সমললৈ যাওক

গাখীৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Low-fat milkৰ পৰা পুনঃনিৰ্দেশিত)
এক গিলাচ গাখীৰ

গাখীৰ (ইংৰাজী: Milk) হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ। এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ। যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয়। শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক কলষ্ট্ৰাম (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে, যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে। প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল চৰ্বি বা ফেট, প্ৰ'টিন বা মাংসসাৰ, কেলছিয়াম আৰু ভিটামিন C। গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ আম্লিক ধৰ্মৰ। একাপ গাখীৰত (২৪০ মিলিলিটাৰ) থকা পুষ্টিকাৰক পদাৰ্থবোৰৰ পৰিমাণ তলত দিয়া তালিকাৰ দৰে -

শক্তি (Energy)১৬০ কেলৰিভিটামিন ৬%
চৰ্বী (Fat)৯ গ্ৰামকেলছিয়াম ৩০%
শৰ্কৰা (Carbohydrates)১২ গ্ৰামছ'ডিয়াম ১২০ মিলিগ্ৰাম
প্ৰ'টিন (Protein)৯ গ্ৰামকলেষ্টেৰল ৩৫ মিলিগ্ৰাম

[1]

ব্যৱহাৰৰ প্ৰকাৰ

গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিকভাৱে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুতকৰণত।

প্ৰাকৃতিকভাৱে শিশুৰ আহাৰ

এটি মানৱ শিশুক মাতৃয়ে স্তনপান কৰাই আছে।
এজনী ছাগলীয়ে পোৱালিক গাখীৰ খুৱাই থকা অৱস্থাত।

মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকলো স্তন্যপায়ী প্ৰাণীয়ে গ্ৰহণ কৰে। শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে। মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায়।

মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত

মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যৱহাৰ কৰে। তৃণভোজী প্ৰাণীৰ ভিতৰত গৰু আৰু ম'হৰ গাখীৰ বেছি প্ৰচলন। ভেড়া, ছাগলী, মেথোন আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয়। গাখীৰৰ পৰা ক্ৰীম, মাখন, ঘী, পনীৰ, চিজ, আইচ ক্ৰীম আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

এৱা গাখীৰ

দৈ নবন্ধাকৈ বা ফাটি নোযোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ সময়ে সময়ে উতলাই ৰাখিবলগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি।

তথ্য সংগ্ৰহ

  1. ডা° ৰজত বুঢ়াগোহাঁই (১ - ১৫ নৱেম্বৰ ২০১২). "গাখীৰৰ পুষ্টিগুণ আৰু উতলালে হ'ব পৰা পৰিবৰ্তন". প্ৰান্তিক খণ্ড ৩১শ বছৰ (২৩শ সংখ্যা): পৃষ্ঠা ২৭ - ২৮. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক