বৃক্ষ
উদ্ভিদ বিদ্যাত, বৃক্ষ সাধাৰণতে বুলিলে মূল, কাণ্ড, ঠাল-ঠেঙুলি আৰু পাত বিশিষ্ট বহুবৰ্ষজীৱী উদ্ভিদ প্ৰজাতিক বুজায়। বহুক্ষেত্ৰত, সংকীৰ্ণ অৰ্থত, বৃক্ষ শব্দই কেৱল গৌণ বৃদ্ধি বিশিষ্ট কাঠযুক্ত উদ্ভিদ, কুণ্ডা প্ৰস্তুত কৰিব পৰা বা বিশেষ উচ্চতাবিশিষ্ট উদ্ভিদকহে বুজায়। আনহাতে, ওখ প্লাম, গছ ঢেকীয়া, কল গছ আৰু বাহবোৰকো বৃক্ষ বোলে। বৃক্ষৰ জীৱনকাল দীঘলীয়া, কিছুমান বহুহাজাৰ বছৰ ধৰি জীয়াই আছে। প্ৰায় ১১৫.৬ মিটাৰ পৰ্যন্ত ওখ হাইপেৰিয়ন নামৰ এবিধ উপকূলীয় ৰেডউদ হৈছে আটাইতকৈ ওখ বৃক্ষ। প্ৰায় ৩৭০ নিযুত বছৰ আগৰে পৰাই বৃক্ষ পৃথিৱীত বৰ্তী আছে। বৃক্ষ কোনো জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনৰ গোট নহয় কিন্তু একপ্ৰকাৰৰ কাষ্ঠিক কাণ্ডযুক্ত আৰু সূৰ্যৰ পোহৰৰ বাবে অন্য উদ্ভিদ প্ৰজাতিসমূহে প্ৰতিযোগিতা কৰিবলগা হোৱাকৈ আচ্ছাদিত ঠাল-ঠেঙুলি বিশিষ্ট স্বাধীনভাৱে বিকশিত ভিন্ন প্ৰজাতিৰ উদ্ভিদক সাঙুৰি লয়।
এজোপা উদ্ভিদৰ কাণ্ডৰ পৰা বহুতো শাখা-প্ৰশাখাৰ সৃষ্টি হয়। কাণ্ডত থকা কাষ্ঠিক কলাই বৃক্ষক শক্তি প্ৰদান কৰে আৰু সংবহন কলাই খনিজ লৱনবোৰ এটা অংশৰ পৰা আনটো অংশলৈ কঢ়িয়াই নিয়ে। বেছিভাগ বৃক্ষৰে সুৰক্ষা প্ৰদানকাৰী বাকলি থাকে। মাটিৰ তলত শিপা বা মূলবোৰো শাখা-প্ৰশাখাযুক্ত হয়। মূলে বৃক্ষ জোপাক মাটিত খামুছি ধৰি শক্তি প্ৰদান কৰাৰ লগতে পানী আৰু পুষ্টিৰ যোগান ধৰে। মাটিৰ ওপৰত, শাখাবোৰ সৰু সৰু প্ৰশাখা বা ঠেঙুলিলৈ বিভক্ত হয়। প্ৰশাখাবোৰত পাতৰ বিকাশ হয়। পাতে সালোক সংশ্লেষণৰ জৰিয়তে সৌৰ শক্তিক কাৰ্বহাইড্ৰেদলৈ ৰূপান্তৰ কৰি, উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় খাদ্য প্ৰস্তুত কৰে। প্ৰায়ভাগ বৃক্ষৰে ফুল আৰু বীজ থাকে কিন্তু পাইনৰ দৰে শংকুধাৰী বৃক্ষৰ ৰেণু শংকু বা বীজ শংকু (নগ্ন বীজ) আৰু গছ ঢেকীয়াৰ দৰে বৃক্ষৰ ৰেণুহে থাকে।
ভূমি অৱক্ষয় আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত বৃক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিৱেশৰ সিংহভাগ কাৰ্বন ডাই অক্সাইড বৃক্ষই শোষণ কৰি সিহঁতৰ কলাত কাৰ্বন হিচাপে জমা কৰে। বহু প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদৰক বৃক্ষ আৰু অৰণ্যই আশ্ৰয় প্ৰদান কৰে। বৰ্ষাৰণ্যবোৰ পৃথিৱীৰ জৈৱ-বিচিত্ৰতাৰ প্ৰধান আৱাসস্থল। বৃক্ষই ছাঁ আৰু আশ্ৰয় প্ৰদান কৰে, নিৰ্মাণৰ বাবে কাঠ, ইন্ধন আৰু খাদ্য প্ৰদান কৰাৰ লগতে অন্য বহুতো উপকাৰ প্ৰদান কৰে।