নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(National Democratic Front of Bodolandৰ পৰা পুনঃনিৰ্দেশিত)
নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড (এনডিএফবি)
উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী বিদ্ৰোহত অংশগ্ৰহণকাৰী
এনডিএফবিয়ে ব্যৱহাৰ কৰা বড়োলেণ্ডৰ জাতীয় পতাকা
এনডিএফবিয়ে ব্যৱহাৰ কৰা বড়োলেণ্ডৰ জাতীয় পতাকা
সক্ৰিয়তা ৩ অক্টোবৰ ১৯৮৬ (1986-10-03) - বৰ্তমান
মতাদৰ্শ জাতীয় ৰাষ্ট্ৰীয়তাবাদ
মাৰ্ক্সবাদ
সমাজবাদ
গণতন্ত্ৰ[1]
অভিপ্ৰায় সাৰ্বভৌম বড়োলেণ্ডৰ গঠন
আনুগত্য UNLFW[2]
গোট নেশ্বনেল কাউঞ্চিল (ৰাজনৈতিক বিভাগ)
বড়োলেণ্ড আৰ্মি (সামৰিক বিভাগ)
প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাবলা
সভাপতি বি স্বৰাইগৗৰা
উপ-সভাপতি তথা সেনাধক্ষ জি বিদাই[3]
সাধাৰণ সম্পাদক বি আৰ ফেৰেঙা
মুখ্য কাৰ্যালয় ম্যানমাৰ
অঞ্চল অসম, ভাৰত
উৎপত্তিমূল বড়ো ছিকিউৰিটি ফ'ৰ্চ
বিভাজিত হয়গৈ এনডিএফবি - ডি আৰ নাবলা গোট
এনডিএফবি - প্ৰগতিশীল গোট
প্ৰতিদ্বন্দী ভাৰত চৰকাৰ
ভূটান চৰকাৰ
যুদ্ধসমূহ উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী বিদ্ৰোহ
সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰে:
ভাৰত চৰকাৰ[4]

এনডিএফবি বা নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড হৈছে এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন যিয়ে বড়োসকলৰ বাবে এখন সাৰ্বভৌম বড়োলেণ্ডৰ পোষকতা কৰে।[5] এই সংগঠনটো ভাৰত চৰকাৰে এক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে।[6]

১৯৮৬ চনত গঠন হোৱা বড়ো ছিকিউৰিটি ফ'ৰ্চ নামৰ সংগঠনটোৱে পিছলৈ এনডিএফবি নাম লৈছিল। ১৯৯৪ চনত ভাৰত চৰকাৰ আৰু আবছু-বিপিএচিৰ মাজত মাজত হোৱা বড়ো চুক্তিৰ বিৰোধিতা কৰাৰ পিছত সংগঠনটোৱে নতুন নাম লৈছিল। এই সংগঠনটোৱে অসমত অনা-বড়ো আৰু সৈন্য-আৰক্ষীক লক্ষ্য কৰি কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে। আদিবাসী কোব্ৰা ফ'ৰ্চৰ সৈতে সংঘৰ্ষ থকা হেতুকে এই এনডিএফবিয়ে চান্থাল, মুণ্ডা আৰু ওৰাও আদিবাসীসকলৰ ওপৰত কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে। ১৯৯৬ চনত অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা বড়ো-আদিবাসী সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত এনডিএফবিয়ে আদিবাসীসকলৰ ওপৰত হোৱা আক্ৰমণৰ কাণ্ডত জড়িত আছিল। তাৰেই প্ৰত্যুত্তৰ দিবলৈ আদিবাসী কোব্ৰা ফ'ৰ্চৰ জন্ম হৈছিল। ১৯৯৬ চনৰ পিছত এনডিএফবিয়ে বড়ো লিবাৰেচন টাইগাৰ ফ'ৰ্চৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। বড়ো লিবাৰেচন টাইগাৰ ফ'ৰ্চে ২০০৩ চনত চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰে। ২০০০ চনৰ পৰা এনডিএফবিয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

১৯৯০ চনত এনডিএফবিয়ে অসম-ভূটান সীমান্তত বাৰটা শিবিৰ স্থাপন কৰে। কিন্তু অপাৰেচন অল ক্লিয়াৰৰ সময়ত বিস্তৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাত এনডিএফবিয়ে ২০০৫ চনৰ মে'ত ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি স্থাপন কৰে। ইয়াৰ পিছত এনডিএফবি দুটা ভাগত বিভাজন হৈ আলোচনাপন্থী আৰু আলোচনাবিৰোধী নামৰ দুটা ভাগত বিভক্ত হয়। ২০১২ চনত আলোচনাবিৰোধী গোটৰ সভাপতিৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত আলোচনাবিৰোধী গোটতো আকৌ ভাগ হৈ আই কে সংবিজিতৰ নেতৃত্বত এটা নতুন গোটৰ সৃষ্টি হয় আৰু এই গোটটোৱে নিজৰ সন্ত্ৰাসমূলক কাৰ্যকলাপ চলাই যায়।

২০১৫ চনৰ ১৪ আৰু ১৫ এপ্ৰিলত সংগঠনটোৰ সাধাৰণ পৰিষদে সংবিজিতৰ দ্বাৰা পৰিচালিত দলটো ভংগ কৰি স্বাধীন আৰু সাৰ্বভৌম বড়োলেণ্ডৰ হকে সংগ্ৰাম চলাই যাবলৈ এখন নতুন জাতীয় পৰিষদ গঠন কৰে।[7]

উদ্দেশ্য[সম্পাদনা কৰক]

বড়ো অধ্যুষিত অঞ্চলৰ অনুন্নয়ন আৰু অবৈধ অনুপ্ৰৱেশৰ সমস্যাৰ বাবেই এই সংগঠনটোৰ জন্ম হৈছিল। যাৰ বাবে তেওঁলোকে ভাৰতৰ পৰা বিচ্ছিন্ন হৈ সাৰ্বভৌম বড়োলেণ্ডৰ বাবে সংগ্ৰাম কৰিছিল।[8] ১৯৯৮ চনৰ ১০ মাৰ্চত গ্ৰহণ কৰা এনডিএফবি সংবিধানত তলৰ উদ্দেশ্যসমূহ তালিকাভূক্ত কৰা হৈছিল:

  • ভাৰতৰ অধীনৰ পৰা বড়োলেণ্ড উদ্ধাৰ কৰিব
  • উপনিৱেশিক দমনকামিতাৰ পৰা বড়োলেণ্ডৰ মুক্তি
  • স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধক উদগনি দি এখন গণতান্ত্ৰিক, সামাজিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা
  • বড়োলেণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]