উত্তৰ পূব পৰিষদ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
উত্তৰ-পূব পৰিষদ অইন, ১৯৭১ অধীনত উত্তৰ-পূব পৰিষদ (NEC)-ৰ গঠন হৈছিল আৰু ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটি আদেশৰ বলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণা-বেক্ষণৰ বাবে এখন আঞ্চলিক সংগঠন হিচাপে ইয়াক আনুষ্ঠানিক ভাবে স্থাপন কৰা হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন]। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম – ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই সাতখন ৰাজ্যক সদস্য হিচাপে লৈ উত্তৰ-পূব পৰিষদ গঠিত হৈছিল। এই সাতখন ৰাজ্যই দেশৰ মুঠ ভৌগোলিক খণ্ডৰ ৭.৭% আৰু দেশৰ মুঠ জনসংখ্যাৰ ৩.৮৮% সামৰি লৈছে। ২০০২ চনত ছিক্কিম উত্তৰ-পূব পৰিষদৰ অষ্টম সদস্য হিচাপে যুক্ত হৈছিল। এই সদস্য ৰাজ্য বিলাকৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী সকলক উত্তৰ-পূব পৰিষদৰ সদস্য হিচাপে লোৱা হৈছিল। পূৰ্বে যদিও অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালেই উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ আছিল, বৰ্তমান অধ্যক্ষৰ পদটো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত ক্ৰমানুসাৰে আৱৰ্তিত হয়। NEC-ৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।
উদ্দেশ্য
[সম্পাদনা কৰক]উত্তৰ-পূব পৰিষদৰ প্ৰধান উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হ’ল[উদ্ধৃতিৰ প্ৰয়োজন]:
- সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সমাজিক উন্নয়নৰ বাবে সংহত আঁচনি গ্ৰহণ কৰা।
- সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক অসমতা দূৰ কৰা।
- উপযোগী আঁচনি আৰু প্ৰকল্পৰ অগ্ৰাধিকাৰ নিৰ্ণয় কৰা আৰু তাক কাৰ্যকৰী কৰাৰ অৰ্থে বিহিত ব্যৱস্থা হাতত লোৱা।
- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ মজত সমন্বয়, সহযোগিতা আৰু ঐক্য বৃদ্ধি কৰা।
- অঞ্চলটোৰ ৰাজ্য কেইখনৰ আন্তঃগাঁথনি মূলক উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা।
- হাতত লোৱা আঁচনিৰ কাৰ্যকৰী পদ্ধতি সম্পৰ্কে আলোচনা কৰা আৰু তাক কাৰ্যকৰী কৰাৰ বাবে প্ৰচেষ্টা চলোৱা।
- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত গ্ৰহণ কৰিবলগীয়া প্ৰকল্প আৰু আঁচনিৰ উপকাৰিতা আৰু যথাৰ্থতা নিৰ্ণয়ৰ বাবে জৰীপ কাৰ্য চলোৱা।
কাৰ্যৱলী:
[সম্পাদনা কৰক]উত্তৰ-পূব পৰিষদৰ প্ৰধান কাৰ্যৱলী তলত উল্লেখ কৰা হ’ল[উদ্ধৃতিৰ প্ৰয়োজন]:
- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ দ্ৰুত আৰু সম-উন্নয়নৰ ব্যৱস্থা কৰা।
- সাধাৰণ সমস্যা সমাধানৰ বাবে অৰ্থনৈতিক আঁচনিত গুৰুত্ব দিয়া।
- উদ্যোগিক উন্নয়ন আৰু বিকাশৰ বাবে বুনিয়াদী সা-সুবিধা শক্তিশালী কৰা।
- কৃষি পদ্ধতিৰ পৰিৱৰ্তন অনা আৰু হস্তশিল্পৰ আধুনিকীকৰণ।
- অঞ্চলটোৰ অৰ্থনৈতিক সম্পদৰ প্ৰণালীৱদ্ধ জৰীপ কাৰ্য সম্পাদন কৰা
ভূমিকা
[সম্পাদনা কৰক]উত্তৰ-পূব পৰিষদে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে[উদ্ধৃতিৰ প্ৰয়োজন]। বৰ্তমান সময় কালত উত্তৰ-পূব পৰিষদক গোটেই উত্তৰ-পূব অঞ্চলৰ সুষম অৰ্থ-সামাজিক উন্নয়নৰ বাবে এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি মূলক সংস্থা বুলি গণ্য কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]।