-27.
  3. https://www.iucn.org/theme/world-heritage/our-work/global-world-heritage-projects/heritage-heroes/bibhuti-lahkar
  4. "Bibhuti Prasad Lahkar: Strengthening the Conservation Regime of Manas World Heritage Site Through Community Participation". The Rufford Foundation. http://www.rufford.org/rsg/projects/bibhuti_lahkar আহৰণ কৰা হৈছে: 2016-08-31.
  5. "Bibhuto Lahkar". IUCN. https://www.iucn.org/theme/world-heritage/our-work/more-projects/bibhuti-lahkar আহৰণ কৰা হৈছে: 2016-08-27.