হেম সৰস্বতী
হেম সৰস্বতী | |
---|---|
জন্ম | চতুৰ্দশ শতিকা |
পেচা | কবি |
ভাষা | অসমীয়া |
উল্লেখনীয় কৰ্মৰাজি | প্ৰহ্লাদ চৰিত্ৰ, হৰগৌৰী-সংবাদ |
হেম সৰস্বতী এজন চতুৰ্দশ শতিকাৰ প্ৰাক্-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷[1]
আত্ম পৰিচয়
[সম্পাদনা কৰক]হেম সৰস্বতীয়ে তেওঁৰ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ কাব্য গ্ৰন্থ দুখনত নিজৰ আত্ম পৰিচয় দিছে৷ কিন্তু দুয়োখনৰ মাজত কিছু প্ৰভেদ দেখা যায়৷
প্ৰহ্লাদ চৰিত্ৰ' অনুসৰি-
কমতামণ্ডল দুলৰ্ভনাৰায়ণ নৃপবৰ অনুপম৷
তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম৷৷
তাহান তনয় হেমসৰস্বতী ধ্ৰুৱৰ অনুজ ভাই৷[1]
হৰগৌৰী-সংবাদ অনুসৰি-
ভূপ দুলৰ্ভনাৰায়ণ পাত্ৰপশুপতিসুত সৰ্বশাস্ত্ৰে পণ্ডিত সুজান৷
তাহান তনয় চাৰি ধনঞ্জয় আদি কৰি, ধ্ৰুৱ ভৈল কুলত প্ৰধান৷৷
অপৰ হেমন্ত কৰি হৰগৌৰীপদ সেৱি হেমসৰস্বতী ভৈল নাম৷[1]
ইয়াৰপৰা জানিব পৰা দেউতাকৰ নাম 'পশুপতি' আৰু 'ৰুদ্ৰসৰস্বতী' একেজন মানুহ বুলিয়েই ঠাৱৰ কৰা হৈছে। হৰগৌৰী সংবাদত হেম সৰস্বতীৰ আন নাম 'হেমন্ত' বুলিও কোৱা হৈছে।[2] হেম সৰস্বতী পুৰুষানুক্ৰমে পণ্ডিত বংশৰ ল'ৰা আছিল৷ বাপেক ৰুদ্ৰসৰস্বতীও সংস্কৃতজ্ঞ আছিল৷ 'সৰস্বতী' উপাধিটো পাণ্ডিত্যসূচক।
কাব্যপুথি
[সম্পাদনা কৰক]হেম সৰস্বতীয়ে বামন-পুৰাণৰ পৰা এশ পদবিশিষ্ট "প্ৰহ্লাদ চৰিত্ৰ" ৰচনা কৰিছিল৷ ইয়াত দানৱৰাজ হিৰণ্যকশিপুৰে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তিৰ বাবে কৰা অত্যাচাৰ আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপুৰ বধৰ বৰ্ণনা পোৱা যায়। মাজে মাজে কাব্যখনত বিষ্ণু-ভক্তিৰ মাহাত্ম্য আৰু তত্বমূলক উপদেশ আছে। সেইবাবে 'প্ৰহ্লাদ চৰিত্ৰ'ক "প্ৰথম অসমীয়া বৈষ্ণৱ গ্ৰন্থ" বুলি কালিৰাম মেধিয়ে অভিমত প্ৰকাশ কৰিছে।[2]
আনহাতে ৮৯৯ টা পদবিশিষ্ট "হৰগৌৰী-সংবাদ"ত কালিকা পুৰাণ, কুমাৰ সম্ভৱ, নৃসিংহ পুৰাণ আদি গ্ৰন্থৰ প্ৰভাৱ পৰিছে৷[2] ইয়াত তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম আদিৰ বৰ্ণনা আছে। এইখন পুথি কবিৰ পৰিণত বয়সৰ ৰচনা বুলি ধাৰণা কৰা হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 ড: সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ৫৩-৫৪.
- ↑ 2.0 2.1 2.2 ড: হেমন্তকুমাৰ শৰ্মা (১৯৯৭). অসমীয়া সাহিত্যত দৃষ্টিপাত. প্ৰকাশক গুৱাহাটী: শান্তিৰঞ্জন দে', বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৬৫-৬৬.
বৰ্হি সংযোগ
[সম্পাদনা কৰক]- [1] Archived 2016-03-05 at the Wayback Machine Pre-Vaishnavite era of Assamese literature