সমললৈ যাওক

কামিং আউট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Coming outৰ পৰা পুনঃনিৰ্দেশিত)

কামিং আউট (অৰ্থ: ওলাই অহা, ইংৰাজী শব্দ Coming Out ৰ পৰা অহা) হ'ল এটা অৱস্থা য’ত একে লিংগৰ প্ৰতি আকৰ্ষিত সমকামীসকলে নিজৰ বিষয়ে আনৰ আগত ব্যক্ত কৰে।[1] য'ত কোনো এজন সমকামী ব্যক্তিয়ে নিজৰ প্ৰেম তথা যৌন অভিমুখিতাৰ বিষয়ে সমাজৰ আগত খোলাকৈ প্ৰকাশ কৰে। সাধাৰণতে প্ৰথমে কুমলীয়া বয়সত নিজৰ পৰিয়ালৰ নাইবা বন্ধুৰ আগত নিজক প্ৰকাশ কৰা দেখা যায় আৰু পাছলৈ সমাজৰ আগত নিজক প্ৰকাশ কৰি কামিং আউট হোৱা দেখা যায়।[2] সাধাৰণতে, কামিং আউট তিনিটা অৱস্থাৰ মাজেৰে যায়। প্ৰথমটো হ'ল নিজক জনা অৱস্থা য'ত মানুহজনে একে লিংগৰ সম্পৰ্কত আহিবলৈ দৃঢ় হয় (ইয়াক ওলাই অহা বা আন্তৰিক সিদ্ধান্ত বুলিও কোৱা হয়); দ্বিতীয় অৱস্থাত মানুহজনে নিজৰ পৰিয়াল, বন্ধু বা সহকৰ্মী আদিৰ আগত নিজকে গে' বা লেছবিয়ান বুলি প্ৰকাশ কৰে; তৃতীয় অৱস্থাত একে লিংগৰ ব্যক্তি এজনৰ সৈতে সামাজিকভাৱে সম্পৰ্কত আহি ব্যক্তিজনৰ সৈতে একেলগে বাস কৰে৷[3] ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে উদযাপন কৰা হয়।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "|নিউমান, কেৰিন ই (২০০৪)". Archived from the original on 2007-06-09. http://www.glbtq.com/social-sciences/outing.html আহৰণ কৰা হৈছে: 2007-06-09.
  2. Maggio, Rosalie (1991). The dictionary of bias-free usage: a guide to nondiscriminatory language . Phoenix: Oryx Press. ISBN 9780897746533
  3. "|কমিঙ আউটৰ ধাৰাবাহিকতা , ৱেব আৰ্কিভ dev.hrc.org . Human Rights Campaign . May 4, 2007". Archived from the original on November 2, 2007. https://web.archive.org/web/20071102101657/http://dev.hrc.org/issues/3333.htm আহৰণ কৰা হৈছে: November 2, 2007.

উৎস প্ৰসংগ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]