আইফেল টাৱাৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


[সম্পাদনা কৰক] আইফেল টাৱাৰ

আইফেল টাৱাৰ

আলেকজেণ্ডাৰ গুষ্টাভ আইফেল নামৰ স্থাপত্যবিদ এজনে পেৰিছৰ এই বিখ্যাত টাৱাৰৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল । ৩২৪ মিটাৰ ওখ টাৱাৰটো নিৰ্মাণৰ বাবে ৯৪৪১ টন ওজনৰ ১৮০৩৮ টুকুৰা উতকৃষ্ট মানৰ লোৰ টুকুৰা ব্যবহাৰ কৰা হৈছিল আৰু ১৮৮৭ চনৰ ২৬ জানুৱাৰীৰ পৰা নিৰ্মাণ আৰম্ভ হোৱা এই সুউচ্চ টাৱাৰটো ২ বছৰ ২ মাহ আৰু ৫ দিনৰ কষ্টসাধ্য শ্ৰমৰ বিনিময়ত, ১৮৮৯ চনৰ ৩১ মাৰ্চ তাৰিখে নিৰ্মাণ কাৰ্য সম্পন্ন হয় । এশ বৰ্গ মিটাৰ কালি আৱৰি থকা ‘আইফেল টাৱাৰ’ক প্ৰতি সাত বছৰৰ মূৰত এবাৰ ৰং বুলোৱা হয় । টাৱাৰটো ভ্ৰমণকাৰীৰ বাবে মুকলি কৰাৰ দিন ধৰি বৰ্তমানলৈকে প্ৰায় ২০ কোটি লোকে ইয়াক দৰ্শন কৰিছে ।

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত