সমললৈ যাওক

খেউন ৰৌণ মাই ক্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খেউন ৰৌণ মাই ক্ব'[1](ইংৰাজী: Kheun Rwan Mai Kwa' or Singarigharutha) বা চিঙ্গাড়ীঘৰুথা হ'ল মধ্যযুগীয় অসমত ৰাজত্বকাৰী আহোম ৰাজ্যচাওফাৰ ঐতিহাসিক ৰাজ্যভিষেক অনুষ্ঠান। আহোম শাসনৰ সময়ত এই অনুষ্ঠানে বিশেষ ৰাজকীয় মৰ্য্যাদা লাভ কৰিছিল সেইসময়ত আহোম ৰাজকুমাৰে এই অনুষ্ঠান অবিহনে ৰাজকীয়ভাবে মৰ্যাদা লাভ নকৰিছিল সেয়ে প্ৰতিজন চাওফাই এই প্ৰথাটোৰ মাজেৰেহে শাসন ভাৰ গ্ৰহণ কৰিছিল[2]। কিন্তু অনুষ্ঠানটি বহুত ব্যয়বহুল আছিল আৰু সেইবাবে এই অনুষ্ঠান কৰাত যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল আৰু দেশত আৰ্থিক সংকটত এই অনুষ্ঠান আনকি স্থগিত ৰাখিব লগাও হৈছিল।

"খেউন ৰৌণ মাই ক্ব" অনুষ্ঠানটি প্ৰথমে আহোম চাওফা চুদাংফা দ্বাৰা অনুষ্ঠিত কৰা হয়,। চুদাংফা 1397 খ্ৰীষ্টাব্দত চাওফা হয়। তেওঁ ৰাজধানী চৰাইদেউৰ পৰা চৰগুবালৈ সলাই। নতুন ৰাজধানীত চাওফা চুদাংফাই উৎসব অনুষ্ঠিত কৰিছিল এই প্ৰথা আহোমসকলৰ পূৰ্বপুৰুষ দেবতা ফুৰা লেংডনৰ আদেশ মতে পালন কৰি অহা হয়। আৰু সেইসময়ৰ পৰাই প্ৰতিজন চাওফাই এই অনুষ্ঠানটো পালন কৰি আহিছে। এই অনুষ্ঠানটি ত চাওফাসকলে চিঙ্গাড়ী গছৰ কাঠাম তৈয়াৰ কৰি তাতে অনুষ্ঠিত কৰিছিল সেয়ে ইয়াক চিঙ্গাড়ীঘৰুথা বুলা হয়। প্ৰায়বোৰ আহোম চাওফাই চৰাইদেউত এই অনুষ্ঠান ভাগ কৰিছিল কাৰণ চাওলুং জনাই স্থায়ী ৰাজধানী তাতে পাতিছিল।

এই অনুষ্ঠান ভাগি আহোমসকলৰ পৰম্পৰাগত আহোম ধৰ্মৰ পূজাৰী সকলে আগ ধৰে আৰু উপযুক্ত দিন বাৰ মঙল চায়। অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা দিনা এটা মতা হাতীত চোমফাক পিন্ধি চাওঁফাই উঠিলৈ জ্যেষ্ঠ ৰাণী আই কুঁৱৰীক মাইকী হাতী এজনীত উঠাই চৰাইদেও অভিমুখে ৰাওনা হয়।[3][4] তাৰ পাছত ৰাজ দম্পতী হাল পাটঘৰত উপস্থিত হৈ মলুঙ সকলৰ দ্বাৰা ঙি পুলকৰ পবিত্ৰ পানী ছটিয়াই। কিছু আহোম পুথিৰ মতে সেই মলুঙ দুজন একে বংশৰে যাক এই কামৰ বাবে ৰাখি থোৱা হৈছিল। পানীখিনি ছটিওৱা পাছত মলুঙ কেইজনক সোণ ৰূপৰ বহু দামী উপহাৰ দিয়া হৈছিল। তাৰ পিছত কিছু সময় ৰাজধানীৰ পৰা আঁতৰি আছিল যাতে কোনো অসূয়া অমংগল বোৰ তাতে থাকি যায়।[5]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. (Gogoi 2011)
  2. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 412
  3. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 412
  4. Gait E.A. A History of Assam 1926 page 235
  5. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 413