সমললৈ যাওক

ৱিকিউদ্ধৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Wikiquoteৰ পৰা পুনঃনিৰ্দেশিত)
ৱিকিউদ্ধৃতি
Wikiquote logo
Wikiquote logo
ৱিকিকোৱ'ট বহিভাষিক প'ৰ্টেলৰ মুখ্য পৃষ্ঠাৰ সবিশেষ।
wikiquote.org মূল পৃষ্ঠাৰ স্ক্ৰীণশ্বট
ছাইটৰ প্ৰকাৰ উক্তি সংগ্ৰহ
উপলব্ধ ভাষা বহুভাষিক
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টি কৰা ব্যক্তি জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সম্প্ৰদায়
ৱেবছাইট Wikiquote, অসমীয়া ৱিকিউদ্ধৃতি
বাণিজ্যিক নহয়
পঞ্জীয়ন ঐচ্ছিক

ৱিকিউদ্ধৃতি (ইংৰাজী: Wikiquote (ৱিকিকোৱ'ট)) বা ৱিকিউক্তি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। ডেনিয়েল এলষ্টনৰ পৰিকল্পনা আৰু ব্ৰায়'ন ৱিবাৰৰ কাৰ্যকাৰিতাত জন্মলাভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে সমিলমিলেৰে উল্লেখযোগ্য ব্যক্তি, গ্ৰন্থ, চলচ্চিত্ৰ বা ফকৰা যোজনাৰ উক্তিসমূহ সংগ্ৰহ কৰা আৰু সঠিক এট্ৰিবিউচনেৰে সেইবোৰ বৰ্ণনা কৰা। উক্তিৰ আন আন বহুতো অনলাইন সংগ্ৰহ থাকিলেও ৱিকিউদ্ধৃতিত পঢ়ুৱৈয়ে নিজে অৰিহণা যোগাবলৈ সুবিধা পায়।[1] ৱিকিউদ্ধৃতিৰ পৃষ্ঠাৰ পৰা উল্লেখযোগ্য ব্যক্তিসমূহৰ বিষয়ে ৱিকিপিডিয়ালৈ সংযোগ দিয়া হয়।[2]

প্ৰথমে ৱিকিউদ্ধৃতি কেৱল ইংৰাজী ভাষাত মুকলি কৰা হৈছিল; ২০০৪ চনৰ জুলাই মাহৰ পৰা আন আন ভাষাসমূহ অন্তৰ্ভুক্ত কৰাৰ কাম আৰম্ভ হয়।

বৃহত্তম আঠখন ৱিকিকোৱ'টৰ বিকাশ।
তাৰিখ পৰিঘটনা
২৭ জুন ২০০৩
অস্থায়ীভাৱে ৱ'ল'ফ ভাষাৰ ৱিকিপিডিয়াত (wo.wikipedia.com) থোৱা হয়।
১০ জুলাই ২০০৩
নিজা উপডমেইন সৃষ্টি কৰা হয় (quote.wikipedia.org)।
২৫ আগষ্ট ২০০৩
নিজা ডমেইন সৃষ্টি (wikiquote.org)।
১৭ জুলাই ২০০৪
নতুন ভাষা যোগ।
১৩ নৱেম্বৰ ২০০৪
ইংৰাজী ভাষাৰ প্ৰকল্পত ২০০০ পৃষ্ঠা সম্পূৰ্ণ।
নৱেম্বৰ ২০০৪
২৪টা ভাষাত সক্ৰিয়।
মাৰ্চ ২০০৫
মুঠ ১০,০০০ পৃষ্ঠা। ইংৰাজী প্ৰকল্পত প্ৰায় ৩০০০ পৃষ্ঠা।
জুন ২০০৫
এটা দ্ৰুপদী (লেটিন) আৰু এটা কৃত্ৰিম (এছপেৰেণ্ট')কে ধৰি ৩৪টা ভাষাত মুকলি।
৪ নৱেম্বৰ ২০০৫
ইংৰাজী ৱিকিউদ্ধৃতিত ৫০০০ পৃষ্ঠা।
এপ্ৰিল ২০০৬
আইনী কাৰণত ফ্ৰেঞ্চ ৱিকিউদ্ধৃতি বন্ধ।
৪ ডিচেম্বৰ ২০০৬
ফ্ৰেঞ্চ ৱিকিউদ্ধৃতি পুনৰায় আৰম্ভ।
৭ মে' ২০০৭
ইংৰাজী ৱিকিউদ্ধৃতিত ১০,০০০ পৃষ্ঠা।
জুলাই ২০০৭
৪০টা ভাষাত মুকলি।
ফেব্ৰুৱাৰী ২০১০
সকলো ভাষা মিলি ১,০০,০০০ প্ৰবন্ধ।
জুলাই ২০১২
৮৮টা ভাষাত মুকলি।
মে' ২০১৬
সকলো ভাষা মিলি ২,০০,০০০ প্ৰবন্ধ।
জানুৱাৰী ২০১৮
বিদ্যালয় আৰু অলাভজনক সংস্থাসমূহৰ মাজত ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ পাঠ্যক্ৰমত প্ৰৱৰ্তন কৰা হৈছে (ইটালী)[3]

বহুভাষিক সহযোগিতা

[সম্পাদনা কৰক]

২০২৬ চনৰ এপ্ৰিল মাহলৈকে ৯৯টা ভাষাৰ বাবে ৱিকিউদ্ধৃতি চাইট আছে ইয়াৰে ৭৬টা সক্ৰিয় আৰু ২৩টা বন্ধ। সক্ৰিয় ছাইটসমূহত ৩৭১,২৭২টা প্ৰবন্ধ আৰু বন্ধ চাইটসমূহত ৬৩৮টা প্ৰবন্ধ আছে। ইয়াত ৪,৪৫৮,০২১ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে, তাৰে ভিতৰত ২,৯৪৯ জন শেহতীয়াকৈ সক্ৰিয়।[4]

অসমীয়া ভাষাত ৱিকিউদ্ধৃতি

[সম্পাদনা কৰক]

অসমীয়া ভাষাত "ৱিকিউক্তি" নামেৰে ২০০৮ চনত এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। কিন্তু দীৰ্ঘদিনৰ নিষ্ক্ৰিয়তাৰ বাবে ২০১০ চনত ইয়াক ইন্‌কিউবেটৰলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ পিছত ৱিকিউদ্ধৃতি নামেৰে প্ৰকল্পটো সম্পাদনা কৰিবলৈ আৰম্ভ কৰা হয়। ২০২১ চনৰ মধ্যভাগৰ পৰা ৱিকিউদ্ধৃতিৰ কাম পূৰ্ণ ৰূপত চলি আহিছিল। পৰৱৰ্তী সময়ত প্ৰকল্পটোত যথেষ্টসংখ্যক সমল হোৱাত ৱিকিমিডিয়া ফাউণ্ডেছনৰ ভাষা সমিতিৰ ওচৰত অসমীয়া ভাষাৰ বাবে সুকীয়া ডমেইনৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে দাখিল কৰা হয়। প্ৰকল্পটোৰ সমল আৰু সক্ৰিয়তাৰ ভিত্তিত সমিতিয়ে ২০২২ চনৰ শেষৰ ভাগত প্ৰস্তাৱটোক মান্যতা প্ৰদান কৰে আৰু সেইসূত্ৰে ৪ জানুৱাৰীত অসমীয়া ৱিকিউদ্ধৃতিয়ে নিজাকৈ ডমেইন লাভ কৰে।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. DeVinney, Gemma (18 January 2007). "Wikiquote: Another source for quotes on the Web". UB Reporter (University of Buffalo). http://www.buffalo.edu/ubreporter/archives/vol38/vol38n19/columns/eh.html আহৰণ কৰা হৈছে: 29 November 2010.
  2. Ahsan, Hafsa (27 January 2007). "It's all about Wikis". DAWN. http://archives.dawn.com/weekly/science/archive/070127/science15.htm.
  3. "Protocollo MIUR-Wikimedia" (it ভাষাত). Ministero dell'istruzione, dell'università e della ricerca. 2018-01-26. http://www.istruzione.it/allegati/2018/Protocollo%20MIUR%20WIKIMEDIA.zip আহৰণ কৰা হৈছে: 28 January 2018.
  4. "Wikiquote Statistics". Meta.Wikimedia.org. http://meta.wikimedia.org/wiki/Wikiquote#Statistics আহৰণ কৰা হৈছে: 11 September 2020.