য়ুভাল নোৱাহ হাৰাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
য়ুভাল নোৱাহ হাৰাৰী
জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৭৬ (৪৮ বছৰ)
কিৰয়াত আট্টা,ইজৰাইল
বাসস্থান মেছিলাট জিয়ন, ইজৰাইল
জাতীয়তা ইজৰাইলী
ক্ষেত্ৰ ইতিহাস
কৰ্মস্থান জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়
জেছাছ কলেজ,অক্সফৰ্ড
জনা যায় (১) ছেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড
(২) হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুম'ৰ'
(৩) টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী
প্ৰভাৱ জাৰেড ডায়মণ্ড
ফ্ৰান্স ডি ৱাল
দাম্পত্যসঙ্গী ইটজিক য়াহাভ
স্বাক্ষৰ
Yuval Harari (2017)

য়ুভাল নোৱাহ হাৰাৰী (হিব্ৰু: יובל נח הררי}}; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক।[1] তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক। তেওঁৰ তিনিখন গ্ৰন্থৰ নাম হৈছে চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (২০১৪), হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুম'ৰ' (২০১৬), আৰু ২১ লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী(২০১৮)। তেওঁৰ ৰচনাসমূহে মুক্ত মন, সচেতনতা, বুদ্ধিমত্তা আৰু সুখক সামৰি লয়।

জীৱনী[সম্পাদনা কৰক]

হাৰাৰীৰ জন্ম হৈছিল ১৯৭৬ চনত, ইজৰাইলৰ কিৰয়াট আট্টাত আৰু প্ৰতিপালিত হৈছিল এটা ইহুদী পৰিয়ালত।[2][3] হাৰাৰী এজন গেই(Gay)।[4] ২০০২ চনত হাৰাৰীয়ে তেওঁৰ জীৱনসংগী ইটজিক য়াহাভক লগ পায় যাক হাৰাৰীয়ে "ইণ্টাৰনেট অৱ অল থিংছ" বুলি অভিহিত কৰে।[5][6] য়াহাভে হাৰাৰীৰ ব্যক্তিগত মেনেজাৰৰ ভূমিকাও পালন কৰে।[7] তেওঁলোকৰ বিবাহ কানাডাৰ টৰণ্টত সম্পন্ন হয়।[8] দম্পতীটোৱে জেৰুজালেমৰ মছাভত (একধৰণৰ সমবায়ভিত্তিক কৃষিনিৰ্ভৰ সমাজ) বাস কৰে।[9][10][11]

হাৰাৰীয়ে কয় যে; ২০০০ চনত অক্সফৰ্ডত থাকোঁতে তেওঁ আৰম্ভ কৰা ৱিপাশনা ধ্যানে তেওঁৰ জীৱন সলনি কৰি পেলাইছে।[12][13] তেওঁ প্ৰত্যেকদিনাই এই ধ্যান দুঘণ্টাকৈ কৰে। একঘণ্টা দিনটোৰ প্ৰাৰম্ভত আৰু এঘণ্টা দিনটোৰ শেষত।[14]), আৰু প্ৰতিবছৰে তেওঁ ত্ৰিশ বা ততোধিক দিন ধ্যানৰ বাবে সম্পূৰ্ণ নিৰ্জনতাত যাপন কৰে। সেইখিনি সময়ত তেওঁ কিতাপ নপঢ়ে আৰু ছ'ছিয়েল মিডিয়াতো প্ৰৱেশ নকৰে।[15][16] তেওঁ ধ্যাণৰ এজন সহকাৰী শিক্ষকো।[17]

হাৰাৰী এজন ভেগান (Vegan), আৰু[3][18]২০১৯ চনৰ জানুৱাৰী মাহলৈকে তেওঁৰ কোনো স্মাৰ্টফোন নাই।[19]

শৈক্ষিক জীৱন[সম্পাদনা কৰক]

জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত হাৰাৰীয়ে ১৯৯৩ চনৰ পৰা '৯৮লৈকে মধ্যযুগীয় ইতিহাস আৰু সামৰিক ইতিহাস অধ্যয়ন কৰে আৰু সেইবিষয়ত বিশেষজ্ঞ হৈ উঠে। ষ্টিভেন জে. গানৰ অধীনত অক্সফৰ্ডৰ জেছাছ কলেজৰ পৰা তেওঁ ২০০২ চনত নিজৰ গৱেষণা শেষ কৰে। ২০০৩ চনৰ পৰা ২০০৫ লৈকে হাৰাৰীয়ে "য়াড হানাডিভ"ৰ জলপানি লৈ ইতিহাস বিষয়ত নিজৰ প'ষ্ট ডক্টৰেলৰ অধ্যয়ন শেষ কৰে।[20]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

এতিয়ালৈকে হাৰাৰীৰ একাধিক গ্ৰন্থ আৰু ৰচনা প্ৰকাশিত হৈছে। তেওঁৰ কেইখনমান গুৰুত্বপূৰ্ণ ৰচনা হৈছে- স্পেচিয়েল অপাৰেছ্যনছ্ ইন দ্য এ'জ অৱ চিভাল‌্‌‌ৰি,১১০০–১৫৫০;[21] দ্য আল্টিমেট এক্সপ্ৰিয়েন্স:বেটলফিল্ড ৰিভিলেছনছ্ এণ্ড দ্য মেকিং অৱ মডাৰ্ণ ৱাৰ কালছাৰ, ১৪৫০–২০০০;[22] আদি।

হাৰাৰীৰ প্ৰথমখন গ্ৰন্থ ছেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড ২০১১ চনত প্ৰকাশিত হৈছিল। তাৰপিছত ২০১৪ চনত গ্ৰন্থখন ইংৰাজী ভাষাত প্ৰকাশিত হয়। ইয়াৰ পিছত গ্ৰন্থখন ৪৫টা ভাষালৈ অনূদিত হৈছে।[23] এই গ্ৰন্থখনত মানৱ ইতিহাসৰ সম্পূৰ্ণ ৰূপৰেখাৰ এক ছবি অঙ্কিত হৈছে। গ্ৰন্থখনৰ হিব্ৰু সংস্কৰণটো ইজৰাইলত "বেষ্ট ছেলাৰ" হিচাপে পৰিচিত হয়। কিতাপখনে বৌদ্ধিক সমাজত এক উৎসুকতাৰ জন্ম দিয়ে আৰু হাৰাৰীক এগৰাকী চেলেব্ৰেটীলৈ ৰূপান্তৰিত কৰে।[24]

২০১৬ চনত তেওঁৰ দ্বিতীয়খন গ্ৰন্থ "হ'ম' ডিউছ" প্ৰকাশ হয়। এইখন গ্ৰন্থত তেওঁ হ'ম' ছেপিয়েনছৰ ভৱিষ্যত সম্পৰ্কে নানান সম্ভাৱনা আৰু আলোচনা লিপিবদ্ধ কৰে।[25] হ'ম' ডিউছত হাৰাৰীয়ে মানুহৰ ভৱিষ্যত তেওঁলোকৰ অতীত আৰু বৰ্তমানৰ ওপৰত নিৰ্ভৰশীল বুলি বিশ্লেষণ দাঙি ধৰে। হাৰাৰীৰ মতে; "ডাটাবাদ"(dataism)নামৰ এক দৰ্শন অথবা দৃষ্টিভংগী ভৱিষ্যতৰ পৃথিৱীত মূৰ দাঙি উঠিব।[26][27]

২০১৮ চনৰ ৩০ আগষ্টত তেওঁৰ তৃতীয়খন গ্ৰন্থ "টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী" প্ৰকাশিত হয়।[28][29] এইখনি গ্ৰন্থত হাৰাৰীয়ে বৰ্তমান পৃথিৱীৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত নিজা চিন্তা ব্যাখ্যা কৰে।[30][31][32]

বঁটা-সন্মান[সম্পাদনা কৰক]

"সৃজনীশীলতা আৰু স্বকীয়তা"ৰ বাবে ২০০৯ আৰু ২০১২ চনত দুবাৰকৈ হাৰাৰী পলনস্কি বঁটাৰে সন্মানীত হয়। ২০১১ চনত সামৰিক ইতিহাসত উৎকৃষ্ট ৰচনা লিখাৰ বাবে হাৰাৰীয়ে "সামৰিক ইতিহাস সমাজ"ৰ পৰা ম'নকাডো বঁটা লাভ কৰে। ২০১২ চনত হাৰাৰী "বিজ্ঞানৰ যুৱ ইজৰাইলী একাডেমী"লৈ নিৰ্বাচিত হয়।[33]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Yuval Harari official website
  2. Les prédictions de Yuval Noah Harrari, L'arche magazine
  3. 3.0 3.1 Cadwalladr, Carole (5 July 2015). "Yuval Noah Harari: The age of the cyborg has begun – and the consequences cannot be known". https://www.theguardian.com/culture/2015/jul/05/yuval-harari-sapiens-interview-age-of-cyborgs। আহৰণ কৰা হৈছে: 2 November 2016. 
  4. Anthony, Andrew (9 March 2017). "Yuval Noah Harari: ‘Homo sapiens as we know them will disappear in a century or so’". The Guardian. https://www.theguardian.com/culture/2017/mar/19/yuval-harari-sapiens-readers-questions-lucy-prebble-arianna-huffington-future-of-humanity। আহৰণ কৰা হৈছে: 5 March 2019. 
  5. Adams, Tim (27 August 2016). "Yuval Noah Harari: ‘We are acquiring powers thought to be divine’". the Guardian. https://www.theguardian.com/lifeandstyle/2016/aug/27/yuval-noah-harari-we-are-quickly-acquiring-powers-that-were-always-thought-to-be-divine। আহৰণ কৰা হৈছে: 17 March 2018. 
  6. "Fast Talk / The Road to Happiness". Haaretz. 25 April 2012. http://www.haaretz.com/israel-news/fast-talk-the-road-to-happiness-1.426554। আহৰণ কৰা হৈছে: 17 March 2018. 
  7. "זה ייגמר בבכי: סוף העולם לפי יובל נח הררי". Archived from the original on 11 September 2017. https://web.archive.org/web/20170911205108/http://www.nrg.co.il/online/55/ART2/726/869.html। আহৰণ কৰা হৈছে: 17 March 2018. 
  8. "Sadly, superhumans in the end are not going to be us". Mumbai Mirror. The Times Group. 14 October 2015. Archived from the original on 1 July 2018. https://web.archive.org/web/20180701194400/http://epaperbeta.timesofindia.com/Article.aspx?eid=31821&articlexml=Sadly-superhumans-in-the-end-are-not-going-14102015012006। আহৰণ কৰা হৈছে: 17 March 2018. 
  9. "Fast Talk The Road to Happiness". Haaretz. 25 April 2017. http://www.haaretz.com/weekend/magazine/fast-talk-the-road-to-happiness-1.426554. 
  10. Appleyard, Bryan (31 August 2014). "Asking big questions". thesundaytimes.co.uk. Archived from the original on 3 July 2015. https://web.archive.org/web/20150703110217/http://www.thesundaytimes.co.uk/sto/culture/books/non_fiction/article1451491.ece। আহৰণ কৰা হৈছে: 25 July 2015. 
  11. Reed, John (5 September 2014). "Lunch with the FT: Yuval Noah Harari". ft.com. http://www.ft.com/cms/s/2/aee05cca-3416-11e4-b81c-00144feabdc0.html। আহৰণ কৰা হৈছে: 25 July 2015. 
  12. "Yuval Harari, author of "Sapiens," on AI, religion, and 60-day meditation retreats". https://soundcloud.com/panoply/yuval-harari-author-of-sapiens-on-ai-religion-and-60-day-meditation-retreats। আহৰণ কৰা হৈছে: 17 March 2018. 
  13. Adams, Tim (27 August 2016). "Yuval Noah Harari: ‘We are quickly acquiring powers that were always thought to be divine’". https://www.theguardian.com/lifeandstyle/2016/aug/27/yuval-noah-harari-we-are-quickly-acquiring-powers-that-were-always-thought-to-be-divine. 
  14. "How Humankind Could Become Totally Useless". Time. http://time.com/4672373/yuval-noah-harari-homo-deus-interview/। আহৰণ কৰা হৈছে: 17 March 2018. 
  15. "Interview - Yuval Harari". The World Today. Chatham House. October–November 2015. পৃষ্ঠাসমূহ: 30–32. Archived from the original on 12 December 2017. https://web.archive.org/web/20171212073520/https://www.chathamhouse.org/sites/files/chathamhouse/field/field_document/Interview%20-%20Yuval%20Harari.pdf। আহৰণ কৰা হৈছে: 17 March 2018. 
  16. "Yuval Noah Harari, Sapiens and the age of the algorithm". The Australian. Josh Glancy. 3 September 2016. Archived from the original on 10 November 2016. https://web.archive.org/web/20161110213716/https://www.theaustralian.com.au/life/weekend-australian-magazine/yuval-noah-harari-sapiens-and-the-age-of-the-algorithm/news-story/dec563f94ceb523228049fdaf8ab8915. 
  17. "The messenger of inner peace: Satya Narayan Goenka; New Appointments". Vipassana Newsletter 23 (12). Vipassana Research Institute. 17 December 2013. http://www.vridhamma.org/en2013-12। আহৰণ কৰা হৈছে: 17 March 2018. 
  18. "Interview With Yuval Noah Harari: Masters in Business (Audio)". https://soundcloud.com/bloombergview/interview-with-yuval-noah-harari-masters-in-business-audio। আহৰণ কৰা হৈছে: 17 March 2018. 
  19. "# 68 -- Reality and the Imagination". Waking Up podcast. Sam Harris. 19 March 2017. Archived from the original on 20 April 2020. https://web.archive.org/web/20200420003935/https://samharris.org/podcasts/reality-and-the-imagination/। আহৰণ কৰা হৈছে: 17 March 2018. 
  20. "CV at The Hebrew University of Jerusalem". 2008. http://pluto.huji.ac.il/~ynharari/cv.html. 
  21. Yuval Noah Harari, Special Operations in the Age of Chivalry, 1100–1550 (Woodbridge: Boydell & Brewer, 2007)
  22. Yuval Noah Harari, The Ultimate Experience: Battlefield Revelations and the Making of Modern War Culture, 1450–2000 (Houndmills: Palgrave-Macmillan, 2008)
  23. Payne, Tom (26 September 2014). "Sapiens: a Brief History of Humankind by Yuval Noah Harari, review: 'urgent questions'". The Telegraph. https://www.telegraph.co.uk/culture/books/bookreviews/11120947/Sapiens-a-Brief-History-of-Humankind-by-Yuval-Noah-Harari-review-urgent-questions.html। আহৰণ কৰা হৈছে: 29 October 2014. 
  24. Fast talk / The road to happiness, in Haaretz, 25 April 2012
  25. Runciman, David (24 August 2016). "Homo Deus by Yuval Noah Harari review – how data will destroy human freedom" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/books/2016/aug/24/homo-deus-by-yuval-noah-harari-review. 
  26. Harari, Yuval Noah (2017). Homo Deus: A Brief History of Tomorrow. প্ৰকাশক London: Vintage. পৃষ্ঠা. 429. ISBN 9781784703936. OCLC 953597984. https://www.worldcat.org/oclc/953597984. 
  27. Harari, Yuval Noah (26 August 2016). "Yuval Noah Harari on big data, Google and the end of free will". Financial Times. https://www.ft.com/content/50bb4830-6a4c-11e6-ae5b-a7cc5dd5a28c। আহৰণ কৰা হৈছে: 20 October 2017. 
  28. "Yuval Noah Harari’s 21 Lessons for the 21st Century is a banal and risible self-help book". New Statesman. https://www.newstatesman.com/culture/books/2018/08/yuval-noah-harari-s-21-lessons-21st-century-banal-and-risible-self-help-book. 
  29. "Book review: Is '21 Lessons for the 21st Century' another hit for Yuval Noah Harari" (en ভাষাত). The National. https://www.thenational.ae/arts-culture/books/book-review-is-21-lessons-for-the-21st-century-another-hit-for-yuval-noah-harari-1.763381. 
  30. Lewis, Helen (15 August 2018). "21 Lessons for the 21st Century by Yuval Noah Harari review – a guru for our times?" (en ভাষাত). the Guardian. https://www.theguardian.com/books/2018/aug/15/21-lessons-for-the-21st-century-by-yuval-noah-harari-review। আহৰণ কৰা হৈছে: 25 August 2018. 
  31. Russell, Review by Jenni (19 August 2018). "Review: 21 Lessons for the 21st Century by Yuval Noah Harari — chilling predictions from the author of Sapiens" (en ভাষাত). ISSN 0140-0460. https://www.thetimes.co.uk/article/review-21-lessons-for-the-21st-century-by-yuval-noah-harari-chilling-predictions-from-the-author-of-sapiens-f3n30fn6q. 
  32. "Can mindfulness save us from the menace of artificial intelligence?" (en-GB ভাষাত). Evening Standard. https://www.standard.co.uk/lifestyle/books/21-lessons-for-the-21st-century-by-yuval-noah-harari-review-a3918696.html. 
  33. https://asiasociety.org/india/events/21st-centurys-emerging-inequality

বাহ্যিক সংযোগ[সম্পাদনা কৰক]