সদাশিৱ
সদাশিৱ | |
---|---|
পৰম ব্ৰহ্ম অনাদি কালৰে পৰা স্থিত - পৰম বাস্তৱ অনুগ্ৰহ, গ্ৰহণ (তমসাবৃতকৰণ), সৃষ্টি, ৰক্ষণ, প্ৰলয় আৰু সময়ৰ দেৱতা | |
সদাশিৱৰ প্ৰতিমূৰ্তি, খ্ৰীষ্টীয় একাদশ শতিকা, পশ্চিমবংগ | |
দেৱনাগৰী | सदाशिव |
সম্পৰ্ক | পৰমেশ্বৰ, শিৱ, ৰূদ্ৰ, মহাকাল, পশুপতি, বাতাৰা গুৰু |
নিবাস | শাদক্য তত্ত্ব, মহাকৈলাসম |
মন্ত্ৰ | ওঁম নমঃ শিৱায় |
অস্ত্ৰ | ত্ৰিশূল |
প্ৰতীকসমুহ | মুখলিংগ |
সঙ্গী | আদি পৰাশক্তি (শৈৱবাদৰ মতে) |
সদাশিৱ (সংস্কৃত: सदाशिव) শৈৱবাদৰ শৈৱ সিদ্ধান্ত পৰম্পৰা অনুসৰি পৰম ব্ৰহ্ম বা পৰমেশ্বৰ। তেওঁক পৰমশিৱ নামেৰেও জনা যায়। সদাশিৱ সৰ্বব্যাপী, পৰম আৰু শিৱৰ সৰ্বোচ্চ ৰূপ। তেওঁ অনুগ্ৰহ আৰু বিলয় (বৌদ্ধিক অজ্ঞানতা, কৰ্ম আৰু মায়াৰ পৰা আবুৰ) প্ৰদানেৰে আশিস দান কৰে। এই দুই কাৰ্য পঞ্চকৃত্য অৰ্থাৎ শিৱৰ পাঁচটা মুখ্য পবিত্ৰ কাৰ্যৰ চতুৰ্থ আৰু পঞ্চম কাৰ্য। সদাশিৱক সাধাৰণতে পঞ্চশিৰ আৰু দশ ভূজাৰে সৈতে চিত্ৰিত কৰা হয় আৰু এই ৰূপ শিৱৰ পঞ্চবিংশ মূৰ্তিৰ অন্যতম। শৈৱপন্থাৰ আগম পুথিসমূহত কোৱা হৈছে যে শিৱলিংগ আৰু বিশেষতঃ মুখলিংগ সদাশিৱৰ আন এক ৰূপ।[1]
চিত্ৰায়ন
[সম্পাদনা কৰক]সদাশৱৰ ধাৰণা আৰু ৰূপ প্ৰথম অৱস্থাত দক্ষিণ ভাৰতৰ পৰাই উদ্ভৱ হৈছিল যদিও ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা সদাশৱৰ বহুতো প্ৰাচীন ভাস্কৰ্য্য লাভ কৰা হৈছিল।[2] সেন বংশৰ সময়ছোৱাত বংগ অঞ্চলত দক্ষিণ ভাৰতত উদ্ভুত সদাশিৱৰ পূজা ব্যাপকভাৱে প্ৰচলিত আছিল বুলি বিশ্বাস কৰা হয়।[3] সদাশিৱক সাধাৰণতে মুখলিংগৰ ৰূপে প্ৰতিনিধিত্ব কৰে আৰু তেওঁৰ মুখৰ সংখ্যা একৰ পৰা পাঁচখনলৈ হ'ব পাৰে। প্ৰয়াগৰাজৰ ওচৰৰ ভীতাত পাঁচখন মুখৰ লিংগ হিচাপে সদাশলশিৱৰ প্ৰথমটো ভাস্কৰ্য্য পোৱা গৈছিল আৰু ই খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ।[2] তেওঁৰ পাঁচখন মুখ ঈশান, তৎপুৰুষ, বামদেৱ, অঘোৰ আৰু সত্যজঁটা পঞ্চব্ৰহ্ম (পাঁচজন সৃষ্টিকৰ্তা) নামেৰে জনাজাত। ইয়াৰে চাৰি দিশৰ ফালে চাৰিখন মুখ আছে আৰু এখন মুখৰ নিষ্কাল (নিৰাকাৰ) পৰাশিৱৰ পৰা ওপৰলৈ নিৰ্গমন হৈছে। ২৮খন শিৱাগমৰ প্ৰথম আগাম কামিগা আগামত সদাশিৱৰ পাঁচখন মুখ আৰু দহখন হাত থকা বুলি চিত্ৰিত কৰা হৈছে। তেওঁৰ পাঁচখন সোঁহাতত ত্ৰিশূল, কুঠাৰ, খটভংগ, বজ্ৰ আৰু অভয় মুদ্ৰা থকাৰ বিপৰীতে পাঁচখন বাওঁহাতত সৰ্প, এবিধ টেঙাজাতীয় ফল, নীলোৎপল, ডম্বৰু, ৰুদ্ৰাক্ষৰ মালা আৰু বৰদা মুদ্ৰা দেখা যায়।[4] সদাশিৱৰ সহধৰ্মিণী হৈছে দেৱী মহাগায়ত্ৰী। তেওঁ পাৰ্বতীৰ এক ৰূপ যাক আগাম পুথিসমূহত প্ৰায়ে মনোন্মণি বুলি জনা যায়।[5][6] তেওঁক কেতিয়াবা দ্বিভুজা আৰু সদাশিৱৰ কোলাত আসন গ্ৰহণ কৰা ৰূপত চিত্ৰিত কৰা হয়।
|
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Srinivasan (1997), পৃষ্ঠা. 272.
- ↑ 2.0 2.1 Sharma (1976), পৃষ্ঠা. 1–3.
- ↑ Mazumdar (2008), পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
- ↑ Sivacharya (2012).
- ↑ Stutley (2006), পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
- ↑ Hāṇḍā (1992), পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Hāṇḍā, Omacanda (1992). Śiva in art: a study of Śaiva iconography and miniatures. Indus Pub. House.
- Mazumdar, Bijay Chandra (2008). The History of the Bengali Language. Read Books. ISBN 978-1443767507.
- Rao, C. V. Ramachandra (1988). Siva-Mahesa (Sadasiva) Murti of Bhairavakona: an iconographical study. Manasa Publications. https://books.google.com/books?id=zwRFAQAAIAAJ.
- Sharma, B.N. (1976). Iconography of Sadasiva. Abhinav Publications. ISBN 978-8170170372.
- Sivacharya, S.P. Sabharathanam (2012). "Kamika Agama Uttara Pada". Hmalayan Academy. Archived from the original on 16 June 2019. https://web.archive.org/web/20190616172501/https://www.himalayanacademy.com/view/kamika-agama-uttara-pada-part-2। আহৰণ কৰা হৈছে: 28 September 2017.
- Srinivasan, Dorin (1997). Many Heads, Arms, and Eyes: Origin, Meaning, and Form of Multiplicity in Indian Art. Brill. ISBN 978-9004107588.
- Stutley, Margaret (2006). Hindu Deities: A Mythological Dictionary with Illustrations. Munshiram Manoharlal Publishers. ISBN 978-8121511643.