বোকাখাত মহকুমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bokakhat subdivisionৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
বোকাখাত মহকুমা
—  মহকুমা  —
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গোলাঘাট
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
আই এচ অ’ ৩১৬৬ কোড IN-AS
যানবাহনৰ নম্বৰ AS-
ৱেবছাইট http://bokakhat.gov.in/

বােকাখাত মহকুমা (ইংৰাজীBokakhat Sub division) হৈছে গোলাঘাট জিলাৰ তিনিটা মহকুমাৰ ভিতৰত অন্যতম। ১৯৯২ চনত গােলাঘাট মহকুমাৰ পৰা ফালি আনি প্ৰথমতে ৰঙামাটি, মহুৰা, খুমটাই মৌজাৰ একাংশ, বােকাখাত আৰু কাজিৰঙা মৌজাক লৈ এই মহকুমাৰ গঠন কৰা হৈছিল।[1] পৰৱৰ্তী সময়ত খুমটাই আৰু ৰঙামাটি মৌজাক পূৰ্বৰ গােলাঘাট জিলাত চামিল কৰাত মহুৰা, বােকাখাত আৰু কাজিৰঙা এই তিনিটা মৌজাক লৈয়ে বােকাখাত মহকুমা। এই মহকুমাত দুটা ৰাজহ চক্ৰ খুমটাই আৰু বােকাখাতে তিনিওটা মৌজাক সামৰিছে। ৰঙামাটি মৌজা বােকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ আছে।

ইতিহাস[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ এক বিশাল উপত্যকা অঞ্চল। ১৮৩৮ চনলৈকে আহােম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজ্যৰ পশ্চিমৰ এটা অংশ আছিল। আহােম ৰাজত্বকালত এই অঞ্চলটো বৰ্তমানৰ বােকাখাতৰ পৰা মৰঙী মৌজা সামৰি নামদৈয়াং নামে প্ৰখ্যাত আছিল।[2]

বােকাখাত নামটোৱে ব্ৰিটিছ শাসনৰ আগতে প্ৰাধান্যলাভ কৰে। নুমলীগড়ৰ পৰা বাগৰিলৈকে ব্ৰিটিছসকলৰ শাসনৰ প্ৰথম অৱস্থাত খাগৰিজান (নগাঁও) জিলাৰ ভিতৰুৱা আছিল। পৰৱৰ্তী সময়তহে শিৱসাগৰ জিলাৰ লগত শাসনৰ সুবিধাৰ্থে সংযােগ কৰা হ’ল। স্বৰ্গদেউ চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনত মুছলমান সেনাপতি তুৰ্বকে অসম আক্ৰমণ কৰোঁতে কনচেং বৰপাত্ৰ গােহাঁইৰ হাতত তুৰ্বকৰ মৃত্যু হােৱাত বন্দী হিচাপে অনা এহেজাৰ মুছলমান সৈন্যক লখৌগড়ৰ (ৰাজগড়) মূৰত বসতি কৰিবলৈ দিয়ে আৰু হাতী ঘাঁহী কামত নিয়ােগ কৰে। সিহঁতৰ অকৰ্মণ্যতাৰ বাবে গড়মূৰ খাতত খেতি কৰিবলৈ লগায়। বন্দী পাঠানহঁতে লুইত আৰু দিহিঙৰ সংগমস্থলৰ হােলাৰ পৰা বােকা আনি শুকান মাটিত কঠীয়া ৰুই খেতি কৰে। এবছৰ খেতি কৰি মাত্ৰ ছশ ডাঙৰী পােৱাত সিহঁতক নিষ্কৰ্মাবুলি ভাবি এৰি দিয়ে। হােলাৰ পৰা বােকা আনি খেতি কৰাৰ বাবে ঠাইখণ্ডৰ নাম বােকাখাত হ’ল।[2]

অৱস্থান[সম্পাদনা কৰক]

২৬ ডিগ্ৰী আৰু ২৭ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯৩.৫৯৪ ডিগ্ৰী পূৰ্ব দ্ৰাঘিমাংশৰ মাজত বােকাখাত মহকুমা অৱস্থিত। এই মহকুমাৰ উত্তৰে ব্ৰহ্মপুত্ৰ, পুবে দৰিয়া জান, দক্ষিণে পালাঘাট মহকুমা আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে নগাঁও জিলা (কলিয়াবৰ মহকুমা)। মহকুমাটোৰ গড় হিচাপে জহকালিৰ অপমাত্ৰা সৰ্বোচ্চ ৩৭° চেলচিয়াছ আৰু শীতকালত ১০° চেলচিয়াছৰ আশেপাশে থাকে।

ৰঙামাটিৰ পৰা বাগৰিলৈকে দীঘে প্ৰায় ৭০ কিলােমিটাৰ আৰু প্ৰস্থ ৩০ কিলােমিটাৰ। অৱশ্যে একেবাৰে পশ্চিমাংশত ৬ কিলােমিটাৰ প্ৰস্থৰ এই ভূখণ্ডই হৈছে প্ৰশাসনিক বােকাখাত মহকুমা। বােকাখাতৰ মাজেদি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। সমগ্ৰ মহকুমাটোকে এইপথে সামৰি লৈছে। বােকাখাতৰ মাজেদি ৰেলপথৰ ব্যৱস্থা নাই। বাদুলীপাৰ ৰেল ষ্টেচনৰ বাদে কোনাে ৰেল ষ্টেচন মহকুমাটোত নাই। ধনশিৰিমুখ-গমিৰি ফেৰী সেৱা বৰ্তমান চলি আছে। এসময়ত ধনশিৰিমুখ ব্ৰহ্মপুত্ৰৰ এটা বিখ্যাত জাহাজঘাট আছিল।[1]

মহকুমাটোত নগৰ এখন। সিয়েই হৈছে বােকাখাত মহকুমাৰ সদৰ বােকাখাত চহৰ। নগৰ সমিতিৰ পৰা বৰ্তমান পৌৰসভা হৈছে। ইয়াত ৪টা ৱাৰ্ড আছে। মহকুমাধিপতি কাৰ্যালয়, পৌৰসভাৰ কাৰ্যালয়, পৰিদৰ্শন বঙলা, খণ্ড বন বিষয়াৰ কাৰ্যালয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ৰ লগতে ভালেকেইটা বিভাগৰ কাৰ্যালয় আছে। বােকাখাত আদালত ভৱন বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত। মহকুমাটোত বােকাখাত ষ্টেডিয়ামৰ বাদে অন্য ঠাইত উন্নতমানৰ খেলপথাৰৰ অভাৱ। অৱশ্যে নুমলীগড়ত এন আৰ এলৰ দ্বাৰা পৰিচালিত এখন ফুটবল একাডেমী আছে।

শিক্ষা[সম্পাদনা কৰক]

সমগ্ৰ বােকাখাত মহকুমাত পাশ্চাত্য শিক্ষাৰ পাতনি বিংশ শতিকাৰ প্ৰথম অৱস্থাতহে আৰম্ভ হয়। উল্লেখযােগ্য যে সমগ্ৰ আঞ্চলটোত প্ৰাচীন শিক্ষা পদ্ধতি টোল বা অন্য প্ৰকাৰ পাঠশালাৰ ব্যৱস্থা নাছিল। বােকাখাত, কমাৰগাঁও আদি ঠাইত ১৮৯০-৯৫ চনমানতহে প্ৰাইমেৰী বিদ্যালয় স্থাপন হয়। কালক্ৰমে এম ই আৰু এম ভি স্কুল প্ৰতিষ্ঠা হয়। পৰৱৰ্তী সময়ত হাইস্কুল আৰু বহু পলমকৈ উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয় প্ৰতিষ্ঠা হয়। বােকাখাত মহকুমাত বৰ্তমান ২৫০খনমান প্ৰাইমেৰী আৰু ৫০খন উচ্চ ইংৰাজী বিদ্যালয় আছে। ইয়াৰে বহু সংখ্যক অপ্ৰদেশীকন অঞ্চলটোত ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৪খন পূৰ্ণ পায় মহাবিদ্যালয়, ৫খন জুনিয়ৰ কলেজ, ২খন ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজ, ১০খনমান শঙ্কৰদেৱ শিশু নিকেতন আৰু অন্যান্য বিদ্যালয় আছে। কাৰিকৰী শিক্ষানুষ্ঠান ব্যক্তিগত খণ্ডত এখন প্ৰতিষ্ঠা হৈছে।

জনগাঁথনি[সম্পাদনা কৰক]

জনসংখ্যা প্ৰায় ৫ লাখ। সংখ্যাৰ ৫১.৮১ শতাংশ পুৰুষ আৰু ৮৪.৯১ শতাংশ। মহকুমাটোত সাক্ষৰতাৰ হাৰ পুৰুষৰ ৬৭.৯০ শতাংশ।

বোকাখাত মহকুমা বিভিন্ন জনগােষ্ঠী আৰু ভাষা-ভাষী লােকৰ বাসস্থল। সেইবিলাকৰ ভিতৰত বড়াে, কছাৰী, কাৰ্বি, নেপালী, মিচিং, আদি খিলঞ্জীয়া লােকৰ বসতি স্থান। ব্ৰিটিছৰ আগমনৰ লগে লগে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ আগমন হয়। বেহা-বেপাৰ, শিক্ষা, চাকৰি আৰু জীৱিকাৰ অন্যান্য সা-সুবিধা বিচাৰি সেইসকলৰ প্ৰব্ৰজন ঘটে। অসমৰ প্ৰাচীন ভূমিপুত্ৰ, কোঁচ, কলিতা, আহােম, চুতীয়া, কেওত, সােণােৱাল, ঠেঙাল, কৈৱৰ্ত, মিছিং আদি জনগােষ্ঠীৰ লগতে বিস্তৃত ভাৱে চাহশ্ৰমিকসকলৰ বাসস্থান এই ঠাই অতীতৰে পৰা মিলাপ্ৰীতি আৰু সমন্বয়ৰ মাজেদি বসবাস কৰি আহিছে।[3] কোঁচ, গোসাঁই, আহােম, চুতীয়া আদিৰ লগতে মিচিং জনগোষ্ঠীৰ লােকসকলে গেলাবিল আৰু ব্ৰহ্মপুত্ৰ নদী আশে-পাশে বসবাস কৰে। ওপৰ টেমেৰাৰ ৰা ধনশ্ৰীমুখলৈকে এই ঠাইখণ্ডত প্ৰায় দুকুৰিমান গাঁও মিচিং জনগােষ্ঠীৰ বাসস্থান। এই মিচিংসকলৰ দতিয়ালসকলৰ মাজত মিচিং ভাষাৰ প্ৰচলন মত। টেমেৰাসকলে মিচিং ভাষা পৰিহাৰ কৰি কেইবা শতিকাৰ আগতেই অসমীয়া ভাষাকে মাতৃভাষা ৰূপে গ্ৰহণ কৰিছে। তেওঁলােকে হাড়ে-হিমজুৱে অসমীয়া ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আৰু দৈনন্দিন জীৱন যাত্ৰাত সম্পূৰ্ণ অসমীয়া হৈ মূল সুঁতিৰ লগত মিলি গৈছে।

গেলাবিল আৰু ধনী নদীৰ দাঁতিকাষৰীয়া অঞ্চলত কৈবৰ্তসকলৰ বসতি। চাহ বাগিচাসমূহত বসবাস কৰা জনগােষ্ঠীসকল হৈছে - তাঁতী, কুৰ্মী, গাজলু, চবৰ, কৰ্মকাৰ, বাউৰী, ৰবিদাস, টেলেঙা, বৰাইক, মুণ্ডা, উৰাং, ভুইয়া, প্ৰজা, ভূমিজ, ঘাটোৱাৰ, ভক্তা, খেৰীয়া, দুচাদ, ৰাজপুত, মহান্তি, হাড়ী, কৈৰী, গড়, তুৰি, আদি। চাহ জনগােষ্ঠীসকলৰ সকলােৱে জনজাতি নহ'লেও অধিকাংশই জনজাতি। জনজাতিসকলৰ পিন্ধন-উৰণ, ধৰণ কৰণত পূৰ্বৰে পাৰ্থক্য থাকিলেও বৰ্তমান সকলােৱে এই অঞ্চলত বসবাস কৰি থলুৱা সংস্কৃতি গ্ৰহণ কৰি সু-সংবদ্ধ সংস্কৃতি গঢ়ি তুলিছে।[3]

এই অঞ্চলত থকা মুছলমানসকলৰ প্ৰায়ভাগেই থলুৱা। পুলাপাৰ, ৰঙাগড়া, নুমলীগড় আৰু বােকাখাত অঞ্চলত থকা সকল হাড়ে-হিমজুৱে অসমীয়া হৈ শঙ্কৰ-আজানৰ মহামন্ত্ৰৰে কত হৈ সমন্বয়ৰ ঐক্য গঢ়ি তুলিছে। আনহাতে, নেপালীসকল বাহাদুৰ ভেটি, জোলােঙা ভেটি, মিচিমি আতি, বােকাখাত, নাহী আৰু ধনশিৰিমুখলৈকে বিস্তাৰিত হৈ আছে। বিহাৰী, ৰাজস্থানী, বাঙালী, মাৰােৱাৰী আদি লােকসকলে ব্যৱসায় বাণিজ্য আদিত মনােনিবেশ কৰি অঞ্চলটোত বসবাস কৰি আছে।[3]

অৰ্থনীতি[সম্পাদনা কৰক]

অঞ্চলটোৰ সৰহভাগ লােকেই কৃষিজীৱী। কৃষিৰ ওপৰতে নিৰ্ভৰশীল হৈ দীৰ্ঘকাল পৰিয়াল ভৰণ-পােষণ দি আহিলেও বৰ্তমান যান্ত্ৰিকতাৰ যুগত পুৰণি পদ্ধতি এৰি বহুতে গৰু-ম'হৰ দ্বাৰা খেতি কাৰ্যত নিয়ােগ নহৈ যন্ত্ৰৰ সহায়েৰে খেতিত নমা দেখা গৈছে। বহুতৰে কৃষিৰ প্ৰতি অনীহা অহাত বহুতাে মাটি পতিত হৈ থকা দেখা যায়। জলসিঞ্চনৰ সুব্যৱস্থা নথকাত প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি শালি খেতি আৰু ৰবি শস্য নিজা ব্যৱস্থাৰে খৰচ কৰি হ'লেও খেতিত আত্মনিয়ােগ কৰি স্বাৱলম্বী হৈছে।

এই অঞ্চলটো ভালেকেইখন চাহ বাগিচাৰে পৰিপূৰ্ণ। ১৮৩৯ চনত অসম টী কোম্পানী গঠন হােৱাৰ পিছত ব্ৰিটিছসকলে ইখনৰ পিছত সিখনকৈ চাহ বাগিচা খােলে। এই অঞ্চলৰ চাহ বাগিচাসমূহ হ’ল-১) হাতীখুলি, ২) দিৰিং, ৩) ৰঙাজান, ৪) মেঠনী, ৫) শিলজুৰি, ৬) জুৰি, ৭) উলামৰা, ৮) ডিফলু, ৯) লতাবাৰী, ১০) নাহজান, ১১) টিপুজান, ১২) বালিজান, ১৩) আনন্দপুৰ, ১৪) বােকাখাত, ১৫) বৰচাপৰি, ১৬) লখৌজান, ১৭) বিহৰা, ১৮) নুমলীগড়, ১৯) মিকিচাং, ২০) ৰাধাবাৰী, ২১) ৰঙাগড়া, ২২) বনবাগিচা, ২৩) বাদুলিপাৰ, ২৪) বানুৱাৰীপুৰ, ২৫) ৰঙামাটি। অঞ্চলটোৰ একাংশ লােকে ক্ষুদ্ৰ চাহ খেতিৰ যােগেদিও উপাৰ্জনৰ পথ মুকলি কৰিছে। বহুতাে নিবনুৱা যুৱকে কৰ্মসংস্থাপনৰ অন্য ব্যৱস্থা নােপােৱাত বিভিন্ন বৃত্তিত যেনে- মৎস্য পালন, গাহৰি পালন, কুকুৰা পালন আদি কৰি স্বাৱলম্বী হৈছে। আনহাতে, কিছুমান বৃত্তি থলুৱা লােকৰ হাতত নাই যেনে- কমাৰ, কুমাৰ, ধােবী, নাপিত আদি বৃত্তিয়াল লােকসকল অসমৰ বাহিৰৰ পৰা অহা।[4]

কাঠৰ পৰা নিৰ্মিত বিভিন্ন পশু-পক্ষী আদিৰ মূৰ্তি নিৰ্মাণ কৰিও এচাম লােকে জীৱিকা নিৰ্বাহ কৰিছে। বােকাখাত, নুমলীগড় আদিত হােটেল ব্যৱসায় এচাম বাহিৰৰ পৰা অহা লােকে চলাই আছে। বাদুলীপাৰ, ৰঙামাটি, নুমলীগড়, ৰঙাগড়া আদি ঠাইত দুকুৰিমান ইটাভাতাত শ্ৰমিক হিচাপে নিয়ােজিত হৈয়াে ভালেমান লােকে জীৱন নিৰ্বাহ কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি অঞ্চলটোত পৰ্যটন কেন্দ্ৰও গঢ় লৈ উঠিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নুমলীগড়ৰ দেওপাহাৰ পৰ্যটকৰ মুখ্য আকৰ্ষণৰ থলী। কাজিৰঙাৰ পৰ্যটন ইতিহাস আৰম্ভ হয় ১৯৩৭ চনৰ পৰা। ১৯৫০ চনত কাজিৰঙাত গড়কাপ্তানি বিভাগে পৰিদৰ্শন বাংলা আৰু বাগৰিত ফৰেষ্ট ৰেষ্ট হাউছ স্থাপনৰ লগে লগে দৰ্শনাৰ্থীৰ সোঁত ববলৈ আৰম্ভ হয়।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 শোভন চন্দ্ৰ শইকীয়া (ফেব্ৰুৱাৰী ২০২০). "বোকাখাত জিলাৰ (মহকুমা) ভৌগলিক অৱস্থান আৰু আৰ্থ-সামাজিকা স্থিতি আৰু দিহিঙীয়া-মহুৰা পথাৰৰ আশে-পাশে". In মৃণাল কুমাৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা. দয়ানিধি - শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বোকাখাত অধিৱেশনৰ স্মৃতিগ্ৰন্থ - ২০২০. প্ৰকাশক বোকখাত, গোলাঘাট জিলা: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বাৰ্ষিক অধিৱেশন. pp. ২৯৩. 
  2. 2.0 2.1 শোভন চন্দ্ৰ শইকীয়া (ফেব্ৰুৱাৰী ২০২০). "বোকাখাত জিলাৰ (মহকুমা) ভৌগলিক অৱস্থান আৰু আৰ্থ-সামাজিকা স্থিতি আৰু দিহিঙীয়া-মহুৰা পথাৰৰ আশে-পাশে". In মৃণাল কুমাৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা. দয়ানিধি - শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বোকাখাত অধিৱেশনৰ স্মৃতিগ্ৰন্থ - ২০২০. প্ৰকাশক বোকখাত, গোলাঘাট জিলা: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বাৰ্ষিক অধিৱেশন. pp. ২৯৪. 
  3. 3.0 3.1 3.2 শোভন চন্দ্ৰ শইকীয়া (ফেব্ৰুৱাৰী ২০২০). "বোকাখাত জিলাৰ (মহকুমা) ভৌগলিক অৱস্থান আৰু আৰ্থ-সামাজিকা স্থিতি আৰু দিহিঙীয়া-মহুৰা পথাৰৰ আশে-পাশে". In মৃণাল কুমাৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা. দয়ানিধি - শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বোকাখাত অধিৱেশনৰ স্মৃতিগ্ৰন্থ - ২০২০. প্ৰকাশক বোকখাত, গোলাঘাট জিলা: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বাৰ্ষিক অধিৱেশন. pp. ২৯৩,২৯৪,২৯৫. 
  4. 4.0 4.1 শোভন চন্দ্ৰ শইকীয়া (ফেব্ৰুৱাৰী ২০২০). "বোকাখাত জিলাৰ (মহকুমা) ভৌগলিক অৱস্থান আৰু আৰ্থ-সামাজিকা স্থিতি আৰু দিহিঙীয়া-মহুৰা পথাৰৰ আশে-পাশে". In মৃণাল কুমাৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা. দয়ানিধি - শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বোকাখাত অধিৱেশনৰ স্মৃতিগ্ৰন্থ - ২০২০. প্ৰকাশক বোকখাত, গোলাঘাট জিলা: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বাৰ্ষিক অধিৱেশন. pp. ২৯৫,২৯৬. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]