সমললৈ যাওক

খান একাডেমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Khan Academyৰ পৰা পুনঃনিৰ্দেশিত)
খান একাডেমী
প্ৰতিষ্ঠাপক ছলমান খান
প্ৰতিষ্ঠা ছেপ্টেম্বৰ ২০০৮
স্থান মাউণ্টেইন ভিউ, কেলিফ'ৰ্ণিয়া
মুখ্য ব্যক্তি ছলমান খান (Founder and CEO)
সেৱাসমূহ ই-শিক্ষা, শিক্ষা
ৰাজহ $৪৪.৮২৩ নিযুত (২০১৬)
কৰ্মচাৰী ১৮০ (২০১৬)
ম'ট' A free, world-class education for anyone, anywhere.
ৱেবচাইট www.khanacademy.org
References: [1][2][3][4][5][6]

খান একাডেমী হৈছে ২০০৮ চনত বাংলাদেশী মূলৰ আমেৰিকান নাগৰিক ছলমান খানে ছাত্ৰ-ছাত্ৰীসকলক অনলাইনযোগে শিক্ষাপ্ৰদানৰ বাবে প্ৰতিষ্ঠা কৰা এটা অলাভজনক[7] শিক্ষা সংস্থা।[8] সংস্থাটোৱে সংক্ষিপ্ত ভিডিঅ'ৰ ৰূপত বিভিন্ন বিষয়ৰ শিক্ষাদান কৰে।[9] খান একাডেমীৰ ৱেবছাইটটোত অনুশীলনীৰ বাবে প্ৰশ্ন আৰু পঠনসামগ্ৰীও উপলব্ধ আছে। এই ৱেবচাইটটোলৈ যোৱা প্ৰতিজন লোকে ইয়াত থকা আটাইখিনি সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। ৱেবচাইটটো আৰু ইয়াৰ বিষয়বস্তুসমূহ মূলতঃ ইংৰাজী ভাষাতে উপলব্ধ যদিও এতিয়া স্পেনিছ, পৰ্টুগীজ, হিব্ৰু, ইটালীয়, ৰাছিয়ান, চীনা, টুৰ্কীছ, ফৰাচী, বঙালী, হিন্দী, জৰ্জিয়ান, জাৰ্মান আদিকে ধৰি আন বহু ভাষাতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়।

প্ৰতিষ্ঠাপক ছলমান খানে তেওঁৰ সম্পৰ্কীয় ভনী এজনীক ইণ্টাৰনেটৰ Yahoo! Doodle Images-ৰ সহায় লৈ গণিত পঢ়াবৰ সময়তে খান একাডেমীৰ বীজ ৰোপণ হৈছিল।[10] কিছুদিনৰ পিছত আন এগৰাকী সম্পৰ্কীয়য়ো তেওঁৰ শিক্ষাদানৰ সহায় ল'লে। এনে আগ্ৰহ দেখি ছলমানে তেওঁৰ ভিডিঅ'সমূহ ইণ্টাৰনেটত উপলব্ধ কৰাৰ সিদ্ধান্ত ল'লে আৰু ভিডিঅ'কেইটা ইউটিউবত আপলোড দিলে।[11] পিছলৈ তেওঁ SmoothDraw নামৰ অংকন এপ্লিকেশ্বন এটাৰ সহায় লৈছিল। এতিয়া ArtRageৰ সহায়ত তেওঁ এটা ৱালকম টেবলেটেৰে বিষয়সমূহ ব্যাখ্যা কৰে। লগতে কম্পিউটাৰৰ জৰিয়তে তেওঁৰ কথাখিনি ৰেকৰ্ড কৰে।[12]

তেওঁৰ ভিডিঅ'সমূহে যথেষ্ট ভাল সঁহাৰি লাভ কৰা দেখি ২০০৯ চনত তেওঁ নিজৰ চাকৰি ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে আৰু সম্পূৰ্ণৰূপে ভিডিঅ' প্ৰস্তুত কৰাত মনোনিৱেশ কৰিবলৈ ল'লে(ইয়াৰ পিছতে তেওঁ ইয়াক খান একাডেমী নাম দিলে)।[13] ২০১৪ চনৰ ১৫ ছেপ্টেম্বৰত খান একাডেমীৰ সহযোগত ছলমান খানে কেলিফ'ৰ্ণিয়াৰ মাউণ্টেইন ভিউত "খান লেব স্কুল" নামৰ এখন স্কুল প্ৰতিষ্ঠা কৰে।[14] ২০১৭ চনৰ জুনত মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী, চাকৰি-সন্ধানী আৰু যুৱ বৃত্তিয়ালসকলৰ উদ্দেশ্য আগত ৰাখি খান একাডেমীয়ে "ফাইনেন্সিয়েল লিটাৰেছি ভিডিঅ' ছিৰিজ" মুকলি কৰে।

পুঁজি সংগ্ৰহ

[সম্পাদনা কৰক]

খান একাডেমী 501(c)(3)ৰ অধীনৰ এটা অলাভজনক সংস্থা।[15] মূলতঃ দেশহিতৈষী সংগঠনসমূহৰ দান-বৰঙনিৰ যোগেৰে খান একাডেমী পৰিচালিত হয়। প্ৰজেক্ট ১০১০০ প্ৰগ্ৰেমৰ অংশস্বৰূপে নতুন ক'ৰ্ছ প্ৰস্তুত কৰিবলৈ আৰু আন ভাষালৈ বিষয়বস্তুসমূহ অনুবাদ কৰিবলৈ ২০১০ চনত গুগলে খান একাডেমীক $২ নিযুত প্ৰদান কৰিছিল।[16] ২০১৩ চনত মেক্সিকোৰ কাৰ্লোছ শ্লিম ফাউণ্ডেছনৰ কাৰ্লোছ শ্লিমে ভিডিঅ'বোৰ স্পেনিছ ভাষাতো নিৰ্মাণ কৰিবলৈ বৰঙনি আগবঢ়াইছিল।[17] ২০১৫ চনত খান একাডেমীৰ পঠনসামগ্ৰীসমূহ এপৰ জৰিয়তে ম'বাইলত ব্যৱহাৰোপযোগীকৈ আগবঢ়াবৰ বাবে এটি এণ্ড্ টিয়ে (AT&T) বৰঙনি দিছিল।[18] আমেৰিকান অভ্যন্তৰীণ ৰাজহ বিভাগত খান একাডেমীয়ে দাখিল কৰা তথ্য অনুসৰি ২০১৫ বৰ্ষত ছল খানৰ বাৰ্ষিক দৰমহা আছিল $৮০০,০০০।[19] ২০১৩ বৰ্ষত প্ৰাক্তন অধ্যক্ষ আৰু চিঅ'অ' শান্তনু সিংহায়ো ক্ষতিপূৰণ হিচাপে $৩৭৫,০০০ লাভ কৰিছিল।[20]

বিষয়সূচী

[সম্পাদনা কৰক]

খান একাডেমীৰ ৱেবচাইটটোৰ লক্ষ্য হৈছে প্ৰতিজন লোকক নিজৰ সুবিধা অনুসৰি শিক্ষাগ্ৰহণৰ অভিজ্ঞতা প্ৰদান কৰা। মূলতঃ ইউটিউবত উপলব্ধ খান একাডেমীৰ ভিডিঅ'সমূহক লৈ এই ৱেবচাইটটো গঠন হৈছে। কিন্তু ৱেবচাইটটোত ভিডিঅ'সমূহেই সৰ্বস্ব নহয়; ভিডিঅ'সমূহৰ বাদেও নিজৰ অগ্ৰগতিৰ নিৰিখ ল'ব পৰা ব্যৱস্থা, অনুশীলনীমূলক প্ৰশ্ন[21] আৰু আন শিকন সামগ্ৰীও আছে।[22] এই সকলোখিনি সুবিধা খান একাডেমীৰ ম'বাইল এপ্লিকেশ্বনটোৰ জৰিয়তেও আহৰণ কৰিব পাৰি।[23]

ভিডিঅ'বোৰত এখন বৈদ্যুতিক কৃষ্ণফলকত অংকন কৰি বিষয়সমূহ ব্যাখ্যা কৰা দেখুওৱা হয়। এই পদ্ধতিটো শিক্ষকে বক্তৃতাৰ জৰিয়তে বুজোৱাৰ নিচিনা প্ৰায় একেই। ব্যাখ্যাকাৰী লোকজনে এই অংকনসমূহ আৰু শিকাই থকা বিষয়টোৰ লগত ই কেনেদৰে জড়িত, সেয়া ব্যাখ্যা কৰে।[24][25] অলাভজনক সংস্থা কেইটামানে এই ভিডিঅ'সমূহৰ অফলাইন সংস্কৰণ এছিয়া, লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ গ্ৰাম্য অঞ্চলসমূহত বিতৰণ কৰিছে।[26][27][28] এই ভিডিঅ'সমূহে স্কুলীয়া পৰ্য্যায়ৰ আটাইবোৰ বিষয় আৰু কিণ্ডাৰগাৰ্টেন শ্ৰেণীৰ পৰা হাইস্কুল পৰ্য্যায়লৈ সামৰি লৈছে। খান একাডেমীৰ ৱেবছাইটটোৱে "ক্ৰে'ছ্ ক'ৰ্ছ্" আৰু "মিউজিয়াম অৱ্ মডাৰ্ণ আৰ্ট"ৰ দৰে শিক্ষাবিষয়ক ইউটিউব চেনেল আৰু সংস্থাৰ ভিডিঅ'সমূহো প্ৰদৰ্শন কৰে।[29] ইয়াত SAT, MCATৰ[30] দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহৰ প্ৰস্তুতি চলাবলৈ অনলাইন পাঠ্যক্ৰমো উপলব্ধ আছে। ২০১৮ চনত LSATৰ বাবেও ইয়াত পাঠক্ৰম মুকলি কৰা হৈছিল।[31]

ভাষিক উপলব্ধতা

[সম্পাদনা কৰক]

খান একাডেমীৰ ভিডিঅ'সমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে আৰু ইতিমধ্যে প্ৰায় ২০,০০০ সংলাপৰ (চাবটাইটল) অনুবাদ সম্পন্ন হৈছে।[32][33] এই অনুবাদসমূহ মূলতঃ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে স্বেচ্ছাসেৱকসকলৰ জৰিয়তে কৰা হৈছে। খান একাডেমীৰ প্লেটফ'ৰ্মখন ইংৰাজী (en), স্পেনিছ (es), পৰ্টুগীজ (pt), টুৰ্কীছ (tr), ফৰাচী (fr) আৰু বঙালী (bn) ভাষাত সম্পূৰ্ণৰূপে উপলব্ধ হোৱাৰ উপৰি আন ২৬টা ভাষাত আংশিকভাৱে[34] উপলব্ধ আছে।[35]

পিক্সাৰ ইন এ বক্স্

[সম্পাদনা কৰক]

২০১৫ চনত পিক্সাৰ্ট'ৰ সৈতে লগ লাগি খান একাডেমীয়ে "পিক্সাৰ ইন এ বক্স" নামৰ নতুন পাঠ্যক্ৰম এটা আৰম্ভ কৰিছিল। স্কুলত শিকা দক্ষতাসমূহ কিদৰে পিক্সাৰৰ (ৱাল্ট ডিজনি কোম্পানীৰ অধীনস্থ এটা এনিমেশ্বন ফিল্ম্ ষ্টুডিঅ') ক্ষেত্ৰত কামত আহে, ইয়াত সেইবিষয়ে শিকোৱা হয়।[36]

খান একাডেমী কিডছ্

[সম্পাদনা কৰক]

২০১৮ চনত খান একাডেমীয়ে "খান একাডেমী কিডছ্" নামৰ এপ্লিকেশ্বন এটা মুকলি কৰিছিল। স্কুললৈ যোৱাৰ পূৰ্বেই প্ৰাথমিক অৰ্হতাসমূহ লাভ কৰিবলৈ দুইৰ পৰা ছয়বছৰীয়া শিশুৰ উদ্দেশ্যে এই এপটো প্ৰস্তুত কৰা হৈছে।

স্বীকৃতি

[সম্পাদনা কৰক]

খান একাডেমীয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় দুয়োটা স্তৰতে স্বীকৃতি লাভ কৰিছে:

  • ২০১২ চনৰ এপ্ৰিল মাহত খান একাডেমীৰ প্ৰতিষ্ঠাপক আৰু কাৰ্য্যবাহী সঞ্চালক ছলমান খানে টাইম আলোচনীৰ ২০১২ বৰ্ষৰ ১০০ জন সবাতোকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান পাইছিল।[37]
  • ২০১৪ চনৰ হেইনজ্ বঁটা লাভ কৰা পাঁচগৰাকী লোকৰ ভিতৰত অন্যতম আছিল খান। "মানুহৰ পৰিস্থিতি" ক্ষেত্ৰখনত তেওঁ এই বঁঁটা লাভ কৰিছিল।[38]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Tanz, Jason. "Can Khan Academy’s Free SAT Prep Level the Playing Field?". WIRED. https://www.wired.com/2015/06/khan-academy-sat-prep/ আহৰণ কৰা হৈছে: 6 November 2016.
  2. "Official SAT® Practice". Khan AcademyKhan Academy. https://www.khanacademy.org/sat আহৰণ কৰা হৈছে: 7 November 2016.
  3. "Khan Academy International". Khan AcademyKhan Academy International. Archived from the original on 7 November 2016. https://web.archive.org/web/20161107155141/http://international.khanacademy.org/ আহৰণ কৰা হৈছে: 6 November 2016.
  4. "Is Khan Academy available in other languages?". Khan AcademyKhan Academy Help Center. https://khanacademy.zendesk.com/hc/en-us/articles/202483750-Is-Khan-Academy-available-in-other-languages- আহৰণ কৰা হৈছে: 6 November 2016.
  5. ProPublica, Mike Tigas, Sisi Wei, Ken Schwencke, Alec Glassford. "Nonprofit Explorer" (en ভাষাত). ProPublica. https://projects.propublica.org/nonprofits/ আহৰণ কৰা হৈছে: 2019-03-30.
  6. "Khan Academy: About". Khan Academy. https://www.khanacademy.org/about আহৰণ কৰা হৈছে: 2013-08-15.
  7. "Nonprofit Explorer – ProPublica". ProPublica. https://projects.propublica.org/nonprofits/organizations/261544963 আহৰণ কৰা হৈছে: 2015-11-07.
  8. "One Man, One Computer, 10 Million Students: How Khan Academy Is Reinventing Education". Forbes. https://www.forbes.com/sites/michaelnoer/2012/11/02/one-man-one-computer-10-million-students-how-khan-academy-is-reinventing-education/ আহৰণ কৰা হৈছে: 2015-11-07.
  9. Sampson, Demetrios G.; Ifenthaler, Dirk; Spector, J. Michael; Isaias, Pedro (2014-07-17). Digital Systems for Open Access to Formal and Informal Learning. Springer. ISBN 9783319022642. https://books.google.com/books?id=J5UpBAAAQBAJ.
  10. de Bertodano, Helena (2012-09-28). "Khan Academy: The man who wants to teach the world". The Telegraph. https://www.telegraph.co.uk/education/educationnews/9568850/Khan-Academy-The-man-who-wants-to-teach-the-world.html আহৰণ কৰা হৈছে: 2018-09-27.
  11. Dreifus, Claudia (2014-01-27). "Salman Khan Turned Family Tutoring Into Khan Academy". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2014/01/28/science/salman-khan-turned-family-tutoring-into-khan-academy.html.
  12. Khan Academy: The future of education?. 60 Minutes. CBS News. March 11, 2012 via YouTube.
  13. Temple, James (2009-12-14). "Salman Khan, math master of the Internet". SFgate. Archived from the original on 2009-12-19. https://web.archive.org/web/20091219124636/http://www.sfgate.com/cgi-bin/article.cgi?f=/c/a/2009/12/13/BUKV1B11Q1.DTL আহৰণ কৰা হৈছে: 2009-12-23.
  14. Westervelt, Eric (January 5, 2016). "'A Bit of a Montessori 2.0': Khan Academy Opens A Lab School". Here & Now (WBUR and NPR). https://www.npr.org/sections/ed/2016/01/05/461506508/sal-khan-on-learning-coding-and-why-virtual-ed-is-not-enough আহৰণ কৰা হৈছে: 2016-01-06.
  15. "The Funders Pouring Money Into the Khan Academy – Inside Philanthropy: Fundraising Intelligence – Inside Philanthropy". www.insidephilanthropy.com. http://www.insidephilanthropy.com/home/2014/6/26/the-funders-pouring-money-into-the-khan-academy.html আহৰণ কৰা হৈছে: 2015-11-07.
  16. "$10 million for Project 10^100 winners". The Official Google Blog. 2010-09-24. http://googleblog.blogspot.com/2010/09/10-million-for-project-10100-winners.html আহৰণ কৰা হৈছে: 2010-09-24.
  17. "Mexico’s Carlos Slim funds Khan academy in Spanish". Marketplace. http://www.marketplace.org/topics/life/education/mexicos-carlos-slim-funds-khan-academy-spanish.
  18. "AT&T Awards $2.25 Million for Mobile Learning Platform". Philanthropy News Digest (PND). http://philanthropynewsdigest.org/news/at-t-awards-2.25-million-for-mobile-learning-platform আহৰণ কৰা হৈছে: 2015-11-07.
  19. "2015 Form 990 for Khan Academy". http://www.guidestar.org/FinDocuments/2015/261/544/2015-261544963-0d2f1bbe-9.pdf আহৰণ কৰা হৈছে: 2018-01-14.
  20. "Nonprofit Explorer – KHAN ACADEMY INC – ProPublica'". ProPublica. https://projects.propublica.org/nonprofits/organizations/261544963 আহৰণ কৰা হৈছে: 2015-09-22.
  21. "Khan Academy". PCMAG. https://www.pcmag.com/article2/0,2817,2397123,00.asp আহৰণ কৰা হৈছে: 2015-11-07.
  22. "How Are Teachers and Students Using Khan Academy?". MindShift. http://ww2.kqed.org/mindshift/2014/05/06/how-are-teachers-and-students-using-khan-academy/ আহৰণ কৰা হৈছে: 2015-11-07.
  23. "Khan Academy for ipad review". theappzine. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304094933/http://www.theappzine.com/content/khan-academy-20-ipad.
  24. Kaplan, David A. (2010-08-24). "Innovation in Education: Bill Gates' favorite teacher". CNN Money. Archived from the original on 2010-12-23. https://web.archive.org/web/20101223035558/http://money.cnn.com/2010/08/23/technology/sal_khan_academy.fortune/ আহৰণ কৰা হৈছে: 2011-01-05.
  25. "Need a tutor? YouTube videos await". AP. USA Today. 2008-12-12. https://www.usatoday.com/news/education/2008-12-11-youtube-tutoring_N.htm আহৰণ কৰা হৈছে: 2011-01-05.
  26. "A free world-class education for anyone anywhere". About. Khan academy. https://www.khanacademy.org/about#faq.
  27. "Laureate: Salman Khan". Education Award. The Tech Awards. 2009. Archived from the original on 2014-07-03. https://web.archive.org/web/20140703085907/http://thetechawards.thetech.org/the-laureates/salman-khan আহৰণ কৰা হৈছে: 2014-06-11.
  28. "Salman Khan". CNBC. https://www.cnbc.com/salman-khan/ আহৰণ কৰা হৈছে: 2015-11-07.
  29. Khan Academy – Partner Content
  30. "Test prep | Khan Academy". Khan Academy. Archived on 2015-04-20. Error: If you specify |archivedate=, you must also specify |archiveurl=. https://www.khanacademy.org/test-prep আহৰণ কৰা হৈছে: 2017-07-25.
  31. "Khan Academy launches free Official LSAT Prep". 2018-06-01. https://www.khanacademy.org/about/blog/post/174475327240/khan-academy-launches-free-official-lsat-prep আহৰণ কৰা হৈছে: 2018-08-29.
  32. "Volunteers | Khan Academy" (en ভাষাত). Khan Academy. https://www.khanacademy.org/contribute/credits আহৰণ কৰা হৈছে: 2017-03-06.
  33. "Supporters | Khan Academy" (en ভাষাত). Khan Academy. https://www.khanacademy.org/about/our-supporters আহৰণ কৰা হৈছে: 2017-03-06.
  34. "Is Khan Academy available in other languages?" (en-US ভাষাত). Khan Academy Help Center. https://khanacademy.zendesk.com/hc/en-us/articles/202483750-Is-Khan-Academy-available-in-other-languages- আহৰণ কৰা হৈছে: 2018-03-17.
  35. "Is Khan Academy available in other languages?" (en-US ভাষাত). Khan Academy Help Center. https://khanacademy.zendesk.com/hc/en-us/articles/202483750-Is-Khan-Academy-available-in-other-languages- আহৰণ কৰা হৈছে: 2018-08-16.
  36. "Pixar in a Box | Partner content | Khan Academy" (en ভাষাত). Khan Academy. https://www.khanacademy.org/partner-content/pixar আহৰণ কৰা হৈছে: 2018-09-08.
  37. Special, Time, archived from the original on 2013-04-25, https://web.archive.org/web/20130425223427/http://www.time.com/time/specials/packages/article/0,28804,2111975_2111976_2111942,00.html, আহৰণ কৰা হৈছে: 2019-05-22.
  38. "The Heinz Awards: Salman Khan". The Heinz Awards. http://www.heinzawards.net/recipients/salman-khan.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]