সমললৈ যাওক

দুলীয়াজান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুলীয়াজান
Duliajan
চহৰ
উপনাম: 
তৈল নগৰী
স্থানাংক: 27°22′00″N 95°19′00″E / 27.3667°N 95.3167°E / 27.3667; 95.3167স্থানাংক: 27°22′00″N 95°19′00″E / 27.3667°N 95.3167°E / 27.3667; 95.3167
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
উচ্চতা
১২১ মিটাৰ (৩৯৭ ফুট)
জনসংখ্যা
 (2001)
 • মুঠ 23,763
 • স্থান ১৬তম

দুলীয়াজান ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঔদ্যোগিক চহৰ। ই ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৪৫ কিঃমিঃ পূবত অৱস্থিত। দুলীয়াজান ঘাইকৈ ইয়াৰ তেল আৰু গেছৰ লগত জড়িত উদ্যোগৰ বাবে জনাজাত। দেশৰ ভিতৰতে বৃহৎ তেল আৰু গেছ কোম্পানীৰ অন্যতম "অইল ইণ্ডিয়া লিমিটেড"ৰ মুখ্য কাৰ্যালয় দুলীয়াজানত অৱস্থিত। কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত বিভিন্ন কোম্পানী যেনে গেছ ক্ৰেকাৰ আৰু পলিমাৰ কোম্পানী বিচিপিএল (BCPL), বিদ্যুৎ উৎপাদন কৰা নেপকো (NEPCO), সাৰ আৰু গেছ কোম্পানী বিএফচিএলৰ (BFCL) কাৰ্যালয দুলীয়াজানত অৱস্থিত।[1]

ইয়াত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত অসম গেছ কোম্পানী লিমিটেডৰো কাৰ্যালয় অৱস্থিত।[2]

আহোমৰ দ্বাদশজন ৰজা আছিল স্বৰ্গদেউ চুহানফা৷ চুহানফাৰ ৰাজত্বকালতেই লানতুৰবান নামৰ এজনক এঙ্গেতখাতৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছিল৷ এবাৰ লানতুৰবানে খাতৰ ধান চুৰি কাৰ্যত ধৰা পৰে আৰু সেই অপৰাধত স্বৰ্গদেৱে তেখেতক ৰূপ এশ টকাৰে দণ্ড বিহে আৰু তেওঁক ভৱিষ্যতৰ বাবে সেই কামৰ পৰা অব্যাহতি দিয়ে৷ ৰজাৰ এনে কাৰ্যত লাজ আৰু অপমানত ক্ষুণ্ণ হৈ তেওঁ স্বৰ্গদেউ চুহানফাৰ ওপৰত ভৱিষ্যতে প্ৰতিশোধ লোৱাৰ বাসনা মনতে পুহি ৰাখিছিল৷ এনেদৰেই ৰজাঘৰৰ লাচনি পাচনি কামত সহায়ক হিচাপে কাম কৰি থাকোঁতেই এই প্ৰাক্তন অধিকাৰীজনে ৰজাৰ ওপৰত প্ৰতিশোধ ল'বলৈ বুলি সুবিধা উলিয়াই লয়৷ ৰজাঘৰৰ মিচাং (ঘৰৰ আগফালে মুকলি হৈ থকা চাং বিশেষ) নিৰ্মাণৰ সময়তেই লানতুৰবানে সুবিধা বুজি কাম এটি উলিয়াই ল'লে৷ ৰজাই কামৰ পৰিদৰ্শন কৰিবলৈ বুলি মিচাঙৰ কাষলৈ যাওঁতেই চাঙৰ চোঁচ সলোৱাৰ চলেৰে লানতুৰবানে সৰু যাঠী এপাতেৰে ৰজাক খুঁচি হত্যা কৰে৷ ১৪১৫ শকৰ ফাগুন মাহৰ এটা দিনতেই স্বৰ্গদেউ চুহানফাৰ মৃত্যু হয়৷

স্বৰ্গদেউ চুহানফাৰ মৃত্যুৰ পিচতে তেওঁৰ বৰপুত্ৰ চুপিমফাই ৰাজ্যভাৰ গ্ৰহণ কৰি ৰজা হয়৷ চুৰিমফাই ৰজা হৈয়েই প্ৰথমে চুপিমফাৰ পিতৃৰ হত্যাকাৰী লানতুৰবান আৰু লানতুৰবানৰ দুই পুত্ৰ সহিতে তিনিওকে মৃত্যুদণ্ড আদেশ দিলে৷ ৰজাৰ আদেশমৰ্মেই চাওদাঙে লানতুৰবান আৰু দুই পুত্ৰক নিলগাই নি উজনিত দুৰৈৰ এটা জানৰ পাৰত এই দণ্ড কাৰ্যকৰী কৰা হৈছিল৷ দুৰৈৰ এই জানটোক তেতিয়া দুৰীয়াজান বা দুৰৈয়াজান নামেৰে অভিহিত কৰিছিল৷ ঊনৈশ শতিকাৰ সপ্তম দশকমানৰ শেষভাগত অন্য ঠাইৰপৰা অহা আহোম সম্প্ৰদায়ৰ 'দুলীয়া' খেলৰ কেইঘৰমান মানুহ উঠি আহি প্ৰথমে কছাৰীপথাৰ আৰু পিছত দুৰীয়াজানৰ পাৰতেই গাঁও পাতি বসবাস কৰিবলৈ লয়৷ এনেদৰে গাঁও পাতি বসতি কৰিবলৈ লোৱা লোকসকলৰ পৰা জনবসতি বৃদ্ধি হৈ পৰৱৰ্তী সময়ত গাঁওখনৰ নাম দুলীয়াগাঁও আৰু পিছলৈ মানুহে গাঁওৰ নাম অনুসৰিয়েই জানটোৰ নাম দুৰীয়াজানৰ পৰিৱৰ্তে দুলীয়াজান বুলিবলৈ লয়৷ পাছলৈ ইয়াৰ নামেৰেই কাষৰীয়া অঞ্চলটোৰ নামো দুলীয়াজান হ'ল৷[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Oil India Ltd. Headquarters". http://www.oil-india.com/OOffices.aspx। আহৰণ কৰা হৈছে: 14 June 2011. 
  2. "Assam Gas Company Limited". http://assamgas.org/। আহৰণ কৰা হৈছে: 26 November 2012. 
  3. মিতালী মহন্ত (২০০৯). দুলীয়াজান ক্লাৱৰ ইতিবৃত্ত. প্ৰকাশক দুলীয়াজান: দুলীয়াজান ক্লাব পৰিচালনা সমিতি. পৃষ্ঠা. ১,২.