অসীম

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
The lemniscate, ∞, অসীমৰ বিভিন্ন চিত্ৰ

গণিতত অসীম (ইংৰাজী: Infinity) শব্দটো প্ৰধানত দুটি অৰ্থত ব্যৱহাৰ কৰা হয়:-

[সম্পাদনা কৰক] অসীম সীমা (\infty)

কলনবিদ্যাত (Calculus) অসীমৰ চিহ্ন হ’ল \infty (গ্ৰীক আখৰ আলফা \alpha বা সমানুপাতিকতা চিহ্নও \propto হয়)।

এই অৰ্থ চিহ্নটোৰ কোন বেলেগ গাণিতিক সত্তা বা অৰ্থ নাই - চিহ্নটি তাৰ ব্যৱহাৰিক উপযোগীতাৰ বাবে মাত্ৰ চিহ্ন হিচাপেই আছে। অৰ্থাৎ যেতিয়াই এই চিহ্নটোৰ কিবা ব্যৱহাৰ দেখা যায়, তেতিয়াই বুজিব লাগিব যে চিহ্নটোৱে এক সীমা (Limit) সংক্ৰান্তীয় বাক্যৰ নিৰ্দেশ কৰিছে। যেনে: \lim_{x \to \infty} \frac{1}{x} = 0 ইয়াৰ অৰ্থ হৈছে যে কোনো \delta > 0 ৰ বাবে কেৱল এটি সংখ্যা M আছে যেনেকৈ সকলোৰে বাবে x > M ৰ বাবে |\frac{1}{x} - 0| < \delta হয়। আৰু এক উদাহৰণ :\lim_{x \to \infty} x^2 = \infty

ইয়াৰ বুজোৱা হৈছে যে \infty এক সংখ্যা হিচাপে ভাবা সম্পূৰ্ণ ভুল। যেনে কেতিয়াবা কেতিয়াবা লিখা হয়: \frac{1}{0} = \infty ( ভুল! ) ওপৰৰ এই সমীকৰনটো ভুল আৰু সম্পূৰ্ণ অৰ্থহীন!

[সম্পাদনা কৰক] অসীম সংখ্যা

চিত্ৰখন জন ৱালিছৰ, যিজনে অসীম চিহ্নটোক গণিতত প্ৰথম পৰিচয় কৰাই দিছিল

আমি জানো যে স্বাভাবিক সংখ্যাবোৰৰ নাজত কোনো বৃহত্তম সংখ্যা নাই, অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ যি শাৰী:- ০, ১, ২, ৩, ৪, ৫, ৬, . . . তাৰ কোনো শেষ নাই। এই সংখ্যাবোৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ হয় গণনাত কাৰ্য্যত। যিকোনো সসীম সমষ্টিৰ পৰিমাপ কৰা হয় স্বাভাবিক সংখ্যাবোৰৰ দ্বাৰা।

উনবিংশ শতাব্দীত গেয়ৰ্গ কান্টৰ (Georg Cantor) অসীম সংখ্যা আৱিষ্কাৰ কৰে - যিবোৰৰ স্বাভাবিক সংখ্যাবোৰৰ দৰেই গাণিতিক সত্তা আছে। ক্যান্টৰৰ সংখ্যাবোৰৰ দ্বাৰা অসীম সমষ্টিৰ পৰিমাপ কৰা হয়। ইয়াৰ মাজত সবাতোকৈ সৰু অসীম সংখ্যাটো হ’ল: \aleph_0

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত