মোহন বাগান এথলেটিক ক্লাব
সম্পূৰ্ণ নাম | Mohun Bagan Athletic Club | ||
---|---|---|---|
উপনাম | দ্যা মেৰাইনাৰছ (The Mariners) | ||
প্ৰতিষ্ঠা | 1889 as Mohun Bagan Sporting Club | ||
খেলপথাৰ | কল্যাণী ষ্টেডিয়াম, কল্যাণী (আই-লীগ) মোহন বাগান গ্ৰাউণ্ড ছল্ট লেক ষ্টেডিয়াম (অন্যান্য) | ||
সভাপতি | স্বপন স্বাধন বসু | ||
লীগ | আই-লীগ | ||
২০১১–১২ | আই-লীগ, চতুৰ্থ | ||
ৱেবছাইট | Club home page | ||
|
মোহন বাগান এথলেটিক ক্লাব (ইংৰাজী: Mohun Bagan Athletic Club ) হৈছে ভাৰত তথা এছিয়াৰ পুৰনি ক্ৰীড়াসংঘবিলাকৰ অন্যতম সংঘ। এই ক্লাবটো ঘাইকৈ ইয়াৰ অধীনৰ ফুটবল দলটোৰ বাবে বিখ্যাত। এই ক্লাবটো ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ কলিকতা চহৰত অৱস্থিত। ১৮৮৯ চনত স্থাপিত হোৱা এই ক্লাবটোৱে বৰ্তমান ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগ, আই-লীগত খেলে।
স্থাপনৰ সময়ৰেপৰাই এই ক্লাবটোৱে উচ্চ মানদণ্ডৰ ফুটবল খেলি আহিছে আৰু ভাৰতৰ অন্যতম সফল পেছাদাৰী ফুটবল দল বিলাকৰ এটা বুলি পৰিগনিত হৈ আছে। ভাৰতৰ বিভিন্ন সন্মানীয় ফুটবল লীগ এই ক্লাবটোৱে জয় কৰিছে। সেই বিলাকৰ ভিতৰত আছে ফেডাৰেচন কাপ, ৰ’ভাৰ্চ কাপ, ডুৰাণ্ড কাপ, আই. এফ. এ’ শ্বিল্ড, নেশ্যনেল ফুটবল লীগ ইত্যাদি। ১৯১১ চনত মোহন বাগান ফুটবল দলে ইষ্ট-য়ৰ্কশ্বায়াৰ ৰেজিমেন্ট ফুটবল দলক ২-১ গ’লত হৰুৱাই আই. এফ. এ’ শ্বিল্ড দখল কৰে আৰু যিকোনো ইউৰোপীয় ফুটবল ক্লাবক হৰুওৱা প্ৰথম ভাৰতীয় ফুটবল দল হিচাপে পৰিগনিত হয়। মোহন বাগানৰ চিৰবৈৰী স্থানীয় ফুটবল দল হৈছে ইষ্ট বেংগল ফুটবল ক্লাব[1]।
বুৰঞ্জী
[সম্পাদনা কৰক]১৮৮৯ চনত কলিকতাৰ শ্যামবজাৰ এলেকাত “মোহন বাগাল ভিলা” নামৰ এক বিখ্যাত মহল আছিল। এই মহলৰ সমুখত থকা মধ্যম আকাৰৰ খেলপথাৰখনত তেতিয়াৰ “দুখীৰাম মজুমদাৰ ষ্টুডেন্টচ ইউনিয়ন”-অৰ সদস্যসকলে ফুটবল খেলিছিল। কিবা কাৰনত পিছলৈ মজুমদাৰে শ্যামপুকুৰ এলেকাৰ লাহাৰ খেলপথাৰলৈ গুচি যায় আৰু “দুখীৰাম মজুমদাৰ ষ্টুডেন্টচ ইউনিয়ন”-অৰ নাম সলাই “এৰিয়ানছ্” নামাকৰন কৰে। বাগবজাৰ এলেকাৰ সেন পৰিয়ালে আৰম্ভ কৰা বাগবজাৰ ক্লাবত খেলিবলৈ বুলিও মোহন বাগান ভিলাৰ বহুটো খেলুৱৈ গুচি যায়। মোহন বাগান ভিলাৰ খেলপথাৰত এতিয়াও খেলি থকা খেলুৱৈ সকলৰ কোনো ক্লাব নোহোৱা হয় আৰু সেই কাৰনেই স্থানীয় ক্লাববোৰৰ বিপক্ষে এওঁলোকে প্ৰতিযোগিতাত ভাগ লোৱাত অসুবিধাৰ সমুখীন হয়। তেতিয়া, এইখিনি খেলুৱৈক সহায় কৰিবলৈ আগবাঢ়ি আহে কলিকতাৰ তিনিটা বিখ্যাত পৰিয়াল - বসু, মিত্ৰ আৰু সেন পৰিয়াল।
১৮৮৯ চনৰ ১৫ আগষ্ট তাৰিখে তেতিয়াৰ বিখ্যাত উকীল ভূপেন্দ্ৰনাথ বসুৰ ঘৰত এখন সভা অনুস্থিত হয়। সেই সভাত সিদ্ধান্ত লোৱা হয় যে মোহন বাগান ভিলাৰ খেলপথাৰত খেলি থকা খেলুৱৈসকলক লৈ গঠন কৰা হ’ব “মোহন বাগান স্পৰ্টিং ক্লাব”। মোহন বাগান স্পৰ্টিং ক্লাবৰ প্ৰথম অধ্যক্ষ আৰু সচিব আছিল ক্ৰমে ভূপেন্দ্ৰনাথ বসু (১৮৮৯-১৯২৪) আৰু জ্যোতিন্দ্ৰনাথ বসু (১৮৮৯-১৮৯৪)। প্ৰেচিডেন্সী কলেজৰ অধ্যাপক এফ. জে. ৰ’ৱেৰ পৰামৰ্শ মতে পিছত এই ক্লাবৰ নাম সলনি কৰা হয়[2]।
১৮৯৩ চনৰ কোচবিহাৰ কাপত মোহন বাগানে যোগদান কৰে আৰু এয়াই আছিল এই ক্লাবৰ ফুটবল প্ৰতিযোগিতাত প্ৰথম অংশগ্ৰহণ। এই প্ৰতিযোগিতাত ক্লাবে ভাল খেলিব নোৱাৰিলে আৰু খেলুৱৈ সকলৰ মনোবল ভাগি গ’ল। কিন্তু খেলুৱৈসকলক ক্লাবৰ বিষয়ববীয়া সকলে মানসিক উৎসাহ যোগালে[3]।
ইয়াৰ পিছৰ সময়খিনিত মোহন বাগান ফুটবল ক্লাবে কোচবিহাৰ কাপ, ট্ৰেডছ কাপ আদিৰ দৰে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে যদিও কোনো প্ৰতিযোগিতাতে বিজয়ী হ’ব পৰা নাছিল। কলিকতা পৌৰসভাই শ্যাম-স্কোৱাৰ নামেৰে ৰাজহুৱা খেলপথাৰ এখন মুকলি কৰে আৰু ইয়াত এৰিয়ানছ্ আৰু বাগবজাৰ ক্লাবৰ লগতে মোহন বাগান ফুটবল ক্লাবকো স্থান দিয়ে। এইখন খেলপথাৰ মোহন বাগান ক্লাবে ব্যৱহাৰ কৰা তৃতীয় খেলপথাৰ(১৮৯৫-১৯০০)। এই সময়খিনিত ক্লাবটোৰ বিভিন্ন বিষয়ববীয়াৰ সালসলনিও হয়। ১৮৯৫ চনত জ্যোতিন্দ্ৰনাথ মিত্ৰই ক্লাবৰ সন্মানীয় সচিব আৰু জ্যোতিন্দ্ৰনাথ বসুৱে উপাধ্যক্ষৰ দায়িত্ব লয়। ১৮৯৮ চনত সচিবৰ দায়িত্বগ্ৰহন কৰে ভূপেন্দ্ৰনাথ মিত্ৰই আৰু তেখেতে এই পদত ১৯০০ চনলৈকে থাকে। মোহন বাগান ক্লাবে তেতিয়া আকৌ নিজৰ খেলপথাৰ সলনি কৰে। ১৯০০ চনত ক্লাবৰ সচিবৰ দায়িত্বগ্ৰহন কৰে চুবেদাৰ মেজৰ শৈলেন্দ্ৰনাথ বসুৱে আৰু তেখেত এই পদত ১৯১৪ চনলৈকে বাহাল থাকে। শৈলেন্দ্ৰনাথ বসুৰ শাসন বহুত কাঢ়া আছিল আৰু তেখেতে ক্লাবৰ খেলুৱৈৰ শাৰিৰীক সুস্থতাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিছিল[3]।
১৯০৪ চনত মোহন বাগানে প্ৰথমবাৰৰ বাবে কোচবিহাৰ কাপ জয় কৰে আৰু এইটোৱেই হৈছে মোহন বাগানৰ প্ৰথম ট্ৰফী। ১৯০৫ চনতো কোচবিহাৰ কাপ মোহন বাগানে দখল কৰে। সেই একে বছৰতে চিঞ্চুৰাত অনুষ্ঠিত হোৱা গ্লেডষ্ট’ন কাপৰ ফাইনেলেলৈও মোহন বাগান উন্নীত হয়। ফাইনেলত মোহন বাগানৰ প্ৰতিপক্ষ আছিল কলিকতা ফুটবল ক্লাবক ৪-৩ গ’লত হৰুৱাই আই. এফ. এ’ শ্বিল্ড দখল কৰা ডেলহাউছি ক্লাব। মোহন বাগানে এই খেলখন ৬-১ গ’লৰ ব্যৱধানত জিকে। ১৯০৬ চনত মোহন বাগানে আৰু সফলতা লাভ কৰিবলৈ সক্ষম হয়, এই বাৰ মোহন বাগানে কোচবিহাৰ কাপ, গ্লেড্ষ্ট’ন কাপ আৰু ট্ৰেডছ কাপ জিকে। এই বিজয় সমুহৰ সূত্ৰে মোহন বাগানক ভাৰতৰ আগশাৰীৰ ফুটবল ক্লাববোৰৰ এটা বুলি গণ্য কৰা আৰম্ভ হয়। সেই বছৰ মোহন বাগানে ব্ৰিটিছ আৰু সেনা বাহিনীয়ে খেলা মিন্টো ফ’ৰ্ট টুৰ্নামেন্ট খেলিবলৈও নিমন্ত্ৰন লাভ কৰে। ১৯০৭ আৰু ১৯০৮ চনতো মোহন বাগানে ট্ৰেডছ কাপ দখল কৰে[4]।
১৯১১ চনত মোহন বাগানে আই. এফ. এ’ শ্বিল্ডৰ ফাইনেলত ইষ্ট য়ৰ্কশ্বায়াৰ ৰেজিমেন্টক পৰাজিত কৰে। এই খেলখন ভাৰতীয় ফুটবলৰ বুৰঞ্জীত এক মহত্বপূৰ্ণ খেল, মোহন বাগান পৰিগণিত হয় যিকোনো ইউৰোপীয় ক্লাবক পৰাজিত কৰা প্ৰথম ভাৰতীয় ফুটবল দল[5]। তেওঁলোকে খালী ভৰিৰে খেলপথাৰত নামিছিল, অন্যহাতে প্ৰতিপক্ষৰ ওচৰত প্ৰয়োজনীয় সকলো সৰঞ্জাম আছিল[6]।
কলিকতা ফুটবল লীগ তেতিয়াৰ ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগ আছিল। ১৯১৫ চনৰ ১৫ মে’ তাৰিখে মোহন বাগানে কলিকতা ক্লাবৰ বিপক্ষে এই লীগত পদাৰ্পন কৰে। ইংলিছটন ক’ৰিন্থিয়ানছ নামৰ এক ইংৰাজ ক্লাবৰ বিৰুদ্ধে মোহন বাগানে প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় ফুটবল খেল খেলে। সুদীৰ্ঘ ২৫ বছৰৰ অন্তত, ১৯৩৯ চনত কলিকতা ফুটবল লীগৰ প্ৰথম ভাৰতীয় বিজয়ীৰ খিতাপ মোহন বাগানে লাভ কৰে[7]।
১৯৪৩ চনত মোহন বাগানে নিজৰ খেলুৱৈ সকলৰ চিকিৎসাৰ সহায় হোৱাকৈ এখন বীমা আচনি আৰম্ভ কৰে। ভাৰতীয় ক্লাবসমূহৰ ভিতৰত মোহন বাগানে এই পদক্ষেপ পোন প্ৰথমে গ্ৰহণ কৰিছিল। ইয়াৰ সহায় হোৱাকৈ মোহন বাগানে চিকিৎসাৰ কাৰনে এখন চিকিৎসক সমিতিৰো গঠন কৰে। এই বছৰত মোহন বাগানে ২৪ খন খেলৰপৰা ৩৯ পইন্ট লৈ আকৌ কলিকতা ফুটবল লীগ দখল কৰে[7]। এই বছৰৰ ট্ৰেডছ কাপো মোহন বাগানে দখল কৰে। ইয়াৰ পিছৰ বছৰ মোহন বাগানে আকৌ কলিকতা ফুটবল লীগ জয় কৰে। ১৯৪৭ চনত মোহন বাগানে আকৌ আই. এফ. এ’. শ্বিল্ড দখল কৰে। সেই একে বছৰতে কলিকতা ফুটবল লীগৰ ফাইনেলত চিৰবৈৰী ইষ্টবেংগলক হৰুৱাই মোহন বাগানে[8]।
১৯৫২ চনত মোহন বাগানে আই. এফ. এ’. শ্বিল্ড জিকে। সেই বছৰ হেলছিংকি অ’লিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় ফুটবল দলত মোহন বাগানৰ তিনিজন খেলুৱৈয় - শৈলেন মান্না, এম. এ’. ছাট্টাৰ আৰু ৰুনু গুহ ঠাকুৰতাই অংশগ্ৰহণ কৰে। শৈলেন মান্না সেই দলৰ দলপতি আছিল। ১৯৪৮ আৰু ১৯৫২ চনৰ অ’লিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ দলপতি মোহন বাগানৰ খেলুৱৈ আছিল[8]। ১৯৫৪ চনত মোহন বাগান আই. এফ. এ’. শ্বিল্ড আৰু কলিকতা ফুটবল লীগ দুয়োতা খিতাপ একে বছৰতে দখল কৰা প্ৰথম দল হিচাপে পৰিগণিত হয়। ১৯৬০ চনত মোহন বাগানে আকৌ ইয়াৰ পুনৰাবৃত্তি ঘটায়। ১৯৭৭ চনত মোহন বাগানে নৰ্থ আমেৰিকান ছকাৰ লীগৰ দল নিউ-য়ৰ্ক ক’ছমছৰ বিৰুদ্ধে খেলে। নিউ-য়ৰ্ক ক’ছমছ দলটোত পেলেও আছিল[9]। এই বুৰঞ্জীপ্ৰসিদ্ধ খেলখন চাবলৈ ইডেন গাৰ্ডেন খেলপথাৰলৈ প্ৰায় ৮০,০০০ দৰ্শক আহিছিল। খেলখন ২-২ গ’লত অমীমাংসিত ভাৱে শেষ হয়। সেই একে বছৰতে মোহন বাগান আই. এফ. এ’. শ্বিল্ড, ডুৰান্ড কাপ আৰু ৰ’ভাৰ্ছ কাপ, এই তিনিওটা খিতাপ একে বছৰতে দখল কৰা প্ৰথম দল হিচাপে পৰিগণিত হয়[8]। ১৯৭৮ চনত মোহন বাগানে পোন প্ৰথমবাৰৰ বাবে ফেডাৰেচন কাপ জয় কৰে। সেই বছৰ আই. এফ. এ’. শ্বিল্ড মোহন বাগানে ৰাচিয়া যুক্তৰাজ্যৰ আৰাৰট ক্লাবৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলি যুটীয়া ভাৱে দখল কৰে। ১৯৯৮ চনত মোহন বাগানে আই. এফ. এ’. শ্বিল্ড, ফেডাৰেচন কাপ আৰু নেশ্যনেল ফুটবল লীগ পোন প্ৰথম বাৰৰ বাবে একে বছৰতে দখল কৰে। ২০০৭ চনত মোহন বাগানে ইণ্ডিয়ান ছুপাৰ কাপ ডেম্পো স্প’ৰ্টছ ক্লাবৰ বিৰুদ্ধে ৪-০ গ’লত জয়ী হৈ দখল কৰে[10]। ২০০৮ চনত মোহন বাগানে জাৰ্মান ক্লাব বেয়াৰ্ন মিউনিখৰ বিৰুদ্ধে খেলাৰ সুযোগ পায়। বেয়াৰ্ন মিউনিখ ক্লাবত অ’লিভাৰ কাঁন, জে ৰ’বেৰ্টো, মাৰ্ক ভান ব’মেল আদিৰ দৰে বিখ্যাত খেলুৱৈ আছিল। ক’লিকতাৰ চল্ট লে'ক ষ্টেডিয়ামত ২০০৮ চনৰ ২৭ মে’ তাৰিখে অনুষ্ঠিত হোৱা খেলখন চাবলৈ প্ৰায় ১,২০,০০০ দৰ্শক আহিছিল। সেই খেলখনত বেয়াৰ্ন মিউনিখৰ হাতত মোহন বাগান ৩-০ গ’লত পৰাজিত হয়[10]।
প্ৰতীক চিহ্ন
[সম্পাদনা কৰক]মোহন বাগানৰ প্ৰতীক চিহ্নটোত এটা বৃত্ত আছে। বৃত্তটোৰ পৰিসীমাত ইংৰাজীত মোহন বাগান এথলেটিক ক্লাব বুলি লিখা আছে। বৃত্তটোৰ মাজত এখন নাওঁ আছে, নাওঁখনে পশ্চিম বংগৰ বুৰঞ্জীক প্ৰতিনিধিত্ব কৰে।
ক্লাবৰ ৰঙ
[সম্পাদনা কৰক]মোহন বাগানৰ প্ৰতীকি ৰঙ হৈছে মেৰুন আৰু সেউজীয়া। ঘৰুৱা খেলপথাৰত খেলা খেলবিলাকত মোহন বাগানৰ খেলুৱৈয়ে মেৰুন আৰু সেউজীয়া ৰঙৰ চোলা, সেউজীয়া হাফপেন্ট আৰু মেৰুন মোজা পিন্ধে। বেলেগ ক্লাবৰ খেলপথাৰত খেলা খেলত তেওঁলোকে বগা চোলা, সেউজীয়া হাফপেন্ট আৰু বগা মোজা পৰিধান কৰে।
ক্লাবৰ খেলপথাৰ
[সম্পাদনা কৰক]মোহন বাগান এথলেটিক ক্লাবে অতীতত বিভিন্ন খেলপথাৰ ব্যৱহাৰ কৰিছিল। বৰ্তমান এই ক্লাবে দুখন খেলপথাৰ ব্যৱহাৰ কৰে। ১,২০,০০০ দৰ্শক বহিব পৰা চল্ট লে'ক ষ্টেডিয়াম খন মোহন বাগানে ১৯৮৭ চনৰপৰা আই লীগ, এছিয়ান কাপ আৰু ফেডাৰেচন কাপৰ খেল খেলিবলৈ ব্যৱহাৰ কৰি আহিছে। “মোহন বাগান গ্ৰাউণ্ড” হৈছে ক্লাবৰ দ্বিতীয়খন খেলপথাৰ। ক্লাবে এই খেলপথাৰখন নিজৰ অন্যান্য ব্যৱহাৰৰ উপৰিও কলিকতা ফুটবল লীগৰ খেলসমূহ খেলিবলৈ ব্যৱহাৰ কৰে।
-
চল্ট লে'ক ষ্টেডিয়াম
-
মোহন বাগান গ্ৰাউণ্ড
ক্ৰিকেট দল
[সম্পাদনা কৰক]মোহন বাগান এথলেটিক ক্লাবৰ এটা ক্ৰিকেট দলো আছে। বেংগল ক্ৰিকেট এছ’চিয়েচনৰ লীগসমূহত এই দলটোৱে অংশগ্ৰহণ কৰে। ২০০৯-২০১০ ক্ৰীড়াবৰ্ষত ইয়াত লক্ষ্মীপতি বালাজী, বিৰাট কোহলি, চামিণ্ডা ভাছ আদিৰ দৰে আন্তৰ্জাতিক ক্ৰিকেটাৰে খেলিছিল। সেই ক্ৰীড়াবৰ্ষত এই ক্ৰিকেট দলটোৱে দুটা ট্ৰফী দখল কৰে।
ফুটবল একাডেমী
[সম্পাদনা কৰক]মোহন বাগানৰ অধীনত দুখন ফুটবল একাডেমী চলোৱা হয়। ২০০৩ চনৰ ২০ জুলাই তাৰিখে দুৰ্গাপুৰৰ “টেগ’ৰ হাউছ”ত প্ৰথমখন একাডেমী স্থাপন কৰা হয়। দ্বিতীয় খন ফুটবল একাডেমী ২০০৯ চনৰ নৱেম্বৰ মাহত জলপাইগুৰিত আৰম্ভ কৰা হয়। বৰ্তমান এই একাডেমী খনৰ নাম হৈছে পি.চি. মিট্টল মোহন বাগান ফুটবল একাডেমী আৰু এই একাডেমী খন জলপাইগুৰিৰ য়ং মেনছ এছ’চিয়েচন ক্লাবৰ সহায়ত চলাই থকা হৈছে।
প্ৰতিপক্ষ
[সম্পাদনা কৰক]মোহন বাগান ফুটবল দলৰ ঘাই প্ৰতিপক্ষ হৈছে ইষ্ট বেংগল ফুটবল ক্লাব। ইষ্ট বেংগল ক্লাবৰ প্ৰতিষ্ঠাৰ সময়ৰে পৰা এই ক্লাবটোক মোহন বাগানে প্ৰতিদ্বন্দী গণ্য কৰি আহিছে। এই প্ৰতিদ্বন্দিতা ভাৰতৰ ফুটবল ক্লাব সমূহৰ আটাইতকৈ পুৰণি প্ৰতিদ্বন্দিতা[1]।
সামগ্ৰীৰ যোগানকাৰী আৰু স্প’নছৰ
[সম্পাদনা কৰক]২০০৪ চনৰপৰা ২০১১ চনলৈকে মোহন বাগানক ক্ৰীড়া সামগ্ৰীৰ যোগান ধৰিছিলে ৰীব’ক কোম্পানীয়ে। ২০১১ চনৰপৰা বৰ্তমানলৈকে এ’ডিডাছ কোম্পানীয়ে মোহন বাগানৰ ক্ৰীড়া সামগ্ৰীৰ যোগান ধৰোঁতা হিচাপে কাম কৰি আছে। মোহন বাগানৰ জাৰ্চি স্প’নছৰ কৰে মেকড’ৱেল কোম্পানীয়ে।
অন্যান্য তথ্য
[সম্পাদনা কৰক]১৯১১ চনৰ প্ৰথম আই. এফ. এ’. শ্বিল্ড বিজয়ৰ শতবাৰ্ষিকী বছৰ ২০১১ চনত প্ৰথম আই. এফ. এ’. শ্বিল্ড বিজয়ী দলটোক সন্মান প্ৰদৰ্শনাৰ্থে এঘাৰ’ নামৰ এখন বাঙালী চিনেমাৰ মুক্তি দিয়া হয়[11]।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "India's all-consuming rivalry". FIFA.com. http://www.fifa.com/classicfootball/stories/classicderby/news/newsid=1414458.html। আহৰণ কৰা হৈছে: 2012-07-11.
- ↑ "The Beginning : 1889 - 1909". Mohun Bagan Club. Archived from the original on 22 July 2011. https://web.archive.org/web/20110722171302/http://mohunbaganac.com/SEPT08/History/History-1889-1909.html। আহৰণ কৰা হৈছে: 4 August 2011.
- ↑ 3.0 3.1 THE BEGINNING OF THE JOURNEY : 1889–1903
- ↑ FIRST STEP TOWARDS SUCCESS : 1904–1910
- ↑ CREATION OF HISTORY : MOHUN BAGAN THE CHAMPION OF 1911 IFA SHIELD
- ↑ The Britannica Quizmaster. ISBN 81-7154-827-X.
- ↑ 7.0 7.1 SILVER AND GOLDEN JUBILEE CELEBRATION : 1912–1946
- ↑ 8.0 8.1 8.2 NATION WIDE SUCCESS AND DIAMOND JUBILEE CELEBRATIONS : 1947–1960
- ↑ MEMORABLE PERFORMANCES AND HISTORICAL MATCH AGAINST PELE : 1965–1977
- ↑ 10.0 10.1 THE NEW MILLENIUM AND THE BRAZILIAN MAGIC : 2000–2009
- ↑ "A Red Letter Day in Indian Sports | iGoa". Navhindtimes.in. 2011-06-25. Archived from the original on 2012-06-28. https://web.archive.org/web/20120628035325/http://www.navhindtimes.in/panorama/red-letter-day-indian-sports। আহৰণ কৰা হৈছে: 2012-07-11.