নীৰজা ভানোট
নীৰজা ভানোট | |
---|---|
জন্ম | ৭ ছেপ্টেম্বৰ, ১৯৬৩ চণ্ডীগড়, পঞ্জাব, ভাৰত |
মৃত্যু | ৫ ছেপ্টেম্বৰ, ১৯৮৬ (২২ বছৰ) কৰাছী, সিন্ধ, পাকিস্তান |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | বিমানসেৱিকা, মডেল |
জনা যায় | পেন এম ফ্লাইট ৭৩ |
পিতৃ-মাতৃ | ৰমা ভানোট হৰীশ ভানোট |
বঁটা, সন্মান, পুৰস্কাৰ আদি | অশোক চক্ৰ ১৯৮৭ (ভাৰত) টামঘা-ই-ইনচানিয়ৎ (পাকিস্তান) Justice for Crimes Award (আমেৰিকা যুক্তৰাষ্ট্ৰ) |
নীৰজা ভানোট (হিন্দী: नीरजा भनोत; জন্ম: ৭ চেপ্তেম্বৰ, ১৯৬৩; মৃত্যু: ৫ চেপ্তেম্বৰ, ১৯৮৬) "পেন এম" (পেন আমেৰিকান ৱৰ্লড এয়াৰৱেইজ) বিমান প্ৰতিষ্ঠানৰ এগৰাকী বিমানসেৱিকা (Purser) আছিল। ১৯৮৬ চনৰ ৫ চেপ্তেম্বৰৰ দিনা সন্ত্ৰাসবাদীৰ দ্বাৰা অপহৃত (হাইজেক) ‘পেন এম ফ্লাইট ৭৩’ বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰৰ ক্ষেত্ৰত দেখুওৱা অদম্য সাহস, বিচক্ষণতা আৰু আত্মত্যাগৰ বাবে তেওঁক মৰোনোত্তৰ ভাৱে সামৰিক ক্ষেত্ৰৰ দেশৰ সৰ্বোচ্চ সন্মান ‘অশোক চক্ৰ’ প্ৰদান কৰা হয়। সেই দুৰ্ঘটনাতে সন্ত্ৰাসবাদীৰ গুলীত নীৰজা ভানোটে মৃত্যুবৰণ কৰে। নীৰজা ভানোট ‘অশোক চক্ৰ’ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা হোৱাৰ লগতে আটাইতকৈ কম বয়সত এই বঁটা বিজয়ী হোৱাৰ গৌৰৱো অৰ্জন কৰিছে।[1]
পৰিয়াল আৰু শিক্ষা-দীক্ষা
[সম্পাদনা কৰক]নীৰজা ভানোটৰ পৰিয়ালটো মুম্বাইৰ বাসিন্দা যদিও তেওঁলোকৰ ঘাই ঘৰ চণ্ডীগড়ত আছিল। পঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰা নীৰজা ভানোটৰ পিতৃৰ নাম হৰিশ ভানোট আৰু মাতৃ ৰমা ভানোট। নীৰজাৰ পিতৃয়ে The Hindustan Times কাকতত সাংবাদিক হিচাপে ৩০ বছৰ কৰ্মৰত আছিল আৰু ২০০৭ চনৰ ৩১ ডিচেম্বৰ তাৰিখে ৮৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। নীৰজাৰ মাতৃ ৰমা ভানোটৰ মৃত্যু হয় ২০১৫ চনৰ ৫ ডিচেম্বৰ তাৰিখে। নীৰজাৰ দুগৰাকী ককায়েক অখিল ভানোট আৰু অনীশ ভানোট। নীৰজা ভানোটে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে চণ্ডীগড়ৰ Sacred Heart Senior Secondary Schoolত। প্ৰাথমিক পৰ্যায়ৰ স্কুলীয়া শিক্ষা সাং কৰাৰ পিছতে তেওঁলোকৰ পৰিয়ালটো চণ্ডীগড়ৰ পৰা মুম্বাইলৈ আহে আৰু নীৰজাই মুম্বাইৰ Bombay Scottish School আৰু পিছত St. Xavier’s College, Mumbai ত নামভৰ্তি কৰে। ১৯৮৫ চনৰ মাৰ্চ মাহত পৰিয়ালৰ ফালৰ পৰা ঠিক কৰা যুৱকৰ সৈতে নীৰজা বিবাহপাশত আবদ্ধ হৈছিল যদিও যৌতুকজনিত কাৰণত তেওঁ স্বামীঘৰ ত্যাগ কৰি দুমাহৰ পিছতে পিতৃগৃহলৈ উভতি আহিবলৈ বাধ্য হয়।[2]
বিমান অপহৰণৰ ঘটনাটো
[সম্পাদনা কৰক]সন্ত্ৰাসবাদীৰ দ্বাৰা পাকিস্তানৰ কৰাচী বিমান বন্দৰত ১৯৮৬ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে ‘পেন অম ফ্লাইট ৭৩’ বিমানখন অপহৰণ (হাইজেক) কৰা হয়। উক্ত বিমানখনত নীৰজা ভানোট Senior flight Purser হিচাপে নিয়োজিত আছিল। মুঠ ৩৬১জন যাত্ৰী আৰু ১৯জন বিমানত কৰ্মৰত সদস্যক লৈ পেন এম ফ্লাইটখন মুম্বাইৰ পৰা নিউয়ৰ্কলৈ উৰা মাৰিছিল। বিমানখনে কৰাচী বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে চাৰিজন সন্ত্ৰাসবাদীয়ে অতৰ্কিতে বিমানখনত প্ৰৱেশ কৰি লয়। সন্ত্ৰাসবাদী কেইজনে বিমানখন চাইপ্ৰাচলৈ উৰুৱাই নিব বিচাৰিছিল যাতে বিমানযাত্ৰী সকলক পণবন্দী কৰি তেওঁলোকৰ কেইজনমান সতীৰ্থক কাৰাগাৰৰ পৰা মুক্ত কৰিব পাৰে। অভাৱনীয় পৰিস্থিতিত নীৰজা ভানোটে বিচক্ষণতা দেখুৱাই ‘ককপিট’ত থকা বিমানচালকক বিমানঅপহৰণৰ বাৰ্তা প্ৰেৰণ কৰে। বৰ্তাপোৱাৰ লগে লগে ককপিটত থকা তিনিওজন বিমানচালকে (পাইলট, সহ-পাইলট আৰু বিমান অভিযন্তা) তেওঁলোকক প্ৰদান কৰা প্ৰশিক্ষণ অনুযায়ী ককপিটৰ ওপৰেদি থকা পথেদি বিমানখনৰ পৰা পলায়ন কৰে যাতে অপহৰণকাৰীসকলে বিমানখন উৰুৱাই নিবলৈ অসমৰ্থ হয়।
সন্ত্ৰাসবাদীসকল আছিল ‘আবু নিদাল অৰ্গেনাইজেচনছ’ (Abu Nidal Organization) নামৰ উগ্ৰপন্থী সন্থাটোৰ সদস্য। বিমানখন উৰুৱাবলৈ বিফল হোৱাত সন্ত্ৰাসবাদী কেইজনৰ পৰিকল্পনাত খেলিমেলি লাগে আৰু বিমানযাত্ৰীৰ লগতে বিমানত কৰ্মৰত সকলোকে ভীতি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। আমেৰিকাবাসী নাগৰিক সকল চিনাক্ত কৰিবলৈ সন্ত্ৰাসবাদীকেইজনে বিমান পৰিচালিকাসকলক বিমানযাত্ৰী সকলোৰে পাচপৰ্ট সমূহ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। নীৰজা ভানোটে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি বুদ্ধিমত্তাৰে বিমানত থকা ৪১জন আমেৰিকা নিবাসীলোকৰ পাচপৰ্টসমূহ লুকুৱাই ৰাখিবলৈ সমৰ্থ হয়। বিমানৰ বাকী পৰিচাৰিকাসকলৰ লগ লাগি তেওঁ আমেৰিকাবাসী সকলৰ পাচপৰ্টসমূহ আসনৰ তলত ভৰাই ৰাখি সন্ত্ৰাসবাদীকেইজনক বিভ্ৰান্ত কৰি তোলে।
শ্বাসৰূদ্ধ পৰিস্থিতিত নীৰজা ভানোটে অতি সাহসিকতা প্ৰদৰ্শন কৰি বিমানযাত্ৰীসকলক সন্ত্ৰাসবাদীৰ কবলৰ পৰা আশ্বস্ত কৰি ৰাখে। সন্ত্ৰাসবাদীকেইজনে ১৭ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো পাইলট অবিহনে বিমান চলাবলৈ বিফল হোৱাত কিংকৰ্তব্য বিমূঢ় হৈ পৰে আৰু যধে-মধে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগে। এনে সময়তে নীৰজা ভানোটে বিমানৰ জৰুৰীকালীন দৰ্জাখন খুলি দিবলৈ সক্ষম হয়। দৰ্জাখন খুলি নীৰজা ভানোটে পলায়ন কৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হ’লহেতেন। কিন্ত্ত তেওঁ সকলো বিমানযাত্ৰীকে ততাতৈয়া কৰি বিমানৰ পৰা নামি যাবলৈ সহায় কৰে। এনে সময়তে তিনিজন কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ যাওঁতে নীৰজা ভানোট গুলীবিদ্ধ হয় আৰু মৃত্যুমুখত পৰে। মুঠ ৩৬১জন যাত্ৰীৰ ১২০জন আহত হয় আৰু ২০ গৰাকীৰ প্ৰাণহানি হয়। বাকী সকলোকে সুকলমে উদ্ধাৰ কৰা হয় আৰু সন্ত্ৰাসবাদী কেইগৰাকীও বন্দী হয়।