অসমত লোণ উৎপাদন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


লোণ উৎপাদন (ইংৰাজী: Salt production in Assam) অতীজৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পাহাৰীয়া ঠাইৰ প্ৰধান ব্যৱসায়বোৰৰ ভিতৰৰ লোণৰ ব্যৱসায় অন্যতম আছিল৷ পাটকাই পৰ্বতমালাৰ অনেক ঠাইত পানীৰ সৈতে মিহলি হৈ থকা অৱস্থাত লোণ পোৱা গৈছিল আৰু সেই পানীৰ পৰা বিশেষ ব্যয়সাধ্য-কষ্টসাধ্য উপায়েৰে লোণ আহৰণ কৰি অসমত লোণৰ চাহিদা পুূৰণ কৰা হৈছিল৷ এই লোণৰ দ্বাৰাই সমগ্ৰ ভূখণ্ডৰ জনগোষ্ঠীয় লোকসকলৰ মাজত ব্যৱসায়িক আদান-প্ৰদান চলিছিল৷ পৰৱৰ্তীকালত লোণ উৎপাদনৰ বাবে আহোম স্বৰ্গদেৱে পাইক নিযুক্ত কৰিছিল৷ লোণ ক্ষেত্ৰ অধিকাৰ কৰিবলৈ ৰজাসকলৰ মাজত যুঁজ-বাগৰ পৰ্যন্তও হৈছিল৷

লোণ ক্ষেত্ৰ[সম্পাদনা কৰক]

পাটকাই পৰ্বতমালাৰ বিশেষ কিছুমান ঠাইত লোণ পোৱা গৈছিল৷ তাৰ ভিতৰত মহং নামৰ অঞ্চলটি লোণৰ বাবে বিখ্যাত আছিল৷ এই মহং অঞ্চল নগালেণ্ডটুৱেনচাং জিলাৰ সীমাৰ পৰা আৰম্ভ কৰি অৰুণাচলটিৰাপ সীমান্তইদি নামচাইলৈকে বিস্তৃত আছিল৷ বৰ্তমান অসমৰ শদিয়া আৰু বৰাইল পৰ্বতমালাৰ অন্তৰ্গত ডিমা হাচাও জিলাৰ চেমখৰ গাঁৱত লোণ পোৱা গৈছিল৷ এই লোণ-ক্ষেত্ৰসমুহৰ কিছুমান ক্ষেত্ৰ বৰ্তমানো সক্ৰিয় হৈ আছে৷ টিৰাপ জিলাৰ ফুলুং লোণ পুং, খেলা লোণ পুং আৰু ডিমা হাচাও জিলাৰ চেমখৰ গাওঁৰ লোণ পুং বৰ্তমানো সক্ৰিয় অৱস্থাত আছে৷[1]

লোণ উৎপাদনত জড়িত লোক[সম্পাদনা কৰক]

ভৈয়ামৰ মহং কছাৰীসকল, চেমখৰ গাঁওৰ চেমচাসকল, লোণপুৰীয়া বা লোণপুঙীয়াসকল, নগা, নক্টে, নামচঙীয়া, টুটচা, টাংচা, টাকাম নগা আদি বিভিন্ন জনগোষ্ঠীয় লোক লোণ উৎপাদনৰ সৈতে জড়িত হৈ আছিল৷ এইসকলৰ ভিতৰত লোণপুৰীয়া বা লোণপুঙীয়াসকলক বিভিন্ন জনগোষ্ঠীয় লোকৰ মাজৰ পৰা আহোম ৰজাই লোণ উৎপাদনত নিযুক্ত কৰিছিল আৰু পাছলৈ তেওঁলোক সেই নামেৰে জনাজাত হৈছিল৷ মংগোলীয় মূলৰ খেৰেমীয়ালসকলে লোণ উৎপাদনত ব্যৱহৃত খৰি যোগাৰ কৰিছিল আৰু লোণপুৰীয়াসকলৰ লংপতীয়া নামৰ খেলে লোণ বান্ধিবলৈ কৌপাত (Phrynum pubinerve)ৰ যোগান ধৰিছিল৷[1]

বিশেষত্ব[সম্পাদনা কৰক]

লোণ সচৰাচৰ দুইধৰণে পোৱা যায়৷ সাগৰীয় লোণ আৰু খনিজ লোণ৷ খনিজ লোণৰ আধাৰ হ’ল লোণশিলা৷ পাটকাই পৰ্বতৰ বুকুত লোণশিলাৰ অৱস্থিতি নিৰূপণ হোৱা নাই৷ পৰিৱৰ্তে ইয়াত লুণীয়া পানীৰ নিজৰাহে আছে৷ নিজৰাৰ পৰা বৈ অহা লুণীয়া পানী দুখন পাহাৰৰ পাদদেশৰ সমতলত আৱদ্ধ হৈ পুঙৰ সৃষ্টি কৰে৷ ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগএ হিচাপ কৰা মতে এই পুংবোৰৰ পৰা প্ৰতি ঘণ্টাত ১০০০ৰ পৰা ৩০০০ লিটাৰ লুণীয়া পানী নিৰ্গমণ হয়৷ লোণ পুংসমূহৰ পানীত লোণৰ ঘনত্ব সকলোতে বেলেগ বেলেগ হোৱা দেখা যায়৷ এই পানীবোৰ জুইৰ সহায়ত শুকুৱাই লোণ প্ৰস্তুত কৰা হয়৷[1]

লোণ উৎপাদন পদ্ধতি[সম্পাদনা কৰক]

অসমত লোণ উৎপাদন এক বিশেষ পদ্ধতিৰে কৰা হৈছিল৷ প্ৰায়বোৰ লোণৰ পুং পাহাৰীয়া জনজাতিৰ লোকসকলৰ দখলত আছিল যদিও পিছলৈ আহোম ৰজাই এই পুংবোৰৰ কিছু অধিকাৰ কৰিছিল৷ আহোম স্বৰ্গদেৱ পুৰন্দৰ সিংহই লোণ উৎপাদন লাভজনক হোৱা দেখি সেই কামত পাইক নিয়োগ কৰিছিল৷[2] লোণ পানীৰ পৰা লোণ উলিয়াবলৈ কাকবাঁহৰ চুঙাত পানী সুমুৱাই জুইত পুৰি পানীভাগ শুকুৱাই লোণ প্ৰস্তুত পৰা হৈছিল৷ বাঁহৰ চুঙাবোৰত প্ৰথমে মাটিৰ লেও দিয়া হৈছিল যাতে জুইৰ স্পৰ্শত চুঙাবোৰ পুৰি নাযায়৷ তাৰপিছত লোণশালত চুঙাবোৰ উঠাই দি জুই দিয়া হয়৷ লোণশালবোৰ ১৬-১৮ ফুট দীঘল আৰু ৩-৪ ফুট বহল আৰু মাটিৰ পৰা প্ৰায় ৩ ফুটমান ওখ ভাতী৷ জুইত চুঙাবোৰ পুৰি থকাৰ সময়ত সঘনাই পানী ভৰাই থকা হয় যাতে ভাপ হৈ উৰি গৈ চুঙাটো খালী হৈ নপৰে৷ [1] পানীভাগ ভাপ হৈ উৰি যোৱাৰ পিছত ৰৈ যোৱা টান অংশই লোণৰ লদা আছিল৷ লংপতীয়াবোৰে কৌপাত কাটি আনি এইবোৰ টোপোলা কৰিছিল৷ সচৰাচৰ লোণ পুঙত লোণ পোৰা কামটো নিশাহে কৰা হৈছিল৷[3]

লোণৰ প্ৰকাৰ[সম্পাদনা কৰক]

পুঙৰ পৰা উৎপাদিত লোণ সাধাৰণতে সমাজৰ উচ্চ শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিছিল৷ সাধাৰণ শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিবলৈ দুটা বিশেষ পদ্ধতিত কৃত্ৰিম লোণ প্ৰস্তুত কৰি লৈছিল৷ সোঁত বন্ধ পানীত ভাঁহি থকা পুনি গোটাই শুকুৱাই পোৰা হৈছিল৷ তাৰপিছত সেই ছাই কাপোৰত টোপোলা কৰি পানীত উতলাই দিয়াৰ পাছত বাচনটোৰ তলত যি গেদ পৰে, সেয়ে লোণ হয়৷ আন এক পদ্ধতি হ’ল, ডিমৰু গছৰ পাত শুকুৱাই পোৰা হয় আৰু তাৰ ছাই টোপোলা কৰি পানীত উতলোৱা হয়৷ এইদৰে কৰাৰ পিছত বাচনটোৰ তলত যি গেদ জমা হয়, সেয়ে লোণ হয়৷ কিন্তু এই লোণৰ চোকটো বৰ বেছি৷ চোক কমাবলৈ ছাইবোৰ পানীত কিছুপৰ ঘুটি থাকি কাপোৰ এখনেৰে তিনিবাৰ চেকি লৈ সেই পানী উতলোৱা হয়৷ পানীভাগ ভাপ হৈ উৰি গ’লে বাচনটোৰ তলিত যি গেদ পৰে, সেয়ে লোণ৷ অসমৰ সাধাৰণ শ্ৰেণীৰ লোকসকলে এনেকৈ প্ৰস্তুত কৰা লোণহে খাবলৈ পাইছিল৷[3] লোণ পানীৰ পৰা উৎপাদিত লোণৰো বেলেগ বেলেগ প্ৰকাৰ আছিল৷ যেনে, ফলীয়া লোণ, চিকণ লোণ, মঝালি লোণ, গোটা লোণ, খা লোণ বা খাৰ লোণ ইত্যাদি৷ এফলীয়া বাঁহৰ পাবত পানী উতলাই কৰা লোণক ফলীয়া লোণ, মঝালি লোণ হ’ল সাগৰীয় পানীৰ লোণ, গোটা বাঁহৰ চুঙাত প্ৰস্তুত কৰা লোণ গোটা লোণ আৰু লোণ পানী চেকি লৈ অতি পৰিষ্কাৰকৈ প্ৰস্তুত কৰা লোণক চিকণ লোণ বোলা হৈছিল৷[1]

লোণৰ ব্যৱসায়[সম্পাদনা কৰক]

অসমত লোণৰ বাহিৰে আন বস্তুৰ অভাৱ নাছিল৷ সেয়ে, অসম আৰু বংগদেশৰ মাজৰ বাণিজ্যত লোণে প্ৰধান স্থান অধিকাৰ কৰিছিল৷[4] অতীজৰ অসমৰ ভৈয়ামত যিহেতু লোণৰ উৎপাদন নহৈছিল, আৰু সাগৰীয় লোণৰ আমদানিও এটা সময়ত বন্ধ হৈছিল, সেয়ে অসমৰ মানুহ স্থানীয়ভাৱে উৎপাদিত লোণৰ ওপৰত ভাৰসা কৰিবলগীয়া হৈছিল৷ সেয়ে, পাহাৰীয়া জনজাতিৰ লোকসকলৰ পৰা লোণৰ সলনি বিনিময় প্ৰথাৰ জৰিয়তে আন বস্তুৰ ক্ৰয়-বিক্ৰয় কৰিছিল৷[1] লোণেই আছিল সৰ্বাধিক চাহিদাৰ সামগ্ৰী৷ তদুপৰি আহোম শাসনকালত অসমৰ বাহিৰৰ পৰাও লোণ আমদানি কৰা হৈছিল৷ পেম্বাৰটন চাহাবে লিখা টোকামতে, কমলেশ্বৰ সিংহৰ দিনত শদিয়াৰ লোণ পুঙৰ পৰাই বছৰেকত ৪০,০০০ টকাৰ লোণ পোৱা গৈছিল আৰু এইবোৰ বিদেশৰ পৰা আমদানিকৃত লোণতকৈ উচ্চমানৰ আছিল৷ সেই সময়ত বিদেশৰ পৰা প্ৰায় এক লাখ মোন লোণ আমদানি কৰিছিল৷[3] নক্টেসকলৰ পৰা লোণ পুং অধিকাৰ কৰি চুহুংমুং ৰজাই ৰজাঘৰৰ বাবে প্ৰয়োজনীয় লোণখিনি ৰাখি উৎপাদিত বাকী অংশ লোণ বিক্ৰীকৰৰ বিনিময়ত নক্টেসকলক হাটত বিক্ৰী কৰিবলৈ অনুমতি দিছিল৷ নক্টেসকলৰপৰা অধিকাৰ কৰা লোণ পুংবোৰত আহোম ৰজাই উচ্চ হাৰত কৰ বহুৱাইছিল৷ [1] ১৮২৪-২৫ খৃঃমানত মানৰ অসম আক্ৰমণৰ সময়ত ২৫০০০ মোন লোণ আমদানি কৰা হৈছিল৷[4] আন কথাত আহোম শাসনৰ এটা যুগৰ অৰ্থনীতিত লোণে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল৷ আনফালে, গোৱালপাৰামোগল শাসনৰ যুগত ভাৰতীয় আৰু ইউৰোপীয় ব্যৱসায়ীয়ে আহোম ৰজাৰ লগত লোণৰ এক বৃহৎ ব্যৱসায় গঢ়ি তুলিছিল৷ বংগ নবাবসকলে লোণৰ ব্যৱসায় নিলাম কৰি উচ্চহাৰত ডাক দিয়াজনক গতাই দিছিল আৰু এইদৰে শাসকপক্ষই লোণৰ পৰাই অধিক ধন সংগ্ৰহ কৰিছিল৷ পিছলৈ এই ব্যৱসায় ইংৰাজৰ হাতলৈ যায়৷[1] ইংৰাজে অসম দেশ অধিকাৰ কৰাৰ পিছত আহোম ৰজাই নক্টেসকলৰ ওপৰত লগোৱা কৰ উঠাই দি তাৰ পৰিৱৰ্তে লোণ লোৱাৰ ব্যৱস্থা কৰিছিল৷ মাহেকত তেওঁলোকে ৬৫২ মোন, ৩৮ সেৰ, ১১ ছটাক পৰ্বতীয়া লোণ পাইছিল আৰু ইয়াৰ পৰা কোম্পানী চৰকাৰৰ প্ৰচুৰ অৰ্থলাভ হৈছিল৷ চুবুৰীয়া দেশ ভূটানৰ লগত ব্যৱসায়-বণিজতো লোণৰ ভূমিকা আছিল বেছি৷ ভূটীয়াসকলে তেওঁলোকৰ বস্তুৰ সলনি আন বস্তুৰ লগতে লোণক মুখ্যস্থান দিছিল৷ তিব্বতী আৰু মনপাসকলৰ মাজৰ বিনিময় ব্যৱসায়তো লোণ আৰু সৈন্ধৱ লোণে ঠাই পাইছিল৷ [2]

লোণ-সম্পৰ্কীয় যুঁজ-বাগৰ[সম্পাদনা কৰক]

পাটকাই পাহাৰ অঞ্চলত আদিৰে পৰা বাস কৰা জনজাতীয় লোকসকলেই যিহেতু লোণ পুংবোৰৰ লোণ উৎপাদক আছিল, সেয়ে বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি লোণ পুংসমূহ নিজাববীয়াকৈ পাবলৈ ক্ষমতাশীলসকলৰ মাজত যুঁজ-বাগৰ হৈছিল৷ চুটীয়া ৰণৰ পিছত চুটীয়াসকলক একত্ৰিত হ’ব নোৱৰাকৈ ৰজা চুহুংমুঙে তেওঁলোকক ৰাজ্যৰ চাৰিওফালে সিঁচৰতিকৈ বসতি কৰিবলৈ আদেশ দিছিল৷ চুটীয়াসকল বিতাৰিত হোৱাৰ পিছত মহং অঞ্চলৰ খামজাং, বৰকলা, তাবলুং আদি ঠাইৰ লোণপুংবোৰ নগালোকে অধিকাৰ কৰাত ৰজা চুহুংমুঙে নগাসকলৰ লগত ৰণ কৰি মহঙৰ লোণ পুং অধিকাৰ কৰিছিল৷[5] ১৯৩৫ চনত নগাসকলক হৰুৱাই মহঙৰ লোণ পুং অধিকাৰ কৰাৰ পিছত ১৯৩৬ চনত ৰাজকোঁৱৰ চুক্লেন আৰু চেংলুঙে টাবলুঙীয়া, জাকতুং আৰু নামচঙীয়া নগাৰ ৰণ কৰি হৰুৱায়৷ গদাধৰ সিংহৰ দিনত ১৬৮১-৯৬ খৃঃত নামচঙীয়া নগাই লোণ পুঙত অসমীয়া মানুহ কাটি উপদ্ৰৱ কৰাত আহোম ৰজাই তাঞ্চেং আৰু লালিং ফুকনক পঠিয়াই সেইসকলক বশ কৰে৷[4] ১৬৯০ আৰু ১৬৯২ খৃঃত নক্টেসকলে দুবাৰকৈ আহোমে অধিকাৰ কৰা লোণ পুং দখল কৰিবলৈ চেষ্টা কৰি উপদ্ৰৱ কৰাত গদাধৰ সিংহই সৈন্য পঠিয়াই নক্টেসকলক দমন কৰিছিল আৰু খুনবাওক হত্যা কৰিছিল৷ পুৰন্দৰ সিংহৰ দিনত লোণপুৰীয়াসকল ছেদেলিভেদেলি হৈ পৰাত বলপুৰ্বকভাৱে নক্টেসকলক লোণ উৎপাদনৰ কামত লগোৱা হৈছিল৷ এই কামৰ তদাৰকীৰ দায়িত্ব দিছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱাক৷[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 শইকীয়া, ড° ৰক্তিম ৰঞ্জন (২০২২). প্ৰাক ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস. অসম পাব্লিচিং কোম্পানী. ISBN 978-93-92305-41-2. 
  2. 2.0 2.1 ভট্টাচাৰ্য, ড° প্ৰমোদ চন্দ্ৰ (১৯৬২). অসমৰ জনজাতি. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২৪৩. 
  3. 3.0 3.1 3.2 বৰবৰুৱা, হিতেশ্বৰ (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৫১৩. ISBN 978-93-84733=87-2. 
  4. 4.0 4.1 4.2 ৰাজকুমাৰ, সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ২০৭. ISBN 81-7339-308-7. 
  5. গোহাঞিবৰুৱা, পদ্মনাথ (২০১৭). অসমৰ বুৰঞ্জী. এ বি টি পাব্লিকেছনচ্. পৃষ্ঠা. ৬৭.