কাকৈ-চেৰা
অৱয়ব
Memecylon cerasiforme | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Memecylon |
প্ৰজাতি: | M. cerasiforme |
দ্বৈৰাশিক নামকৰণ | |
Memecylon cerasiforme Kurz |
কাকৈ-চেৰা (বৈজ্ঞানিক নাম:Memecylon cerasiforme; কাৰবি: নৰাকং; কছাৰী: পান্দাওজে) মেলাষ্টমেচি (Melastomacee) পৰিয়ালৰ অন্তৰ্ভুুক্ত অসমত দেখা পোৱা এবিধ সৰু আকাৰৰ বনৰীয়া গছ৷[1] ই ভাৰত (চিত্তাগং, উত্তৰ পূৱ ভাৰত), বাৰ্মা আৰু বাংলাদেশৰ থলুৱা উদ্ভিদ।[2][3]
বিৱৰণ
[সম্পাদনা কৰক]কাকৈ-চেৰাৰ বাকলিৰ বৰণ মদৰুৱা৷ বাকলিৰ উপৰিভাগত দীঘল দীঘল ফাটৰ উৎপত্তি হোৱা দেখা যায়৷ ইয়াৰ পাতবোৰ কেতিয়াবা দীঘলীয়া আৰু কেতিয়াবা ডিম্বাকাৰ আৰু দুয়োমূৰ দীঘলনেজীয়া হয়৷ পাতবোৰ চামৰাৰ দৰে ডাঠ আৰু মিহি হোৱা দেখা যায়৷ পাতৰ বৰণ সেউজীয়া৷ কাকৈ-চেৰাৰ ফুল শেঁতাবৰণীয়া৷ ফুলবোৰ পুৰঠ হ’লে দীঘলীয়া আৰু জামুৰ দৰে মঙহাল ফল উৎপন্ন হয়৷ এই ফলবোৰ পকিলে ক’লা পৰে৷[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ Catalogue of Life. "Catalogue of Life:Memecylon cerasiforme Kurz". Catalogue of Life. http://www.catalogueoflife.org/col/details/species/id/9bba0507614f2a52b5fc3c88916e8b98। আহৰণ কৰা হৈছে: June 9, 2019.
- ↑ "Memecylon cerasiforme Kurz ". India Biodiversity Portal. https://indiabiodiversity.org/species/show/249824। আহৰণ কৰা হৈছে: June 9, 2019.