ভাত কেৰেলা
ভাত কেৰেলা | |
---|---|
সংৰক্ষণ স্থিতি | |
বিৰল (NCA)
| |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Cucurbitales |
পৰিয়াল: | Cucurbitaceae |
গণ: | Momordica |
প্ৰজাতি: | M. dioica |
বৈজ্ঞানিক নাম | |
Momordica dioica Roxb. ex Willd.[1] |
ভাত কেৰেলা হৈছে এবিধ একবৰ্ষী, আৰোহী লতা। ইয়াৰ বৈজ্ঞানিক নাম— Momordica dioica। ইংৰাজীত ইয়াক স্পাইনি গাৰ্ড (spiny gourd), স্পাইন গাৰ্ড (spine gourd)[2], টিজল গাৰ্ড (teasle gourd) আৰু ব্ৰিষ্টলি বালছাম পিয়েৰ (bristly balsam pear)[3] বুলি জনা যায়।
আকাৰ
[সম্পাদনা কৰক]ভাতকেৰেলা গছৰ পাতবোৰ প্ৰায় ১০ৰ পৰা ১২ ছেঃমিঃ পৰ্যন্ত দীঘল আৰু সমানে বহল। ডিম্বকাৰ। কেৰেলাবোৰ সাধাৰণতে ৫ খলপীয়া আৰু নিমজ বা কিছু নোমাল। পুষ্পবোৰ ভিন্নবাসী হয়। প্ৰায় ৪-৫টা মান পাহি থকা ফুলেবাৰ ৫ ছেঃ মিঃ দীঘল হয়। ফুলবোৰৰ ৰং বগা বা সামান্য হালধীয়া আৰু তিনটা মান কলা ফোট থাকে। ভাতকেৰেলাৰ ফলবোৰ ১০-১২ ছেঃ মিঃ মান ডাঙৰ হয়। ইয়াৰ গোটেই গাটো অসংখ্য কোমল কাঁইট হয়। কেঁচা অৱস্থাত দেখিবলৈ সেউজীয়া আৰু পকিলে ৰঙা আৰু ৰসাল হয়। ভিতৰভাগ অসংখ্য বীজৰে ভৰা।
আবাস
[সম্পাদনা কৰক]অসমৰ বিভিন্ন ঠাইত ভাত কেৰেলাৰ পোৱা যায়। খৰালীমাহত গছবোৰ মৰি যায়। মাটিৰ তলত কেবল মাত্ৰ আলুটোহে জীৱিত অৱস্থাত থাকে। চত বা ফাগুন মাহত ই পুনৰ গজালি মেলি গছ হয়। লতাজাতীয় গছবোৰ আন গছত বা মটিৰ পৰা সামান্য চাং তৈয়াৰ কৰি বগাবলৈ সুবিধা কৰি দিয়া হয়। গছ বগাই মে-জুলাই মাহত খাবৰ বাবে উপযোগী হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Momordica dioica Roxb. ex Willd." (ইংৰাজী ভাষাত). Royal Botanic Gardens, KewPlants of the World Online. https://powo.science.kew.org/taxon/293438-1। আহৰণ কৰা হৈছে: 8 July 2024.
- ↑ USDA, ARS, Germplasm Resources Information Network. ভাত কেৰেলা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.
- ↑ "Momordica dioica" (ইংৰাজী ভাষাত). Global Biodiversity Information Facility. http://www.gbif.org/species/2874579। আহৰণ কৰা হৈছে: 24 September 2022.